ETV Bharat / state

কোকৰাঝাৰত ৩১১৫২ হিতাধিকাৰীয়ে পাব নতুন ৰেচন কাৰ্ড

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:04 PM IST

Ration card distribution: কোকৰাঝাৰ জিলাৰ হিতাধিকাৰীসকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ ৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ ২৫ জানুৱাৰীৰ ভিতৰত কোকৰাঝাৰ জিলাৰ পাঁচটা সমষ্টিৰ ৩১১৫২ হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণৰ লক্ষ্য ৷

Ration card distribution
Kokrajhar ration card distribution

কোকৰাঝাৰত ৩১১৫২ হিতাধিকাৰীয়ে পাব নতুন ৰেচন কাৰ্ড

কোকৰাঝাৰ, ১৬ জানুৱাৰী: ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিটিআৰৰ সদৰ কোকৰাঝাৰ জিলাতো আৰম্ভ হৈছে নতুন হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী ৷ মঙলবাৰে কোকৰাঝাৰ চহৰৰ পৰা কিছু নিলগৰ কাশিয়াবাৰী ৰাজহুৱা খেল পথাৰত এক অনুষ্ঠানৰ জৰিয়তে নতুন হিতাধিকিৰী সকলৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

নতুন ৰেচন কাৰ্ড বিতৰণী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ মঞ্চত আনুষ্ঠানিকভাৱে আঠগৰাকী হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় ৷ ১৬ জানুৱাৰী অৰ্থাৎ আজিৰে পৰা অহা ২৬ জানুৱাৰীলৈকে নতুন হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হ’ব ৰেচন কাৰ্ড ৷

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত কোকৰাঝাৰ সমষ্টিত - ৫৮৮৫ গৰাকী, বাওঁখুংগ্ৰী সমষ্টিত- ২০০৪ গৰাকী, গোসাইগাঁও সমষ্টিত- ১৪৩৯৩ গৰাকী, দোতমা সমষ্টিত- ৬৭৮৭ গৰাকী আৰু পৰ্বতঝোৰা সমষ্টিত- ২০৮৩ গৰাকী হিতাধিকাৰী সহ মুঠ ৩১১৫২ গৰাকী হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই নতুন ৰেচন কাৰ্ড বিতৰণী অনুষ্ঠানত স্থানীয় বিধায়ক লৰেন্স ইছলাৰী, বিজেপিৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী, জিলা আয়ুক্ত প্ৰদীপ কুমাৰ ত্ৰিবেদী, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মুৰব্বী বিষয়া অজিত কুটুম উপস্থিত আছিল ৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে নতুনকৈ প্ৰদান কৰা এই ৰেচন কাৰ্ডৰ লগতে হিতাধিকাৰীয়ে লাভ কৰিব হেল্থ কাৰ্ডো ৷ যাৰ দ্বাৰা হিতাধিকাৰীসকলে পাঁচ লাখ টকালৈকে চিকিৎসা ব্যয় ৰেহাই পাব ৷ তাৰোপৰি ৰাজ্যৰ মহিলাৰ বাবে বছৰৰ আৰম্ভণিতে চৰকাৰে লৈ আহিছে আন এক আঁচনি ৷ ‘‘লাখপতি বাউদেউ’’ নামৰ এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাই চৰকাৰৰ পৰা ১০ হাজাৰকৈ টকা লাভ কৰিব ৷

লগতে পঢ়ক: সৰুপথাৰত হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.