ETV Bharat / state

Mushroom farming: জোনাইত কাঠফুলা খেতিৰ ওপৰত প্ৰশিক্ষণ শিবিৰ

author img

By

Published : Feb 25, 2022, 5:38 PM IST

অৰুণাচল প্ৰদেশৰ পাচিঘাটস্থিত College of Horticulture and Forestry ৰ উদ্যোগত জোনাইত কাঠফুলা খেতিৰ ওপৰত আয়োজন কৰা হয় এটা প্ৰশিক্ষণ শিবিৰ (Mushroom farming training at Jonai) ৷ এই প্ৰশিক্ষণ শিবিৰত প্ৰায় 50 জন যুৱক-যুৱতীক ড৹ আৰ. চি চাকেৱৰে কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷

Mushroom farming training
জোনাইত কাঠফুলা খেতিৰ ওপৰত প্ৰশিক্ষণ শিবিৰ

জোনাই, 25 ফেব্ৰুৱাৰী : শুকুৰবাৰে ধেমাজি জিলাৰ জোনাইৰ অসম অৰুণাচল সীমান্তৰ নেপালী বস্তিত অৰুণাচল প্ৰদেশৰ পাচিঘাটস্থিত ‘College of Horticultural and Forestry’ ৰ উদ্যোগত আৰু ICAR directorate Of Mushroom Research, চোলান, হিমাচল প্ৰদেশৰ সহযোগত কাঠফুলা খেতিৰ বিষয়ে এটা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয় (Mushroom farming training at Jonai) ৷ এই প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে College of Horticultural and Forestry ৰ ডিন ডাঃ বি. এন হাজৰিকাই ৷

উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰায় 50 জন যুৱক-যুৱতীক ড৹ আৰ. চি চাকেৱৰে কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ এই প্ৰশিক্ষণ শিবিৰত আগ্ৰহী যুৱক-যুৱতিসকলক কাঠফুলা খেতি কৰাৰ পদ্ধতি, কাঠফুলা ব্যৱসায় আৰু কাঠফুলাৰ খেতিৰ দ্বাৰা নিজকে কেনেকৈ স্বাৱলম্বী কৰি তুলিব পাৰি তাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

লগতে পঢ়ক : Mushroom farming in Assam: কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা হাউলীৰ দুই যুৱক

তদুপৰি বিভিন্ন প্ৰজাতিৰ কাঠফুলা আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে কাঠফুলাৰ বীজ প্ৰস্তুত কৰাৰ পদ্ধতিৰো প্ৰশিক্ষণ প্ৰদৰ্শন কৰা হয় ৷

জোনাইত কাঠফুলা খেতিৰ ওপৰত প্ৰশিক্ষণ শিবিৰ

ইপিনে এই খেতিৰ দ্বাৰা কিছু পৰিমাণে হ’লেও অসমৰ নিবনুৱা সমস্যাৰ সমাধানৰ পথ মুকলি হ’ব বুলিও উল্লেখ কৰে College of Horticultural and Forestry ৰ ডিন প্ৰফেছাৰ এন হাজৰিকাই ৷ আনকি এই খেতিৰ দ্বাৰা খেতিয়কসকলে আৰ্থিকভাৱে স্বাৱলম্বী(Mushroom farming in Assam) হ’ব বুলিও উল্লেখ কৰে ৷

উল্লেখ্য যে, এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে College of Horticultural and Forestry পাচিঘাটৰ FCLA অৰুণ কুমাৰ সিং, সহকাৰী প্ৰফেছাৰ ড৹ টি. সানটিবালা, ড৹ এন. সৰমিনা দেৱী, জালিনা মিবাঙৰ লগতে কেইবাগৰাকীও স্থানীয় ব্যক্তি ৷

লগতে পঢ়ক : কাঠফুলা খেতিৰে স্বাৱলম্বী সৰুপথাৰৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.