ETV Bharat / state

জীয়াঢলৰ একঁকাল পানীৰ প্ৰৱল সোঁত নেওচি আগবাঢ়ি আহিছে দহজনীয়া সাংবাদিকৰ এটা দল

author img

By

Published : Aug 17, 2019, 4:32 AM IST

দহজনীয়া সাংবাদিকৰ এটা দল

বানৰ পৰা সকাহ লাভ কৰিবলৈ বিশেষ ব্যৱস্থা অৱলম্বনৰ প্ৰচেষ্টা সাংবাদিকৰ দলটোৰ

ধেমাজি ,17 আগষ্টঃ গভীৰ জীয়াঢলৰ প্ৰৱল সোঁত ফালি আগবাঢ়িছে দহজনীয়া সাংবাদিকৰ এটা দল ‌ । পানীৰ সোঁত আৰু বালিচৰৰ মাজে মাজে নল - লিহিৰা ,খাগৰি , তপত বালি , বোকা আৰু কাঁইটীয়া তৃণ ভূমিৰ ওপৰেৰে খালি ভৰিৰে বিপদ সংকুল যাত্ৰা সাংবাদিকৰ দলটোৰ । দলটোত আছে এগৰাকী পঞ্চাশৰো উৰ্ধৰ জ্যেষ্ঠ সাংবাদিক । স্থানীয় লোকৰ সহায়ত তেওঁক লৈ যোৱা হৈছে ভয়াৱহ জীয়াঢলৰ পানীৰ মাজেৰে গন্তব্য স্থানলৈ । উল্লেখ্য যে,খৰস্ৰোতা নদীখনৰ এইয়া উজনিৰ বিশেষ অংশৰ দৃশ্য । ইয়াতে আছে নদীখনৰ তিনিটাকৈ বিশাল খৰস্ৰোতা সুঁতি । ইয়াৰ পৰাই পৃথকে পৃথকে গৈ প্ৰতি বছৰে বাৰিষাত নামনিৰ ধেমাজিৰ বিস্তীৰ্ণ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছে জীয়াঢল নদীয়ে । এইবাৰো কিছুদিনৰ পূৰ্বে এখন হাইস্কুলৰ এটা সম্পূৰ্ণ গৃহ খহাই নি ক্ষতিগ্ৰস্ত কৰিছে । সেয়ে জীয়াঢলে গতি পথ সলনি কৰাৰ উৎস বিচাৰি এই বিপদ সংকুল যাত্ৰা কৰিছে । এই যাত্ৰাত সহযোগ কৰে ধেমাজিৰ সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুয়ে। জানিব পৰা মতে, জিলাখনৰ দীৰ্ঘদিনীয়া জলন্ত সমস্যা জীয়াধলৰ বান সমস্যাৰ প্ৰকৃত কাৰণ অধ্যয়ন নকৰাকৈ নদীখন নিয়ন্ত্ৰণ কৰা অসম্ভৱ ।সেয়ে স্থানীয় ৰাইজৰ সহযোগত উজনিৰ নদীখনৰ বিশেষ স্থানত বাঁহেৰে নদীৰ সুঁতিৰ গতিপথ সলনি কৰি পূৰ্বৰ সুঁতিত বোৱাই দিবৰ বাবে নিজা প্ৰচেষ্টাৰে এনেদৰে এক নতুন পৰিকল্পনা গ্ৰহন কৰিছে ৷

দহজনীয়া সাংবাদিকৰ এটা দল
Intro: জীয়াঢলৰ এবুকু ,এককাল পানীৰ প্ৰৱল সোঁত ফালি দহজনীয়া সাংবাদিকৰ দল ।


Body: জীয়াঢলৰ এবুকু ,এককাল পানীৰ প্ৰৱল সোঁত ফালি দহজনীয়া সাংবাদিকৰ দল ।

ধেমাজি ,১৬ আগষ্ট : গভীৰ জীয়াঢলৰ প্ৰৱল সোঁত ফালি আগবাঢ়িছে দহজনীয়া সাংবাদিকৰ দল ‌ । কোনো কোনো অংশত প্ৰৱল সোঁতৰ বাবে হাতে হাত ধৰা ধৰিকৈ আগবাঢ়িছে । কাৰণ নিজক চম্ভালি নললে যিকোনো মুহূৰ্ততে অঘটন হোৱাৰো আশংকা । এটা সুঁতি পাৰ হোৱাৰ পিছত ,পুনৰ বালিচৰৰ মাজে মাজে নল - লিহিৰা ,খাগৰি , তপত বালি , বোকা আৰু কাইটীয়া তৃণ ভূমিৰ ওপৰে খালি ভৰিৰে বিপদ সংকূল যাত্ৰা । দলটোত আছে এগৰাকী পঞ্চাচ ৰো উৰ্ধ জ্যোষ্ঠ সাংবাদিক । স্থানীয় লোকৰ সহায়ত তেওঁক লৈ যোৱা হৈছে ভয়াবহ জীয়াঢলৰ পানীৰ মাজেৰে গন্তব্য স্থানলৈ । উল্লখ্য যে
খৰস্ৰোতা নদীখনৰ এইয়া উজনিৰ বিশেষ অংশৰ দৃশ্য । ইয়াতে আছে নদীখনৰ তিনিটাকৈ বিশাল খৰস্ৰোতা সুঁতি । ইয়াৰ পৰাই পৃথকে পৃৰকে গৈ প্ৰতি বছৰে বাৰিষাত নামনিৰ ধেমাজিৰ বিস্তীৰ্ণ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছে জীয়াঢল নদীয়ে । এইবাৰো কিছুদিনৰ পূৰ্বে এখন হাই স্কুল ৰ এটা সম্পূৰ্ণ গৃহ খহাই নি ক্ষতিগ্ৰস্ত কৰিছে । সেয়ে জীয়াঢলে গতি পথ সলনি কৰাৰ উৎস বিচাৰি এই বিপদ সংকূল ৰোমাঞ্চকৰ যাত্ৰা । অৱশ্যে এই যাত্ৰাত সহযোগ কৰে ধেমাজিৰ সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুয়েও । জিলাখনৰ দীৰ্ঘদিনীয়া জলন্ত সমস্যা জীয়াধলৰ বান সমস্যা প্ৰকৃত কাৰণ অধ্যয়ন।নকৰাকৈ নদীখন নিয়ন্ত্ৰণ কৰা অসম্ভব ।সেয়ে স্থানীয় ৰাইজৰ সহযোগত উজনিৰ নদীখনৰ বিশেষ স্হানত বাহেৰে নদীৰ সুঁতিৰ গতিপথ সলনি কৰি পূৰ্বৰ সুঁতিত বোৱাই দিবৰ বাবে নিজা প্ৰচেষ্টাত এক নতুন পৰিকল্পনা গ্ৰহন কৰা বুলি জানিব পৰা গৈছে ।





Conclusion: ইপিনে এই বিপদসংকূল যাত্ৰা ৰ সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয় যে জীয়াঢলৰ সুতি ,সলাই থকা অৰ্জুন চাপৰি অংশত ইতিমধ্যে বাহেঁৰে ভেটি নদীখন মূল সুঁতিলৈ নিয়াৰ বাবে আপ্ৰান চেষ্টা চলাইছে আৰু বহুখিনি সফলো হৈছে ।ইয়াতে পৰৱৰ্ত্তী সময়ত মথাউৰি নিৰ্মান কৰি গতি পথ সলনি কৰাৰ নতুন পৰিকল্পনা গ্ৰহন কৰিছে ।যদি পৰিকল্পনা মতে সকলো ঠিকে - থাকে থাকে তেন্তে আগন্তুক দিনত ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল ৰাইজে বানৰ পৰা সকাহ লাভ কৰিব ।

অৱশ্যে খৰস্ৰোতা নদীখনক ভেটা দি ধেমাজিবাসীক কেনেদৰে সকাহ দিব পাৰিব তাৰ ওপৰত ধেমাজিৰ সংবাদ মাধ্যম আৰু ৰাইজে তীক্ষ্ণ দৃষ্টি ৰাখিব ।

byte.. 1 Senior journalist, dhemaji
byte . 2.local people

pradunya Bharali , Dhemaji , Assam, 16/8/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.