ETV Bharat / state

Ek Asom Yatra: ধুবুৰীৰ নেতাই ধুবুনী ঘাটৰ পৰা আৰম্ভ এজেপিৰ ‘এক অসম যাত্ৰা’

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 5:41 PM IST

ঐতিহাসিক নেতাই ধুবুনী ঘাটৰ পৰা এক অসম যাত্ৰা আৰম্ভ কৰিলে অসম জাতীয় পৰিষদে ৷ বিজেপি চৰকাৰৰ বিভাজনমূলক নীতি, সম্প্ৰদায়িকতাৰ বিৰুদ্ধে এজেপিৰ এই যাত্ৰা বুলি কৈ জনতাৰ মাজলৈ ঐক্য আৰু সমন্বয়ৰ বাৰ্তা লৈ আগুৱাই যাব বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷

AJP Holds Ek Asom Yatra
নেতাই ধুবুনী ঘাটৰ পৰা এক অসম যাত্ৰা আৰম্ভ

আৰম্ভ হ’ল এজেপিৰ এক অসম যাত্ৰা

ধুবুৰী, 21 ছেপ্টেম্বৰ: বিজেপি চৰকাৰৰ বিভাজনমূলক নীতি আৰু সম্প্ৰদায়িকতাৰ বিৰুদ্ধে সমন্বয়ৰ বাৰ্তা লৈ ৰাইজৰ মাজত জনমত গঠনৰ উদ্দেশ্যে ধুবুৰীৰ ঐতিহাসিক নেতাই ধুবুনী ঘাটৰ পৰা এক অসম যাত্ৰা আৰম্ভ কৰিলে অসম জাতীয় পৰিষদে ৷ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত দলটোৰ বহু কৰ্মকৰ্তা তথা সদস্যই এই যাত্ৰাত অংশগ্ৰহণ কৰিছে ৷ কোচবিহাৰৰ মধুপুৰ সত্ৰত উপস্থিত হৈ গুৰুজনাক সেৱা জনায় অসম জাতীয় পৰিষদে ঐতিহাসিক ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰিলে এক অসম যাত্ৰা ৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে সম্প্ৰদায়িকতা আৰু বিভাজনৰ ৰাজনীতিৰ অভিযোগ তুলি বিভাজন আৰু সম্প্ৰদায়িকতাক মষিমূৰ কৰি একতা আৰু সমন্বয়ৰ বাণী লৈ এই যাত্ৰা কৰা বুলি উল্লেখ কৰিছে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই ৷ বৃহস্পতিবাৰে গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰত প্ৰথমে সেৱা জনায় দলটো উপস্থিত হয় ধুবুৰীৰ নেতাই ধুবুনী ঘাটত ৷ বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি পাঁচ পীৰ দৰগাহত সেৱা জনায় দলটোৰ নেতৃত্বই ৷

ইয়াৰ পিছে ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি, শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তি আৰু জননেতা শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদে আৰম্ভ কৰে এক অসম যাত্ৰা ৷

উল্লেখ্য যে, অজাপৰ এই কাৰ্যসূচীয়ে ৰাজনৈতিক মহলত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ তেনে সময়তে যাত্ৰা পথত বিজেপি চৰকাৰৰ বিভাজনমূলক নীতি, সম্প্ৰদায়িকতাৰ বিৰুদ্ধে এজেপিৰ এই যাত্ৰা বুলি কৈ জনতাৰ মাজলৈ ঐক্য আৰু সমন্বয়ৰ বাৰ্তা লৈ আগুৱাই যাব বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷ লগতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ মূল্যবৃদ্ধি, ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে জনতাক প্ৰতিবাদমুখৰ কৰি তোলাৰ উদ্দেশ্যে এজেপিৰ এই যাত্ৰা বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷

আনহাতে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উঠা ভূমি কেলেংকাৰী আৰু ৰাজসাহায্য বিতৰ্ক, চৰকাৰে এঘাৰ সহস্ৰাধিক চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ যি পৰিকল্পনা তাৰ বিৰুদ্ধেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰক তীব্র সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে ৷

প্ৰথম দিনা পাঁচ শতাধিক সমৰ্থকক লগত লৈ ধুবুৰী চহৰৰ মাজেদি খোজকাঢ়ি গৈ গৌৰীপুৰ লৈ যাত্ৰা কৰে দলটোৱে ৷ ইয়াৰ পাছত বিলাসীপাৰাত উপস্থিত হয় এক অসম যাত্ৰা ৷ কাইলৈ কোকৰাঝাৰৰ পৰা দ্বিতীয় দিনাৰ যাত্ৰা আৰম্ভ হব ৷ প্ৰথম পৰ্যায়ত মুঠ প্ৰায় ৪৫ দিনীয়া কাৰ্যসূচী লৈছে অসম জাতীয় পৰিষদে ৷

লগতে পঢ়ক : BJP Slams Lurinjyoti Gogoi: অজাপৰ এক অসম যাত্ৰাক হাস্যকৰ আখ্যা বিজেপি নেতা লক্ষ্য কোঁৱৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.