ETV Bharat / state

NHPC Big Dam Impact: সোৱণশিৰিৰ পানী কমিব নোৱাৰে: ৰণোজ পেগু

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 7:42 PM IST

Ranuj Pegu react on NHPC Big Dam Impact
সোৱণশিৰিৰ জলপৃষ্ঠ হ্ৰাস হোৱাক লৈ ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া

সোৱণশিৰিৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে শুকাই যোৱাক লৈ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া । ইয়াৰ মাজতে সোৱণশিৰিৰ জলপৃষ্ঠ শুকাই যোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে । NHPC কৰ্তৃপক্ষক সকিয়নি প্ৰদান কৰাৰ কথা উল্লেখ কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ।

সোৱণশিৰিৰ জলপৃষ্ঠ হ্ৰাস হোৱাক লৈ ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া

ধেমাজি,৩১ অক্টোবৰ: সোৱণশিৰি নদীত পানী শুকাই যোৱাক লৈ ৰাজ্যজুৰি অব্যাহত আছে তুমুল প্ৰতিক্ৰিয়া ৷ আছুকে ধৰি বিভিন্ন দল-সংগঠনে NHPC ৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ বহুজনে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া । আনকি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ভাঙি পেলোৱাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰও প্ৰেৰণ কৰিছে বিভিন্ন দল-সংগঠনে ।

এনে সময়তে বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পথলী পৰিদৰ্শন কৰি NHPC কৰ্তৃপক্ষক সকিয়নি দিয়াৰ বিষয়ে মন্তব্য আগবঢ়াই ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে । মঙলবাৰে ঘূণাসুঁতিৰ মিৰি জীয়ৰী মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত প্ৰয়াত ভাষাবিদ ড° টাবুৰাম টাইডৰ আৱক্ষ প্ৰতিমূৰ্ত্তি উন্মোচনী সভাত উপস্থিত থাকি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই শিক্ষা মন্ত্ৰীগৰাকীয়ে ।

শিক্ষামন্ত্ৰী পেগুৱে কয় যে নদীত কেতিয়াও পানী কমি যাব নোৱাৰে ৷ তেওঁলোকে ডেম বনাইছে ভাল কথা ৷ ডেম বনাওক ৷ ডেম সম্পূৰ্ণ কৰিছে সেয়াও ভাল কথা ৷ ইফালে ঘৰে ঘৰে বিজুলী আমাক লাগে কিন্তু তাৰ বাবে নদীত পানী কমি যাব নোৱাৰে ৷ তেওঁ লগতে কয় যে নদীত যি পৰিমাণৰ পানী বাৰিষা-খৰালি বৈ আছিল সেই পৰিমাণৰ পানী বৈ থাকিব লাগিব ৷ পানী কমি যোৱা ঘটনাৰ দৰে যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে অসম চৰকাৰক NHPC ৰ কৰ্তপক্ষই ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলিও শিক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

তদুপৰি NHPC কৰ্তপক্ষই নামনিবাসী ৰাইজৰ ক্ষয়-ক্ষতি নোহোৱাকৈ কাম কৰি বানপানীৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি মন্ত্ৰীগৰাকীক আশ্বস্ত কৰা বিষয়ে উল্লেখ কৰে । উল্লেখ্য যে ২৭ অক্টোবৰত গেৰুকামুখৰ থুনুকা পাহাৰ খহি বন্ধ হৈ পৰিছিল টানেল । এন এইচ পি চিৰ দ্বাৰা নিৰ্মীয়মান ৫ টা টানেলৰ একমাত্ৰ সক্ৰিয় ১ নম্বৰ টানেলটোৰ পাহাৰ খহি ২৭ অক্টোবৰৰ পুৱা বন্ধ হৈ পৰে । নদীবান্ধত ভূমিস্খলনৰ ফলত আটাইকেইটা ডাইভাৰ্চন টানেল বন্ধ হৈ পৰাৰ ফলত নদীৰ জলপৃষ্ঠ অস্বাভাৱিক ভাৱে হ্ৰাস পোৱা দেখা গৈছিল ।

লগতে পঢ়ক: Lok Sabha Election 2024 : সমাগত নিৰ্বাচনত বৃহৎ নদীবান্ধে ভেটিব নেকি শাসকীয় দলৰ বিজয়ৰ পথ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.