ETV Bharat / state

চিচিবৰগাঁৱত উপ জিলা কাৰ্যালয় স্থাপন কৰাৰ দাবীত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 8:36 AM IST

Public Protest in Dhemaji
প্ৰতিবাদৰ স্থান ধেমাজি জিলা চিচিবৰগাঁও

প্ৰদান বৰুৱা, ভূৱন পেগু মুর্দাবাদ ধ্বনিৰে উত্তাল চিচিবৰগাঁও ৷ উপ-জিলা কাৰ্যালয় চিচিবৰগাঁৱত স্থাপন কৰাৰ দাবীত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট ৷

প্ৰতিবাদৰ স্থান ধেমাজি জিলা চিচিবৰগাঁও

ধেমাজি, 31 ডিচেম্বৰ : আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদৰ স্থান ধেমাজি জিলা চিচিবৰগাঁও ৷ প্ৰদান বৰুৱা মুর্দাবাদ, ভূৱন পেগু মুর্দাবাদ ইত্যাদি ধ্বনিৰে উত্তাল চিচিবৰগাঁৱৰ প্ৰতিবাদস্থলী ৷ চিচিবৰগাঁৱত উপ জিলাৰ মুখ্য কাৰ্যালয় স্থাপন কৰাৰ দাবীত শনিবাৰে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অঞ্চলটোৰ ৰাইজে ৷

তথ্য অনুসৰি, বৃহত্তৰ চিচিবৰগাঁওবাসী ৰাইজৰ কুৰি বছৰীয়া সংগ্ৰামৰ অন্তত নিৰ্বাচন আয়োগে নতুনকৈ ঘোষণা কৰে ধেমাজি জিলাৰ তৃতীয়টো বিধানসভা সমষ্টি ‘চিচিবৰগাঁও’ ৷ এই চিচিবৰগাঁও সমষ্টিটো জিলাখনৰ গৰিষ্ঠ সংখ্যক অজনজাতীয় ৰাইজৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত সংৰক্ষণমুক্ত হিচাপে লাভ কৰিবলৈ সক্ষম হৈছে ৷ লগতে অসম চৰকাৰে চিচিবৰগাঁৱক উপ জিলা হিচাপেও ঘোষণা কৰিছে ।

কিন্তু শেহতীয়াকৈ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ ষড়যন্ত্ৰত উপ জিলাৰ কাৰ্যালয়সমূহ চিচিবৰগাঁৱত স্থাপন নকৰি সম্পূৰ্ণ নীতি বৰ্হিভূতভাৱে সমষ্টিৰ একেবাৰে শেষ সীমা চিলাপথাৰত স্থাপন কৰিবলৈ চক্ৰান্ত কৰিছে । এই অভিযোগ স্থানীয় ৰাইজৰ ৷ সেই লৈ ইতিমধ্যে সমষ্টিবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ এই হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত চিচিবৰগাঁও উপ জিলা কাৰ্যালয় দাবী সমিতিৰ উদ্যোগত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শনিবাৰৰ পৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । মাছখোৱা, পশ্চিম ধেমাজি আদিকে কৰি সমষ্টিটোৰ বিভিন্ন স্থানৰ পৰা প্ৰতিবাদী ৰাইজ আহি এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে । আনকি প্ৰদান বৰুৱা মুর্দাবাদ, ভূৱন পেগু মুর্দাবাদ, চিচিবৰগাঁৱত উপ জিলা কাৰ্যালয় স্থাপন কৰিব লাগিবই আদি বিভিন্ন শ্ল’গান দি প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ ।

প্ৰতিবাদকাৰীসকলে ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু ধেমাজি আয়ুক্তলৈ তেওঁলোকৰ দাবী সম্বলিত একোখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে । চিচিবৰগাঁৱত কাৰ্যালয় স্থাপন কৰাৰ ব্যৱস্থা নকৰিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : ধাৰাপুৰত শিল ভৰ্তি ডাম্পাৰৰ খুন্দাত নিহত সংবাদকৰ্মী পাৰ্থ প্ৰতীম দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.