ETV Bharat / state

জোনাইত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন, আহত 14

author img

By

Published : Apr 11, 2022, 2:28 PM IST

জোনাইত বিগত 24 ঘণ্টাত দুটাকৈ পৃথক স্থানত সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা (Two different road accident at Jonai) ৷ ফলত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় কেইবাজনো ৷

one person died and osevsral injured in a road accident at jonai
জোনাইত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা

জোনাই, ১১ এপ্ৰিল : জোনাইৰ চিমেন থানাৰ অন্তৰ্গত 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিমেন চাপৰিত সোমবাৰে পুৱা সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Jonai) ৷ পুৱা প্ৰায় ১০ বজাত চিলাপথাৰৰ পৰা জোনাই অভিমুখী তীব্ৰবেগত অহা এখন KA 03 HD 2773 নম্বৰৰ বাইকে চিলাপথাৰ অভিমুখে গৈ থকা AR 09 A 0080 নম্বৰৰ বলেৰ’ বাহনখনত খুন্দা মাৰে ৷

এই ঘটনাত বাইক আৰোহীজনৰ থিতাতে মৃত্যু ঘটে(One Dead in Road accident) ৷ মৃত যুৱকজন চিলাপথাৰ কুলাজান গাঁৱৰ পুলেন্দ্ৰ পেগুৰ পুত্ৰ বিনি মাধৱ পেগু(৩৫) বুলি জানিব পৰা হৈছে ৷

একেদৰে দেওবাৰে নিশাও জোনাইত সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ জোনাইৰ গালী মেছাকীত ইটানগৰৰ পৰা অহা এখন AR 01 L 3538 নম্বৰৰ এখন ডাষ্টাৰ আৰু অৰুণাচল প্ৰদেশৰ আলঙৰ পৰা অহা AR 01 F 3992 এখন যাত্ৰীবাহী চুম’ৰ মাজত মুখামুখি সংঘৰ্ষ ঘটে ৷ এই দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷

আনহাতে, কেইবাজনো লোকক সংকটজনক অৱস্থাত জোনাই অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰা হয় । ঘটনাস্থলীৰ পৰা স্থানীয় ৰাইজৰ সহযোগত মুঠ ১৪ জন আৰোহীক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : ডিফুত বলেৰ' আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ: নিহত 2, আহত 1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.