ETV Bharat / state

NPS Employee Protest in Jonai: নতুন পেঞ্চন নীতি বাতিলৰ দাবীৰে জোনাইত শিক্ষকৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 7:20 AM IST

NPS Employee Protest in Jonai
নতুন পেঞ্চন নীতি বাতিলৰ দাবীৰে জোনাইত শিক্ষকৰ প্ৰতিবাদ

পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত শিক্ষকৰ প্ৰতিবাদ ৷ 5 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে হৈছে ‘‘ভাৰত যাত্ৰা’’ কাৰ্যসূচী ৷ বুধবাৰে বিয়লি ধেমাজিতো প্ৰতিবাদ নতুন পেঞ্চন নীতিৰ অধীনৰ শিক্ষকসকলৰ ৷

নতুন পেঞ্চন নীতি বাতিলৰ দাবীৰে জোনাইত শিক্ষকৰ প্ৰতিবাদ

জোনাই, 7 ছেপ্টেম্বৰ : অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ উদ্যোগত আৰু বিভিন্ন কৰ্মচাৰীৰ সহযোগত 5 ছেপ্টেম্বৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে ‘‘ভাৰত যাত্ৰা’’ কাৰ্যসূচী । পুৰণি পেঞ্চন নীতি বাহাল ৰখা আৰু ঠিকা ভিত্তিক শিক্ষকক নিয়মীয়া কৰাৰ দাবীত ৰূপায়ন কৰা হৈছে ভাৰত যাত্ৰা কাৰ্যসূচী ৷

বুধবাৰে বিয়লি ধেমাজি জিলাৰ চিলাপথাৰ-বগীবিল দলঙ সংযোগী ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰে লখিমপুৰলৈকে উলিওৱা হয় এক বিশাল সমদল । উৎকট গৰমকো নেওচি শতাধিক নতুন পেঞ্চন নীতিৰ অধীনৰ শিক্ষকসকলে ভাগ লয় ‘‘ভাৰাত যাত্ৰা’’ কাৰ্যসূচীত ।

পুৰণি পেঞ্চন নীতি বাহাল ৰাখক, ঠিকা ভিত্তিত নিয়োজিত শিক্ষকৰ চাকৰী নিয়মীয়াকৰণ কৰক, শিক্ষক-কৰ্মচাৰীৰ ন্যাৰ্য প্ৰাপ্য আদায় দিয়ক আদি শ্লোগানৰে কঁপাই তোলে চিলাপথাৰ-বগীবিল দলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ । নতুন‌ পেঞ্চন নীতি নাকচ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখি কৰ্মচাৰীসকলৰ ভৱিষ্যত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায় প্ৰতিবাদী শিক্ষকসকলে ।

ইপিনে বিৰোধীৰ উচটনিত শিক্ষকসমাজে প্ৰতিবাদ কৰাৰ লগতে ৰাজনীতি কৰা অনুসূচিত বুলি মন্তব্য কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক উভতি ধৰি শিক্ষক সমাজে কয় যে, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী সম্পূৰ্ণ অৰাজনৈতিক সংস্থা ৷ কোনো বিৰোধীৰ উচটনিত প্ৰতিবাদ হোৱা নাই । নিজৰ নায্য প্ৰাপ্তিৰ বাবে এই আন্দোলন শিক্ষক সমাজে আৰম্ভ কৰিছে । বিধানসভা বা সংসদত যিহেতু নতুন পেঞ্চন নীতিৰ ক্ষেত্ৰত আইন প্ৰণয়ন বা বাতিল কৰিব পাৰে ৷ সেয়ে আমি অৰাজনৈতিক দল হৈ প্ৰতিবাদ কৰিছো ৷ সমগ্ৰ ভাৰততে প্ৰতিবাদ হৈছে ৷

আনহাতে, উক্ত দাবীসমূহ শীঘ্ৰেই পূৰণ নকৰিলে আন্দোলন অধিক ভংয়কৰ হ’ব বুলি প্ৰতিবাদী শিক্ষক সমাজে চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক:Protest in jonai: প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল অনা শিক্ষক কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.