ETV Bharat / state

কাঠফুলা খেতিৰে স্বাৱলম্বী সৰুপথাৰৰ যুৱক

author img

By

Published : Jun 16, 2021, 10:28 PM IST

কাঠফুলা খেতিৰে স্বাবলম্বী অসমীয়া যুৱক ৷ ৪/৫ বিঘা মাটিত ফাৰ্ম বনাই বৈজ্ঞানিক পদ্ধতিৰে কাঠফুলা উৎপাদন ৷ নিজৰ লগতে আন ৯/১০ টা পৰিয়ালক সংস্থাপন ৷

কাঠফুলা খেতিৰে স্বাৱলম্বী সৰুপথাৰৰ যুৱক

সৰুপথাৰ, 16 জুন : কৰ্মই ধৰ্ম । কাম কৰাৰ আগ্ৰহ আৰু ধৈৰ্য্য থাকিলে মানুহে জীৱনত বহুতো উন্নতি সাধন কৰিব পাৰে । মাথো প্ৰয়োজন এটি সুন্দৰ মন আৰু আত্মবিশ্বাসৰ । ভাল কৰ্মই মানুহৰ জীৱনত সুখ আৰু আনন্দৰ আবিৰ সানে । তেনে এজন কৰ্মোদ্যমী যুৱক অমৰ প্ৰাণ চাংমাই ৷ সৰুপথাৰ অঞ্চলৰ প্ৰেমহৰা পঞ্চায়তৰ অন্তৰ্গত টেঙাবাৰী গাঁৱৰ বাসিন্দা চাংমাই ৷ উচ্চ শিক্ষাৰে শিক্ষিত যুৱকজনে কাঠফুলা খেতিৰে বজাৰ দখলৰ চেষ্টা কৰিছে ।

কাঠফুলা খেতিৰে স্বাৱলম্বী সৰুপথাৰৰ যুৱক

নিজ ঘৰৰ প্ৰায় ৪/৫ বিঘা মাটিত ফাৰ্ম বনাই সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে উৎপাদন কৰিছে কাঠফুলা ৷ কাঠফুলা খেতিৰ বাবে প্ৰয়োজনীয় খেৰ কটা মেচিনকে ধৰি সকলো সামগ্ৰী ঘৰতে গোটাই লৈছে তেওঁ ৷ বৰ্তমান সময়ত অমৰপ্ৰাণ চাংমায়ে তেওঁৰ ফাৰ্মত উৎপাদিত কাঠফুলা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডতো বিক্ৰি কৰে ৷ ইয়াৰ উপৰিও তেওঁৰ কাঠফুলাই স্থানীয় কেইবাখনো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । এই কাঠফুলা খেতিৰ দ্বাৰা তেওঁ নিজে স্বাৱলম্বী হোৱাৰ লগতে আৰু ৯/১০ টা পৰিয়ালৰ লোকক নিয়োগ কৰি নিজ ঘৰুৱা ঠাইতে সংস্থাপন দিবলৈ সক্ষম হৈছে ।

assamese-youth-mushroom-farming-and-try-to-capture-market
কাঠফুলা খেতিৰে স্বাৱলম্বী সৰুপথাৰৰ যুৱক

অৱশ্যে কিছুদিনৰ পৰা কৰ’ণাসৃষ্ট পৰিৱেশ তথা চৰকাৰৰ আংশিক লকডাউনে তেওঁৰ কাঠফুলা উৎপাদনত যথেষ্ট প্ৰভাৱ পেলাইছে । যাৰ বাবে তেওঁ আংশিক লকডাউনৰ বাবে উৎপাদনৰ পৰিমান কিছু কমাই দিছে । অনাগত দিনত যুৱকজনে কাঠফুলা খেতিৰ বাবে ঘৰতে পৰীক্ষাগাৰ নিৰ্মাণ কৰি আৰু অধিক উৎপাদন কৰাৰ লক্ষ্য বান্ধি লৈছে ৷ অমৰ প্ৰাণে এই কাঠফুলা খেতিৰ বাবে পৰিয়াল তথা সকলো আত্মীয় কুটুম্বৰ পৰা পুৰ্ণ সঁহাৰি লাভ কৰিছে ৷ অমৰৰ কৰ্মদক্ষতা, একাগ্ৰতা আৰু বজাৰ দখলৰ চেষ্টাই সকলোকে অনুপ্ৰাণিত কৰিছে আৰু নৱপ্ৰজন্মৰ মাজত কাম কৰাৰ এক সুন্দৰ প্ৰেৰণা যোগাইছে ।

লগতে পঢ়ক : কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে ৰাজ্য চৰকাৰৰ পঞ্চম কেবিনেটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.