ETV Bharat / state

সেৱা পষেক উপলক্ষে জোনাইত বৃক্ষৰোপণ কাৰ্যসূচী

author img

By

Published : Sep 24, 2022, 6:13 PM IST

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিয়ে পালন কৰিছে সেৱা পষেক (Sewa Pakhwada in India)। সেৱা পষেকৰ লগত সংগতি ৰাখি জোনাইত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৱে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত ।

Jonai
সেৱা পষেক উপলক্ষে জোনাইত বৃক্ষৰোপণ কাৰ্যসূচী

জোনাই, ২৪ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি বিজেপিয়ে অব্যাহত ৰাখিছে সেৱা পষেক কাৰ্যসূচী (BJP celebrates Sewa Pakhwada)। ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ এই সেৱা পষেক পালন কৰিব বিজেপিয়ে । এই সেৱা পষেকৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ, ৰক্তদান শিবিৰ, স্বাস্থ্য পৰীক্ষা শিবিৰ আদিৰো আয়োজন কৰা হৈছে ।

অসমৰো বিভিন্ন প্ৰান্তত বিজেপিয়ে বহু কাৰ্যসূচী ৰূপায়ণ কৰিছে । তাৰ অংশস্বৰূপে শুকুৰবাৰে বিজেপিয়ে ধেমাজি জিলাৰ জোনাইত এক বৃক্ষৰোপণ কাৰ্যসূচীৰ আয়োজন কৰে (Tree plantation program in Jonai)। য'ত অংশগ্ৰহণ কৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা তথা জোনাইৰ বিধায়ক ভূৱন পেগুৱে ।

সেৱা পষেক উপলক্ষে জোনাইত বৃক্ষৰোপণ কাৰ্যসূচী

'সেৱা পষেক'ৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰে সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুৱে (Pradan Baruah at tree plantation program)। গছপুলি ৰোপণ কৰাৰ লগতে সেইবোৰৰ সুৰক্ষাৰ প্ৰতি নজৰ ৰাখি প্ৰয়োজনীয় যতন ল'বলৈও বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায় সাংসদ আৰু বিধায়কগৰাকীয়ে ৷

অসমৰ ছয় জনগোষ্ঠী জনজাতিকৰণ সন্দৰ্ভত চলি থকা প্ৰতিবাদৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে জনজাতিকৰণ সন্দৰ্ভত কেবিনেটত সকলো বিৰোধী দলৰ সৈতে উমৈহতীয়া সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ উপৰিও অসম আৰু অৰুণাচলৰ মাজত চলি থকা ভূমি বিবাদ সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে এই সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনা অব্যাহত ৰাখিছে । এই সমস্যা অতি শীঘ্ৰে সমাধান হ'ব বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত আৰম্ভ হ’ল চিন্তন শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.