ETV Bharat / state

ধেমাজিত ৩৫ হেজাৰ হিতাধিকাৰীয়ে পাব নতুন ৰেচন কাৰ্ড

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 9:32 PM IST

New Ration card: নতুনকৈ গঠিত ৭৯নং সংৰক্ষণমুক্ত চিচিবৰগাঁও বিধানসভা সমষ্টিত নতুন ৰেচন কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । এই অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, জিলা আয়ুক্ত অংকুৰ ভৰালী ।

New Ration card
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন

জোনাই, ১৬ জানুৱাৰী: চৰকাৰে দৰিদ্ৰ লোকসকলৰ সুবিধাৰ্থে ৰাজ্যত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নতুনকৈ সংযোজন কৰিছে ১০ লাখ ৭৩ হাজাৰ ৰেচন কাৰ্ড । ধেমাজি জিলাত নতুনকৈ গঠিত ৭৯ নং চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলাপথাৰ নগৰৰ দঃঞিঃ পঃল সাংস্কৃতিক প্ৰকল্পৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয় ।

এই নতুন ৰেচন কাৰ্ড বিতৰণ কৰে শিক্ষা তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ নতুনকৈ গঠিত সংৰক্ষণমুক্ত চিচিবৰগাঁও সমষ্টিত ১৩ হেজাৰ, জোনাই সমষ্টিত ১৩ হেজাৰ আৰু ধেমাজি সমষ্টিত ৮ হেজাৰৰো অধিক নতুন হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে ।

ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত এক সভাত ধেমাজি জিলাখনত সৰ্বমুঠ ৩৫ হেজাৰ নতুন হিতাধিকাৰীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । ইপিনে, নতুনকৈ গঠিত সংৰক্ষণমুক্ত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ মুখ্য কাৰ্যালয়ক লৈ যোৱা ৩০ ডিচেম্বৰৰ পৰা উপ-জিলা মুখ্য কাৰ্যালয়ক নিৰ্মাণক লৈ সমষ্টিৰ উপ-জিলা দাবী সমিতিয়ে অনিৰ্দিষ্টকালিন অৱস্থান ধৰ্মঘট অব্যাহত আছে । এই সন্দৰ্ভত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে সমষ্টিটোৰ উপ-জিলাৰ সকলো পক্ষৰ মতামত আৰু তেওঁলোকৰ সুবিধাৰ প্ৰতি দৃষ্টি ৰাখি চৰকাৰে সিদ্ধান্ত কৰিব ।

উল্লেখ্য় যে এই ৰেচন কাৰ্ডৰ জৰিয়তে মাথো ৰেচন লাভ কৰাই নহয়, ইয়াৰ জৰিয়তে আয়ুস্মান কাৰ্ড প্ৰস্তুত কৰি লাভ কৰিব পাৰিব বহুকেইটা ৰোগৰ চিকিৎসাৰ বাবে সুবিধা । অনুষ্ঠানটোত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, জিলা আয়ুক্ত অংকুৰ ভৰালী আদি ।

লগতে পঢ়ক:কোকৰাঝাৰত ৩১১৫২ হিতাধিকাৰীয়ে পাব নতুন ৰেচন কাৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.