ETV Bharat / state

Mising Olympics at Jonai: মিচিং অলিম্পিকৰ শীৰ্ষস্থানত মাজুলী

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 12:27 PM IST

Updated : Oct 28, 2023, 1:16 PM IST

Mising Olympics at Jonai
জোনাইত মিচিং অলিম্পিক

জোনাইত মিচিং অলিম্পিকৰ সফল সামৰণি ৷ অংশগ্ৰহণ কৰিলে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্য আৰু জোনাইৰ বিধায়ক ভূৱন পেগুৱে ৷ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে মাজুলী শীৰ্ষস্থানত, ধেমাজি দ্বিতীয় আৰু লখিমপুৰ তৃতীয় স্থানত আছে ৷ ২০২৪ চনৰ অক্টোবৰ মাহত চিলাপথাৰৰ চিচিটঙানীত দ্বিতীয় মিচিং অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা ৷

জোনাইত মিচিং অলিম্পিক

জোনাই, ২৮ অক্টোবৰ : জোনাইৰ পবা খেলপথাৰত অনুষ্ঠিত প্ৰথম মিচিং অলিম্পিকৰ শুকুৰবাৰে নিশা সফল সামৰণি পৰে । এখন সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ় দিয়াৰ লগতে মিচিং সমাজৰ পৰা একো একোজন সুদক্ষ খেলুৱৈ সৃষ্টি কৰাৰ মানসেৰে অনুষ্ঠিত কৰা হয় মিচিং অলিম্পিক ৷ মিচিং অধ্যুষিত গ্ৰাম্য অঞ্চলৰ পৰা সুপ্ত ক্ৰীড়া প্ৰতিভা সম্পন্ন যুৱক-যুৱতীসকলক ক্ৰীড়াৰ ক্ষেত্ৰতখনত আগবাঢ়ি যাব পৰাকৈ এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে মিচিং জাতীয় ছাত্ৰ সংগঠন TMPK য়ে ৷

বুধবাৰৰ পৰা শুভাৰম্ভ হোৱা মিচিং অলিম্পিকত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, হাই জাম্প, লং জাম্প, জেৱলিন থ্ৰ’, শ্বটফুট, আৰ্চাৰী, মাৰাথন দৌৰ, দগদিগ( পেং) আদি খেল অনুষ্ঠিত হয় ৷ নাহৰ চিলে গাঁৱৰ আৰ কে পাতাঙত (পুখুৰীত) ৫০ মিটাৰ সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ মন কৰিবলগীয়া কথা যে, জোনাইত চুইমিং পুল নথকাৰ বাবে এঘৰৰ পুখুৰীত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ উল্লেখিত খেলসমূহৰ লগতে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কিছু খেল সংযোজন কৰি মুঠ ১২ টা খেল পবা খেলপথাৰ আৰু মুৰ্কংচেলেক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় ৷

মিচিং অলিম্পিক এই বছৰৰ পৰা প্ৰত্যেক বছৰেই অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আগত ৰখা হৈছে ৷ অন্তিম দিনটোত মিচিং অলিম্পিকৰ টিমচং (দলৰ গান) টাইকোৱাণ্ডো প্ৰদৰ্শনৰ লগতে বিভিন্ন মিচিং জনগোষ্ঠীয় নৃত্যৰে বিভিন্ন দৃষ্টিনন্দন কাৰ্যসূচীৰ আয়োজন কৰা হয় । প্ৰতিযোগিতাত অসমৰ ১৫ খন সাংগঠনিক জিলাৰ বিভিন্ন প্ৰান্তৰ ১৬ শ খেলুৱৈয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য যে, আগন্তুক ২০২৪ চনত অক্টোবৰ মাহত চিলাপথাৰৰ চিচিটঙানীত দ্বিতীয় মিচিং অলিম্পিক অনুষ্ঠিত হ’ব বুলি জানিব দিয়ে টাকাম মিচিং পৰিণ কৌবাঙৰ সভাপতি তিলক দলে আৰু সম্পাদক চান দঃঞিঃ পাংগিঙে ৷

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত মিচিং অলিম্পিকত ১৬ আৰু ১৯ বছৰৰ অনুৰ্ধ্বৰ যুৱক-যুৱতীয়ে নিজ নিজ ক্ৰীড়া প্ৰতিভাসমূহ প্ৰদৰ্শন কৰে ৷ এই মিচিং অলিম্পিকে গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীসকলক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জাতিটোৰ লগতে নিজৰ নামত সুনাম কঢ়িয়াই অনাৰ সুযোগ দিব বুলি আয়োজকে মত প্ৰকাশ কৰিছে ৷ দৰাচলতে প্ৰতিভাৱান খেলুৱৈসকলক আগবঢ়াই নিয়াৰ মূল মন্ত্ৰৰেই আয়োজন কৰা প্ৰথম মিচিং অলিম্পিকত মাজুলী জিলাই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ১২ টা সোণ, ৮ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদকসহ মুঠ ২৭ টা পদকেৰে শীৰ্ষস্থান দখল কৰে । আনহাতে, ধেমাজি জিলাই ৮ টা সোণ, ৬ টা ৰূপ, ৯ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ২৩ টা পদক অৰ্জন কৰি দ্বিতীয় স্থান আৰু লখিমপুৰ জিলাই ৫ টা সোণ, ৩ টা ৰূপ, ৬ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৪ পদকেৰে তৃতীয় স্থান দখল কৰে ৷

ইফালে শিৱসাগৰ জিলাই ৪ টা সোণ, ৬টা ৰূপ, ৪ টা ব্ৰঞ্জ; জোনাই জিলাই ২ টা সোণ, ৯ টা ৰূপ, ৩ টা বঞ্জ; ঢকুৱাখনা জিলাই ২ টা সোণ, ১ ৰূপ, ১ টা ব্ৰঞ্জ; চিলাপথাৰ জিলাই ২ টা সোণ, ৪ টা ৰূপ, ২ ব্ৰঞ্জ; শোণিতপুৰ জিলাই ১ সোণ, ৩ টা ৰূপ, ৩ টা ব্ৰঞ্জ; তিনচুকীয়া জিলাই ১ টা সোণ, ১ ৰূপ, ১টা ব্ৰঞ্জ; যোৰহাট জিলাই ৩ টা সোণ, ১ টা ৰূপ; শদিয়া জিলাই ১ টা ব্ৰঞ্জৰ পদক আৰু বিহপুৰীয়া জিলাই ১ টা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয় ৷

শুকুৰবাৰে আবেলি বিভিন্ন খেলত বিজয়ী হোৱা খেলুৱৈসকলক পুৰস্কাৰ আৰু মানপত্ৰ বিতৰণ কৰা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যই উপস্থিত থাকি মিচিং অলিম্পিকত অংশগ্ৰহণকাৰী অসমৰ বিভিন্ন সাংগঠনিক খেলুৱৈসকলে কৰা উন্নত প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰে । মিচিং অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈয়ে একোগৰাকী চেম্পিয়ন বুলি তেওঁ মন্তব্য কৰে৷ অনুষ্ঠানত বিধায়ক ভূৱন পেগুৱে কয়, "মিচিং অলিম্পিকৰ জৰিয়তে আমাৰ মিচিং গাঁওসমূহত সোমাই থকা বহু প্ৰতিভাৱান খেলুৱৈয়ে ওলাই আহি বহুত ভাল খেল প্ৰদৰ্শন কৰিছে, গতিকে আগলৈ যদি ভাল চুইমিংপুলৰ লগতে গাঁৱসমূহত খেলাৰ পৰিৱেশ এটা দিওঁ তেন্তে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিজয়ী হ’ব পৰা বহু খেলুৱৈ ওলাব আৰু নতুনকৈ হিমা দাস, লাভলীনাও ওলাব ৷" টিএমপিকেৰ সদস্যসকলে কয় যে, একাংশ নতুন প্ৰজন্মই ড্ৰাগছ, ভাং আদিৰ দৰে বিভিন্ন মাদক দ্ৰব্য সেৱন কৰি নিঃশেষ হ’ব ধৰা সময়তে এই মিচিং অলিম্পিকে তেনে কাৰ্যৰ পৰা সেইসকল নৱ প্ৰজন্মক আঁতৰাই ৰাখি প্ৰতিভাৱান নৱপ্ৰজন্মক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তোলাত সহায় কৰিব ৷

অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কেবাজনো নেতা উপস্থিত থকাৰ লগতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জয়গেশ্বৰ কুটুম, প্ৰশান্ত বৰি, জহান দলে, নৰেশ কুম্বাং, মলেন্দ্ৰ নাৰ্জাৰী, টি এম এম কেৰ সভানেত্ৰী গীতাঞ্জলী বৰি পাতিৰ, প্ৰাক্তন টি এম এম কেৰ নেত্ৰী উষাৰাণী কুম্বাং, টিএমপিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপচন্দ্ৰ পাৱ, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰাজেশ্বৰ পেগু, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলে, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, টিএমপিকেৰ বিভিন্ন জিলাৰ সহস্ৰাধিক নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : Felicitation program: উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ ৰাজেশ চিন্তে

Last Updated :Oct 28, 2023, 1:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.