ETV Bharat / state

চিলে নদীত পকী দলং নিৰ্মাণ নহ'লে অৰুণালত চামিলৰ হুংকাৰ জোনাইবাসীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 2:35 PM IST

Public protest for bridge in Jonai
চিলে নদীত পকী দলং নিৰ্মাণৰ দাবী

জোনাইৰ চিলে নদীত পকী দলং নিৰ্মাণৰ দাবীত কণ কণ শিক্ষাৰ্থীৰ লগতে কেমি, ঐৰামঘাট, জেলম, চিৰুং গাঁৱৰ সহস্ৰাধিক ৰাইজ প্ৰতিবাদ । চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী ।

চিলে নদীত পকী দলং নিৰ্মাণৰ দাবী

জোনাই, ২২ নৱেম্বৰ: ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত কেমিজেলৰ চিলে নদীত পকী দলং নিৰ্মাণৰ দাবীত আজি কেমি ঐৰামঘাট, জেলম গাঁৱৰ ৰাইজ আৰু কণ কণ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেমি ঐৰামঘাট-পুৰণাজেলম সংযোগী পথত থকা চিলে নদীত স্বাধীনোত্তৰ কালৰে পৰা বছৰ ধৰি শ শ শিক্ষাৰ্থী তথা সাধাৰণ ৰাইজে বিপদসংকুলভাৱে যাতায়ত অব্যাহত ৰাখিছে । উক্ত পথচোৱাত এখন পকী দলং নিৰ্মাণ নকৰাত অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷

এই নদীখনত দলং নথকা বাবে অৰুণাচল সীমান্তত থকা জোনাইৰ কেমি অঞ্চলৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে নদীখনৰ সিপাৰে থকা অঞ্চলটোৰ একমাত্ৰ কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়খনলৈ কেমি-জেলমৰ মাজেদি অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা চিলে নদীখন বিপদসংকুলভাৱে যায় । পিছে বাৰিষাত পাৰাপাৰৰ নাই কোনো বিকল্প পথ । ফলত নদীখনক পাৰ কৰি বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰ-ছাত্ৰীৰ মাজত বহুবাৰ ঘটিছে অঘটনো ।

উল্লেখ্য যে এইখন চিলে নদীৰ ওপৰত এখন দলং নথকাত জোনাইৰ কেমি, ঐৰামঘাট, জামপানী আদিৰ ৰাইজে অৰুণাচলৰ অয়ান চাৰিআলি হৈ দৈনিক বিভিন্ন কাম-কাজত যোগাযোগ অব্যাহত ৰাখিছে জোনাই সদৰৰ সৈতে । ইফালে, সীমান্তৰ কেইবাখনো গাঁৱৰ ৰাইজে চিলে নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ কাৰণে বহু বছৰৰ পৰাই বিধায়ক, সাংসদ পঞ্চায়ত প্ৰতিনিধি তথা চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰি আহিছে । উক্ত সমস্যাৰ সন্দৰ্ভত সংবাদমাধ্যমতো বহু বাৰ প্ৰচাৰ হৈছে ৷ ইমানৰ পিছতো আজি পর্যন্ত কোনোধৰণৰ গুৰুত্ব নিদিয়াত বুধবাৰে সীমান্ত থকা কেমি,ঐৰামঘাট আদি অঞ্চলটোৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ জনায় ।

ইফালে, ৰাইজে স্থানীয় বিধায়ক ভুৱন পেগু, সাংসদ প্ৰদান বৰুৱাক চিলে নদীত পকী দলং নিৰ্মাণৰ দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ উপায়ন্তৰ হৈ বিধায়ক-সাংসদৰ লগতে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰী ৷ প্ৰতিদিনে শংকাৰ মাজেৰে পাৰ হোৱা শিক্ষাৰ্থীয়ে উপায়ন্তৰ হৈ পকী দলং নিৰ্মাণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত অসম চৰকাৰ হায় হায়, ডাঃ ৰণোজ পেগু হায় হায়, বিধায়ক সাংসদ হায় হায়, পঞ্চায়ত প্ৰতিনিধি হায় হায়, দলং আমাক লাগিবই আদি শ্লোগানেৰে চিলে নদীত পৰিৱেশ উত্তাল কৰি তোলে ৷ শীঘ্ৰেই পথছোৱাত চিলে নদীত পকী দলং নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰৰ লগতে বিধায়ক ভুৱন পেগু আৰু সাংসদ প্ৰদান ভৰুৱাক দাবী জনাইছে স্থানীয় ৰাইজে ৷ অন্যথা তিনিওখন গাঁৱৰ ৰাইজে ভোট বৰ্জনৰ উপৰি প্ৰয়োজনত আৰুণাল ৰাজ্যৰ লগত চামিল হোৱাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক:আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণাৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.