ETV Bharat / state

Sexual harassment case : কিশোৰীক অন্তঃসত্বা কৰি যুৱকৰ আত্মগোপন

author img

By

Published : Mar 27, 2023, 9:15 PM IST

মিগম দলুঙত সংঘটিত হৈছে বাল্যবিবাহ আইন বিৰোধী এক ঘটনা । ১৭ বছৰীয়া এগৰাকী কিশোৰীক অন্তঃসত্বা জমিৰ আলি নামৰ এজন যুৱকৰ । জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত ন্যায়ৰ অপেক্ষাত ভুক্তভোগী পৰিয়াল (Sexual harassment case in Dhemaji)।

Sexual harassment case in Dhemaji
বাল্যবিবাহ আইন বিৰোধী ঘটনা

বাল্যবিবাহ আইন বিৰোধী ঘটনা

জোনাই, 27 মাৰ্চ : ৰাজ্যজুৰি বাল্যবিবাহ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে এইবাৰ ধেমাজিত পোহৰলৈ বিয়াৰ প্ৰলোভনেৰে এজন যুৱকে এগৰাকী কিশোৰীক অন্তঃসত্বা কৰাৰ ঘটনা ৷ তথ্য অনুসৰি, মিগম দলুং গাঁৱৰ নিবাসী ছাহাজাহান আলিৰ পুত্ৰ জমিৰ আলিয়ে একেখন গাঁৱৰে এজনী ১৭ বছৰীয়া কিশোৰীৰ সৈতে প্ৰায় এবছৰ আগৰ পৰাই আছিল প্ৰেমৰ সম্পৰ্ক ৷ প্ৰেমৰ সম্পৰ্কৰ অচিলাৰেই এটা বছৰৰো অধিক দিন ধৰি কিশোৰীগৰাকীৰ সৈতে শাৰিৰীক সম্পৰ্ক চলায় আহিছিল বুলি পৰিয়ালে জানিবলৈ দিয়ে (Sexual harassment by boyfriend in Dhemaji) ৷

(Sexual harassment case in Dhemaji)
বাল্যবিবাহ আইন বিৰোধী ঘটনা

বিগত বৰ্ষ অৰ্থাৎ ২০২২ চনৰ জুলাই মাহত নিশা প্ৰায় ১২ বজাত জমিৰ আলিয়ে কিশোৰীগৰাকীক বিয়া কৰোৱাৰ চলেৰে কিশোৰীগৰাকীৰ ঘৰৰ পৰা লৈ যায় । কিন্তু পিছদিনাই জমিৰ আলিৰ পৰিয়ালে কিশোৰীগৰাকীক ঘৰৰ পৰা উলিয়াই দিয়ে । এই ঘটনা সংঘটিত হোৱাৰ কিছুমাহৰ পিছতে জমিৰ আলিৰ পৰিয়ালে অন্য এজনী ছোৱালীৰ সৈতে বিয়া কৰোৱাই দিয়ে জমিৰ আলিক ৷

লগতে পঢ়ক : WPL 2023 : উদ্বোধনী সংস্কৰণ জয়ৰ পাচতে বিজয় উল্লাহ হৰমনপ্ৰীত বাহিনীৰ

পাচত জমিৰ আলীৰ প্ৰতাৰণা-প্ৰৱঞ্চনাৰ বলি হোৱা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে বিষয়টো সন্দৰ্ভত ন্যায় বিচাৰি বিভিন্ন দল-সংগঠনৰ লগত আলোচনা কৰাৰ লগতে জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত কোনো সহাঁৰি নাপালে । জানিব পৰা মতে সম্প্ৰতি পলাতক আৱস্থাত আছে জমিৰ আলি ৷ জমিৰৰ পৰিয়ালে জমিৰ আলিক আত্মগোপন কৰাত সহায় কৰা বুলিও কিশোৰীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়ে (Sexual harassment case in Dhemaji)।

এতিয়া সাতমহীয়া অন্তঃসত্বা কিশোৰীগৰাকীক লগত লৈ বিপাঙত পৰিছে দুৰ্ভগীয় পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোকে । গতিকে অসমৰ মুখ্যমন্ত্ৰী তথা জোনাই আৰক্ষীক ঘটনাৰ উচিত তদন্ত কৰি দোষীক বিহিত শাস্তি বিহাৰ লগতে দুৰ্ভাগীয়া কিশোৰীগৰাকীৰ ন্যায় দিয়াৰ কাতৰ আহ্বান জনাইছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে (Child marriage in jonai)।

লগতে পঢ়ক : Rahul Gandhi disqualification issue: বৰ্তমানৰ ন্যায়পালিকা ব্যৱস্থাও কিছু সন্দেহৰ আৱৰ্তত : ড৹ হীৰেন গোহাঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.