ETV Bharat / state

ধেমাজিত নৱজাতকৰ মৃত্যু, চিকিৎসকৰ বিৰুদ্ধে গোচৰ

author img

By

Published : Oct 18, 2019, 8:30 PM IST

ধেমাজি অসামৰিক চিকিৎসালয়ত নৱজাত কন্যাৰ মৃত্যুৰ পাচতে চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে পৰিয়ালৰ লোকে ৷ চিকিৎসক-নাৰ্চৰ চৰম হেমাহিৰ বাবেই নৱজাত শিশুটিয়ে অকালতে মৃত্যুক সাৱটি ল'বলগা হয় বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

ধেমাজি অসামৰিক চিকিৎসালয়

ধেমাজি,18 অক্টোবৰ : ধেমাজি অসামৰিক চিকিৎসালয়ত এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চিমেন চাপৰিৰ নিত্যা গগৈৰ পত্নী ভেলিনা ভূঞা গগৈয়ে ধেমাজি অসামৰিক চিকিৎসালয়ত বিভাগীয় চিকিৎসক ডাঙৰ টিকেন্দ্ৰজিৎ টাইডৰ তত্বাৱধানত অস্ত্ৰোপচাৰৰ জৰিয়তে এটি কন্যা সন্তান জন্ম দিছিল ৷ কিন্তু নাভি অংশত সামান্য বিসংগতি প্ৰত্যক্ষ কৰা বাবে চিকিৎসকগৰাকীয়ে শিশুৰোগ বিভাগৰ বিশেষজ্ঞ খগেন দলেৰ অধীনত চোৱা-চিতা কৰিবলৈ পৰামৰ্শ দিয়ে ৷ কিন্তু কেইঘণ্টামানৰ পাচত হঠাতে নৱজাতক সন্তানটিক চিকিৎসকে মৃত বুলি জনোৱাত পৰিয়ালৰ লোকে ঘটনাটোক সহজভাৱে ল'ব পৰা নাই ৷ শুকুৰবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ অনুসন্ধান কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে এটি পৰিয়ালে

পৰিয়ালৰ অভিযোগ অনুসৰি, চিকিৎসক-নাৰ্চৰ চৰম হেমাহিৰ বাবেই নৱজাত শিশুটিয়ে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল ৷ এই কৰুণ ঘটনাৰ বাবে শিশুৰোগ বিভাগৰ চিকিৎসক ডাক্তৰ খগেন দলেক দায়ী কৰিছে পৰিয়ালৰ লোকে ৷ ইয়াৰোপৰি,শিশুটিৰ মৃত্যু হোৱাৰ পাচত চিকিৎসক তথা নাৰ্চে মাতৃগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰতো চৰম হেমাহি কৰে বুলি মন্তব্য কৰিছে পৰিয়ালৰ লোকে ৷ ইয়াৰ পাচতে পৰিয়ালৰ লোকে ধেমাজি সদৰ আৰক্ষী থানা,ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক আৰু চিকিৎসালয়খনৰ অধীক্ষকগৰাকীক অভিযোগ দাখিল কৰিছে ৷ ধেমাজি সদৰ আৰক্ষী থানাই গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ইপিনে চিকিৎসালয়খনৰ চিকিৎসক-নাৰ্চৰ এনে অতপালি,গাফিলতি তথা অৰাজকতাক লৈ সৰৱ হৈ পৰিছে দল-সংগঠন ৷ এইক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ জিলা সভাপতি প্ৰিয়াংকু চুতীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাত জড়িতক শাস্তি প্ৰদানৰ দাবী তুলিছে ৷

Intro:ধেমাজি অসামৰিক চিকিৎসালয়ত নৱজাতকৰ মৃত্যু ৷ চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰজু ৷Body:


ধেমাজি ,১৮ অক্টোবৰ :

ধেমাজি অসামৰিক চিকিৎসালয়ত এটি নৱজাতক মৃতু্্য ক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ জানিব পৰা মতে চিমেন চাপৰিৰ নিত্যা গগৈৰ গভ’ৱতী পত্নীৰ ভেলিনা ভূঞা গগৈৰ প্ৰসৱ বেদনা অহাত যোৱা ১৬ অক্টোবৰ ত ধেমাজি অসামৰিক চিকিৎসা লয়ত ভতি’ কৰে ৷পিছত বিভাগীয় চিকিৎসক ডাঙৰ টিকেন্দ্ৰজিৎ টাইডে অস্ত্ৰো প্ৰচাৰ কৰি এটি কন্যা শিশু জন্ম কৰোৱায় ৷ পিছত নৱজাতক কন্যা শিশুটি চিকিৎসালয়খনৰ শিশু বিশেষজ্ঞ ডাক্তৰ খগেন দলেৰ জৰিয়তে চোৱা চিতা কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ইমানলৈ কে সকলো ঠিকে থকাৰ পিছত কেইঘণ্টামানৰ পিছত হঠাতে নৱজাতক সন্তানটি চিকি্ৎসকে মৃত বুলি পৰিয়ালৰলোকক জনোৱাত সহজভাৱে মানি লব নোৱাৰিলে ৷ অবাঞ্চিত ঘটনাৰ পৰিণতিত পৰিয়ালৰ অভিযোগ অনুসৰি শুক্ৰবাৰে ১৮ অক্টোবৰত ধেমাজি অসামৰিক চিকিৎসালয়ত দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ অনুসন্ধান কৰি মৰণোত্তৰ ব্যৱস্থা কৰে ৷
পৰিয়ালৰ অভিযোগ মতে চিকিৎসক - নাচ’ৰ চৰম হেমাহিৰ বাবেই এটি নৱজাত শিশুটিয়ে অকালতে মৃত্যুক সাৱটি লবলগীয়া হল ৷ এই কৰুণ ঘটনাৰ বাবে শিশু চিকিৎসক ডাক্তৰ খগেন দলেক দায়ী কৰিছে ৷ অভিযোগ মতে প্ৰসুতি চিকিৎসক ডাক্তৰ টিকেন্দ্ৰজিৎ টাইডে সুস্থ অৱস্থাত শিশুটিক জন্ম কৰোৱাৰ পিছত শিশুটিৰ নাভী অংশত বিসংগতিৰ প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ শিশু চিকিৎসক গৰাকীক চোৱা চিতা কৰিব লৈ নিদে’শ দি অহাৰ পিছতো ডাক্তৰ খগেন দলে তথা কত’ব্যৰত নাচ’সকলে ব্যৱস্থা গ্ৰহন নকৰি মাত্ৰ দুই মিনিটহে নৱজাতক পৰিচয্যা কেন্দ্ৰৰ আই চি ইউত ৰাখি পুনৰ মাকৰ ওচৰলৈ অনাৰ পিছত ৩ ঘন্টাৰ মাতৃৰ কোলাত সুস্থভাৱে থাকি হঠাতে মৃত্যু হোৱাটো কেতিয়াও সহজভাৱে মানি লব পৰা নাই পৰিয়ালটোৱে ৷ আন নালাগে শিশুটি মৃত্য হোৱাৰ পিছতো চিকিৎসক - নাচে মাতৃগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰতো চৰম হেমাহি কৰে বুলি মন্তব্য কৰিছে পৰিয়ালৰলোকে ৷ সেয়ে ঘটনাৰ সন্‌দভ’ত পৰিয়ালৰ লোকে ইতিমধ্যে ধেমাজি সদৰ আৰক্ষী থানাত , ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালক , আৰু চিকিৎসালয়খনৰ অধীক্ষকগৰাকীক অভিযোগ দাখিল কৰিছে ৷ আৰক্ষী থানাই case no 416 /2019 section 304 (A) / 34 IPC ত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷Conclusion:

ইপিনে চিকিৎসালয়খনৰ চিকিৎসক নাচৰ এনে অতপালি , গাফিলতি তথা অৰাজকতাক লৈ সৰৱ হৈ পৰিছে দল সংগঠন ৷ এইক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ জিলা সভাপতি প্ৰিয়াংকু চুতীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাত জড়িত দোষীক শাস্তিৰ দাবী তুলি ঘটনাৰ তদন্তৰ দাবী তুলিছে ৷

byte.,1+2 complainer

Byte..leader , AJycp
.

Pradunya Bharali , Dhemaji , Assam. 18/10/2019

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.