ETV Bharat / state

কেতিয়া কাৰামুক্ত হ’ব অখিল গগৈ !

author img

By

Published : Aug 24, 2020, 5:24 AM IST

Akhil Gogoi
Akhil Gogoi

ধেমাজি জামগুৰি পাঁচ আলিত দানপাত্ৰ লৈ ঘৰে ঘৰে অৰ্থ সাহায্য বিচাৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পুৰুষ আৰু মহিলা কৰ্মীয়ে ৷ অখিল গগৈৰ আইনী যুজঁৰ বাবে এইদৰে অৰ্থ সাহায্য সংগ্ৰহ সংগঠনটোৰ ৷

ধেমাজি , ২৩ আগষ্ট : অখিল গগৈৰ আইনী যুজঁৰ বাবে দানপাত্ৰ লৈ ঘৰে ঘৰে অৰ্থ সংগ্ৰহ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ কৰ্মীসকলে ৷ দেওবাৰে ধেমাজি জামগুৰি পাঁচ আলিত সংগঠনটোৰ পুৰুষ আৰু মহিলা কৰ্মী সকলে দানপাত্ৰ লৈ ঘৰে ঘৰে গৈ অৰ্থ সাহায্য বিচাৰে ৷ জিলা সমিতি কৰ্মী সকলে চৰকাৰক কাতৰ আহ্বান জনায় অতি শীঘ্ৰে যাতে কৃষক নেতাগৰাকীক মুকলি কৰি দিয়ে ৷

ইপিনে জিলা সমিতিৰ সহকাৰী সম্পাদক গৰাকীয়ে কয় যে, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যোৱা ৮ মাহে উদ্দেশ্য প্ৰণোদিতভাৱে কৰাগাৰাত আৱদ্ধ কৰি ৰাখিছে কৃষক নেতাগৰাকীক ৷ সেয়ে অখিল গগৈক মুক্তিৰ বাবে এনেদৰে ঘৰে ঘৰে গৈ সহায্য ভিক্ষা অভিযান আৰম্ভ কৰিছে আৰু এইক্ষেত্ৰত সকলোকে সহায় সহযোগ আগবঢ়াবলৈ কাতৰেৰে আহ্বান জনাইছে ৷

Akhil Gogoi
অখিল গগৈৰ আইনী যুজঁৰ বাবে অৰ্থ সাহায্য সংগ্ৰহ

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক নেতৃত্ব দিয়াৰ অভিযোগত অখিল গগৈসহ ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত NIAৰ আদালতত বিচাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয় চাৰিওগৰাকীকে ৷ ইয়াৰে ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰে প্ৰায় সাত মাহ পাচত জামিন লাভ কৰিছে যদিও বৰ্তমানেও কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ ৷

শাৰীৰিক অসুস্থতা আৰু কৰ’ণা ত্ৰাসৰ বাবে কৃষক নেতা গৰাকীক জামিন দিবলৈ বিভিন্ন পক্ষই অনুৰোধ জনাইছিল যদিও ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰা অখিল গগৈক মুকলি কৰি দিব খোজা নাই চৰকাৰ পক্ষই ৷ এটাৰ পাচত এটাকৈ বহুকেইটা গোচৰ ৰুজু কৰা হৈছে অখিল গগৈৰ ওপৰত ৷ বহুতেই মত প্ৰকাশ কৰিছে যে, আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ পাচতহে চৰকাৰে মুকলি কৰি দিব নেতাগৰাকীক ৷

কেতিয়া কাৰামুক্ত হ’ব অখিল গগৈ !

আনহাতে, কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰোৱাৰ বাবে অখিল গগৈৰ সহযোগীসকলে আৰম্ভ কৰিছে কুচকাৱাজ ৷ ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কোদি শইকীয়াই সংবাদ মেল যোগে ঘোষণা কৰিছে যে, আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈৰ লগতে বহু কেইজন কৃষক মুক্তিৰ নেতাই ৷ কাৰাগাৰৰ পৰা ওলাই ইতিমধ্যে দলৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ স্বাৰ্থত অসম বিভিন্ন ঠাই ভ্ৰমণ কৰি দলীয় সতীৰ্থৰ লগতে সাধাৰণ ৰাইজক সাক্ষাৎ কৰিছে সংগঠনটোৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে ৷ গতিকে এতিয়া কৃষক মুক্তিৰ নেতা-সদস্য সকলৰ অপেক্ষা মাথোঁ সংগঠনটোৰ উপদেষ্টা অখিল গগৈ কাৰাগাৰৰ পৰা মুকলি হৈ অহালৈ ৷

লগতে পঢ়ক : বিজেপি দলৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ : তৰুণ গগৈ




ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.