ETV Bharat / city

বিজেপি দলৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ : তৰুণ গগৈ

author img

By

Published : Aug 23, 2020, 5:15 PM IST

Updated : Aug 23, 2020, 5:26 PM IST

আগন্তুক বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা মুখ্যমন্ত্ৰীৰ পদৰ বাবে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

ৰঞ্জন গগৈ
ৰঞ্জন গগৈ

নেশ্যনেল ডেস্ক, 23 আগষ্ট: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তৰুণ গগৈয়ে শনিবাৰে উল্লেখ কৰে যে, ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ হয়তো আগন্তুক বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা মুখ্যমন্ত্ৰীৰ পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াব ৷

"মই মোৰ বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে, বিজেপি দলে তেওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ তালিকাত ৰঞ্জন গগৈৰ নাম সন্নিবিষ্ট কৰিছে ৷ মোৰ সন্দেহ ৰঞ্জন গগৈয়ে হয়তো নিৰ্বাচনত বিজেপি দলৰ পৰা মুখ্যমন্ত্ৰীৰ পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াব ৷"

ইয়াৰোপৰি তেওঁ কয়, যদি প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকী ৰাজ্যসভাত যাব পাৰে তেন্তে তেওঁ সমাগত নিৰ্বাচনত বিজেপি দলৰ পৰা মুখ্যমন্ত্ৰীৰ পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বাবেও সহমত প্ৰদান কৰিব পাৰে ৷

"এইবোৰ সকলো ৰাজনীতি ৷ বিজেপি দল ৰঞ্জন গগৈক লৈ বাৰুকৈয়ে সুখী, তেওঁ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ শুনানি ঘোষণা কৰাৰ পাচৰে পৰাই ৷ তাৰ পাচতে তেওঁৱো ক্ৰমান্বয়ে খোজ পেলায় ৰাজনীতিৰ পথাৰলৈ ৰাজ্যসভাৰ মনোনয়নৰ প্ৰতি সঁহাৰি জনাই ৷ তেওঁ কিয় ৰাজ্যসভাৰ সদস্য হোৱাটো নাকচ নকৰিলে ? তেওঁ সহজতে মানৱ অধিকাৰ আয়োগ বা তেনে অন্য কোনো আয়োগৰ অধ্যক্ষ হ'ব পাৰিলেহেতেন ৷ তেওঁৰো আছে ৰাজনৈতিক উচ্চাকাংক্ষা ৷ সেই বাবেই তেওঁ মনোনয়ন গ্ৰহণ কৰে" বুলি তৰুণ গগৈয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক: ৰাফেল ক্ৰয়ৰ সময়ত ভাৰতৰ ৰাজকোষৰ পৰা ধন চুৰি হৈছিল: ৰাহুল গান্ধী

Last Updated :Aug 23, 2020, 5:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.