নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰেদি বৈছে পানী

author img

By

Published : Sep 24, 2022, 10:46 AM IST

Updated : Sep 24, 2022, 1:51 PM IST

Landslide occurred at South Sovansiri Hydropower Project site in Gerukamukh

পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত (landslide at Subansiri hydroelectric project site) । প্ৰকল্পস্থলীৰ বাঁওপাৰত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা । উক্ত ভূমিস্খলনৰ পিছত ২ নং টানেলৰ ওপৰৰ বৃহৎ অংশ খহি পৰে ।

জোনাই, ২৪ ছেপ্টেম্বৰ : ৰুষ্ট প্ৰকৃতিৰ ৰোষত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । পৰিৱেশবিদ তথা বিভিন্ন দল-সংগঠনৰ বিৰোধিতা সত্ত্বেও চলি আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম (lower Subansiri hydropower project) । ইতিমধ্যে প্ৰায় ৯০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে । বিশ্বস্ত সূত্ৰ মতে, আগন্তুক বছৰত উক্ত প্ৰকল্প মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

landslide-occurred-at-south-sovansiri-hydropower-project-site-in-gerukamukh
গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভয়ংকৰ ভূমিস্খলন

কিন্তু নিৰ্মাণৰ সময়ৰে পৰাই বিভিন্ন দুৰ্যোগ সংঘটিত হৈ আহিছে নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পস্থলীত । এইবাৰ পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত (landslide at Subansiri hydropower project site) । প্ৰকল্পস্থলীৰ বাঁও পাৰত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা । উক্ত ভূমিস্খলনৰ পিছত ২ নং টানেলৰ ওপৰৰ বৃহৎ অংশ খহি পৰে । উল্লেখ্য, যোৱা ১৬ ছেপ্টেম্বৰতো ২ নং টানেলৰ ওপৰৰ বৃহৎ অংশটো ভাঙি পৰিছিল । আজি পুনৰ উক্ত স্থানতে পাহাৰ খহি পৰে ।

landslide-occurred-at-south-sovansiri-hydropower-project-site-in-gerukamukh
গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভয়ংকৰ ভূমিস্খলন

কিন্তু উল্লেখযোগ্য কথাটো হৈছে, প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য ইতিমধ্যে প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে যদিও NHPC-এ প্ৰকল্পটো সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব পৰা নাই ৷ শেহতীয়াভাৱে অৰুণাচল পাহাৰত হৈ থকা মুষলধাৰ বৰষুণৰ ফলতে ২ নং টানেলৰ বাঁও পাৰৰ উক্ত অংশটো ভাঙি পৰে ।

আনহাতে, বান্ধৰ গাৰ্ডৱাল খহি বিপদ কঢ়িয়াই অনাৰ লগতে মূল বান্ধলৈ যোৱা পথটোৰ ওপৰত সৃষ্টি হৈছে বৃহৎ গাঁতৰ ৷ শেহতীয়াভাৱে গেৰুকামুখ পাহাৰৰ মাটি খহি সোৱণশিৰি নদীত বাধাৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে, পাহাৰ খহি বন্ধ হৈ পৰিছে ২নং ইনটেক টানেল ৷ ২নং গে'ট ভাঙি বান্ধৰ ওপৰেৰে বাগৰিছে ৷ ৫টা টনেলৰ দুটা বন্ধ হৈ পৰিছে ৷ এনে ক্ষেত্ৰত বান্ধটোক লৈ উদ্বিগ্ন হৈ পৰিছে ধেমাজিবাসী । ইপিনে বান্ধটোৰ ভয়াৱহতাক লৈ আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াই ।

গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভয়ংকৰ ভূমিস্খলন

উল্লেখ্য, ১৮৯৭ চনত দাৰ্জিলিঙত ১৩০ মেগাৱাট শক্তি সম্পন্ন বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ যোগেদি ভাৰতবৰ্ষত জলবিদ্যুৎ শক্তি উৎপাদনৰ পাতনি মেলা হৈছিল ৷ ভাৰতবৰ্ষত জলবিদ্যুৎ উৎপাদনৰ মুঠ সম্ভাৱনীয়তা ৮৪,০৪৪ মেগাৱাট ৷ ইয়াৰে ৩১,৮৬৪ মেগাৱাট অৰ্থাৎ ভাৰতবৰ্ষৰ ৩৮% উত্তৰ-পূৰ্বাঞ্চলত বিদ্যমান ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অকল অৰুণাচল প্ৰদেশৰ জলবিদ্যুতৰ সম্ভাৱনীয়তা ২৬,৭৫৬ মেগাৱাট, যিটোৰ অৱদান হ’ল সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৮৪% আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ৩২% ৷

ইয়াৰ ফলস্বৰূপে সকলোৱে অৰুণাচলৰ এই সম্ভাৱনীয়তাৰ ওপৰত শেন চকু নিক্ষেপ কৰিছে ৷ NHPC (National Hydroelectric Power Corporation) ৰ দ্বাৰা প্ৰতিষ্ঠিত এনে এটা প্ৰকল্পৰ নাম হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ৷ এই প্ৰকল্পৰ পৰা ২০০০ মেগাৱাট বিদ্যুৎ আহৰণৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অসম-অৰুণাচলৰ সীমান্তৱৰ্তী গেৰুকামুখ গাঁৱৰ পৰা ৩ কিঃমিঃ আৰু লখিমপুৰ-ধেমাজি সংযোগী ৰাষ্ট্ৰীয় পথৰ পৰা ১৬ কিঃমিঃ দূৰত্বত অৱস্থিত ৷ এই প্ৰস্তাৱিত প্ৰকল্প গুৱাহাটীৰ পৰা ৪১০ কিঃ মিঃ পূবত অৱস্থিত ৷

landslide-occurred-at-south-sovansiri-hydropower-project-site-in-gerukamukh
গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভয়ংকৰ ভূমিস্খলন

প্ৰস্তাৱিত বান্ধটোৰ ওচৰত সোৱণশিৰি নদীৰ পানী নিষ্কাশনৰ পৰিমাণ সৰ্বনিম্ন ১৮৮ আৰু সৰ্বোচ্চ ১২,০২৪ কিউমেক ৷ সোৱণশিৰি বান্ধত প্ৰতিটো ২৫০ মেগাৱাট শক্তিসম্পন্ন সৰ্বমুঠ ৮ টা টাৰ্বাইন সংলগ্ন কৰা হ’ব ৷

লগতে পঢ়ক :BREAKING NEWS: গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভয়ংকৰ ভূমিস্খলন

Last Updated :Sep 24, 2022, 1:51 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.