জোনাইত অনুষ্ঠিত কোচ-ৰাজবংশী সন্মিলনীৰ প্ৰতিনিধি সভা
Published: Nov 19, 2023, 9:21 PM

জোনাইত অনুষ্ঠিত কোচ-ৰাজবংশী সন্মিলনীৰ প্ৰতিনিধি সভা
Published: Nov 19, 2023, 9:21 PM
চিমেন চাপৰিস্থিত চিলাৰায় ভৱনত কোচ-ৰাজবংশী সন্মিলনীৰ জোনাই জিলা সমিতিৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ কোচ-ৰাজবংশীসকলক শীঘ্ৰে জনজাতিকৰণ কৰা, জোনাই মহকুমাৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক দাবী জনায় ৷
জোনাই,19 নৱেম্বৰ : দেওবাৰে চিমেন চাপৰিস্থিত চিলাৰায় ভৱনত কোচ-ৰাজবংশী সন্মিলনীৰ জোনাই জিলা সমিতিৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ পুৱা পতাকা উত্তোলন, বীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰে আৰম্ভ হয় প্ৰতিনিধি সভাখন । জোনাই জিলা কোচ-ৰাজবংশী সন্মিলনীৰ সভাপতি হৰজিৎ ৰায়চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত জোনাই জিলা বাবে এখন নতুন সমিতি গঠন কৰা হয় ।
চন্দ্ৰকান্ত ৰায়ক নতুন সমিতিৰ সভাপতি, সপোন শইকীয়াক কাৰ্যকৰী সভাপতি, শশী ৰায় আৰু ধীৰেশ বৰ্মনক উপ-সভাপতি, সীমান্ত বৰাক সাধাৰণ সম্পাদক, পুলিন সৰকাৰক সহকাৰী সাধাৰণ সম্পাদক, ৰাজেন ৰায়ক সাংগঠনিক সম্পাদক, ৰাতুল ৰায়ক সাংস্কৃতিক সম্পাদক, প্ৰবীণ ৰায়ক কোষাধ্যক্ষ, লোহেন দত্তক প্ৰচাৰ সম্পাদক, অতুল দাসক কাৰ্যালয় সম্পাদক হিচাপে কোচ-ৰাজবংশী সন্মিলনীৰ জোনাই জিলা সমিতিৰ নতুন কাৰ্যকৰী সমিতিখন গঠন কৰা হয় ।
আজিৰ প্ৰতিনিধি সভাই বিদায়ী সভাপতি হৰজিৎ ৰায়চৌধুৰীক ৰাজ্যিক সদস্য হিচাপে মনোনীত কৰে । সদৌ কোচ-ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভোলা বৰাক পৰ্যবেক্ষক হিচাপে মনোনীত কৰে ৷ ইফালে লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্টু দত্ত, ধেমাজি জিলা সমিতিৰ উপ-সভাপতি প্ৰমোদ বৰা, সাধাৰণ সম্পাদক জয়ন্ত দত্ত বিশিষ্ট অতিথি হিচাপে আজিৰ সভাত উপস্থিত আছিল ৷
আজিৰ সভাতে কোচ-ৰাজবংশীসকলক শীঘ্ৰে জনজাতিকৰণ কৰা, জোনাই মহকুমাৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে ব্ৰহ্মপুত্ৰ, লালী, দিখাৰী, ডেকা, চিমেন নদী বিজ্ঞানসন্মতভাৱে নিয়ন্ত্ৰণ কৰা, জোনাই মহকুমাৰ নৈপৰীয়া আৰু গ্ৰাম্যঞ্চলসমূহৰ যাতায়ত ব্যৱস্থা উন্নত কৰা, চিমেন চাপৰিত এখন উন্নতমানৰ খেলপথাৰ নিৰ্মাণ কৰা, চিমেন চাপৰিত এখন অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰাৰ বাবে চৰকাৰলৈ দাবী জনায় ৷
