ETV Bharat / state

DAC poll 2022: 79.99 শতাংশ ভোট দানেৰে অন্ত পৰিল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

author img

By

Published : Nov 8, 2022, 9:08 PM IST

DAC poll 2022
DAC poll 2022

দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ ৰাজ্যৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথসহ মুঠ আঠ খন জিলাত বৃস্তিত হৈ আছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ 22 টা পৰিষদীয় সমষ্টি ৷ অহা 10 নৱেম্বৰত হ’ব ভোট গণনা (DAC vote counting date) ৷

নিউজ ডেস্ক, 8 নৱেম্বৰ: সমাপ্ত হ’ল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (DAC poll 2022) ৷ দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে শান্তিপূৰ্ণ আছিল এই নিৰ্বাচন ৷ মুঠ 22 টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হয় এই নিৰ্বাচন (Total constituency of DAC) ৷ ৰাজ্যৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথসহ মুঠ আঠ খন জিলাত বৃস্তিত হৈ আছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ 22 টা পৰিষদীয় সমষ্টি ৷ অহা 10 নৱেম্বৰত হ’ব ভোট গণনা (DAC vote counting date) ৷

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় সমষ্টি কেইটা হৈছে, শদিয়া, কুণ্ডিল, মাৰ্ঘেৰিটা, ডিব্ৰুগড়, টেঙাপানী, কটিয়ৰি, ৰজাবাৰী, যোৰহাট, মাজুলী, চিচিবৰগাঁও, শ্ৰীপানী, জোনাই, বৰদলনি, গোগামুখ, বৰদেউৰী, বাঁহগড়া, কাচিকাটা, পিচলা, কিনাপথাৰ, বঙালমৰা, গাভৰু টুনিজান আৰু গহপুৰ ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ শাসক আৰু বিৰোধী উভয় দলে ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ চলায় দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত অঞ্চল সমূহত (DAC election campaign)৷

ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ অন্তত মঙলবাৰে অনুষ্ঠিত হয় 22 টা সমষ্টিতে ভোট গ্ৰহণ ৷ 22 টা পৰিষদীয় সমষ্টিত মুঠ 75 গৰাকী বিভিন্ন দলৰ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷ মুঠ 79.99 শতাংশ ভোট দানেৰে অন্ত পৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া (Total voting percentage in DAC election)৷

DAC poll 2022
79.99 শতাংশ ভোট দানেৰে অন্ত পৰিল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

22 নং গহপুৰ পাৰিষদীয় সমষ্টিত তিনিটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয় । শান্তিপুৰ মধ্য ইংৰাজী বিদ্যালয়, ধৰমপুৰ মাজলাইন প্ৰাথমিক বিদ্যালয়, ৪নং বালিজান প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া । শান্তিপূৰ্ণভাৱেই ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰে । 2073 টা ভোট থকা এই সমষ্টিটোত 1522 জনে ভোটাধিকাৰ সাব্যস্ত কৰে । 73.45 শতাংশ ভোটদান হয় 22 নং গহপুৰ পাৰিষদীয় সমষ্টিত ।

জোনাইত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটদান প্ৰক্ৰিয়াত 12 নং জোনাই পাৰিষদীয় সমষ্টিত 83.26 শতাংশ ভোটাধিকাৰ সাব্যস্ত । সমষ্টিটোৰ ৫ টা ভোটকেন্দ্ৰত সুচাৰূপে ভোটদান প্ৰক্ৰিয়া সম্পন্ন (DAC election 2022) ।

ধেমাজিৰ চাৰিওটা সমষ্টিতে ভোটগ্ৰহণ প্ৰক্ৰিয়া আছিল শান্তিপূৰ্ণ ৷ চিচিবৰগাঁও পৰিষদীয় সমষ্টিত 79.38 শতাংশ, শ্ৰীপানীত 75.06 শতাংশ, বৰদলনিত 81.01 শতাংশ আৰু গোগামুখত 83.09 শতাংশ ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ ৷ মুঠ ভোটদানৰ হাৰ হৈছে 79.28 শতাংশ ৷

লখিমপুৰ জিলাত থকা পৰিষদখনৰ 7 টা সমষ্টিত 77.15 শতাংশ ভোটদান হয় । 15 নং বৰদেউৰী সমষ্টিত 76.86 শতাংশ, 16 নং বাহগড়া সমষ্টিত 65.72 শতাংশ, 17 নং কাচিকটা সমষ্টিত 89.54 শতাংশ, 18 নং পিচলা সমষ্টিত 83.32 শতাংশ, 19 নং কিনাপথাৰ সমষ্টিত 76.02 শতাংশ, 20 নং বঙালমৰা সমষ্টিত 87.38 শতাংশ আৰু 21 নং গাভৰু টুনিজান সমষ্টিত 87.89 শতাংশ ভোটদান হয় । মুঠ 12,457 জন ভোটাৰৰ 77.15 শতাংশ ভোটাৰে ভোটদান কৰে লখিমপুৰত ।

শিৱসাগৰৰ টেঙাপানী পৰিষদীয় সমষ্টিত 83.26 শতাংশ, কটিয়ৰি পৰিষদীয় সমষ্টিত 80.57 শতাংশ আৰু ৰজাবাৰী পৰিষদীয় সমষ্টিত 76.64 শতাংশ ভোটদান সম্পন্ন হয় ৷ তিনিওটা সমষ্টিত মুঠ ভোটদানৰ হাৰ 80.17 শতাংশ ৷

তিনিচুকীয়া জিলাৰ মুঠ তিনিটা দেউৰী স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টিত 72.75 শতাংশ ভোটদান সম্পন্ন হয় ৷ জিলাখনৰ শদিয়া সমষ্টিত 78.8 শতাংশ, কুণ্ডিল সমষ্টিত 58.58 শতাংশ আৰু মাৰ্ঘেৰিটা সমষ্টিত 80.87 শতাংশ ভোট দান সম্পন্ন হয় ৷

একেদৰে ডিব্ৰুগড় জিলাত মুঠ ভোটদানৰ হাৰ আছিল 81.41 শতাংশ ৷ মাজুলী পৰিষদীয় সমষ্টিত মুঠ ভোটদানৰ হাৰ আছিল 85.30 শতাংশ ৷

উত্তৰ পশ্চিম যোৰহাটৰ 8 নং দেউৰীৰ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদীয় সমষ্টিৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হয় । নামদেউৰী আৰু ওপৰদেউৰীৰ দুখন বৃহৎ গাঁৱক লৈ গঠিত 8 নং সমষ্টিত মিত্ৰজোটৰ প্ৰাৰ্থীৰ কেনেডী দেউৰী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী কেশৱ দেউৰীৰ মাজত মূল যুঁজখন অনুষ্ঠিত হয় ৷ মুঠ 89.71 শতাংশ ভোটদান হয় পৰিষদীয় সমষ্টিটোত ৷

উল্লেখ্য যে, দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে শান্তিপূৰ্ণ আছিল আজিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ লখিমপুৰত এটা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ৰাইজে হুদুখেদা দিয়ে বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাক ৷ নাৰায়ণপুৰৰ 19 নং কিনাপথাৰ সমষ্টিত উপস্থিত হোৱা বিধায়কগৰাকীৰ বিৰুদ্ধে ধন বিতৰণৰ অভিযোগ উত্থাপন কৰি একাংশ মহিলা চোঁচা লয় বিধায়কগৰাকীৰ বাহনলৈ (Allegation against MLA Amiya Bhuyan)৷ ইয়াৰ পাছতে উক্তস্থান ত্যাগ কৰে বিধায়কগৰাকীয়ে ৷

বিহপুৰীয়াৰ 19 নং পিছলা সমষ্টিৰ বীনাপাণি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ কেন্দ্ৰতো সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ভোটদান প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ উত্থাপন কৰে ভোটাৰে ৷ বিজেপিৰ হৈ প্ৰিজাইডিং অফিচাৰে কাম কৰাৰ অভিযোগ ৷ পুনৰ নতুনকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ উত্তেজিত ৰাইজে দাবী তোলে ৷

লগতে পঢ়ক: DAC poll 2022: নাৰায়ণপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.