ETV Bharat / state

চাৰিদিনৰ অন্তত উদ্ধাৰ নাও দুৰ্ঘটনাত নিখোজ কিশোৰীৰ মৃতদেহ

author img

By

Published : Jun 28, 2020, 3:06 PM IST

আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে SDRF বাহিনীৰ সহযোগত কিশোৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ উল্লেখ্য যে ২৪ তাৰিখে সন্ধিয়া প্ৰায় ৭.৩০ বজাত জোনাই নদীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ পাছতে সন্ধানহীন হৈ আছিল চিলাপথাৰৰ বৰমূৰীয়া দেউৰী গাঁৱৰ ৰশ্মি দেউৰী নামৰ কিশোৰীগৰাকী ৷

Jonai
জোনাই

জোনাই, ২৮ জুনঃ অৱশেষত চাৰিদিনৰ অন্তত দেওবাৰে উদ্ধাৰ হয় জোনাই নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা যুৱতীগৰাকীৰ মৃতদেহ ৷ ঘটনাস্থলীৰ পৰা প্ৰায় 1 কিলোমিটাৰ নিলগৰ পৰা উদ্ধাৰ কৰা হয় ৰশ্মি দেউৰীৰ মৃতদেহটো ৷ বিগত চাৰিদিনে SDRF বাহিনীৰ লগতে স্থানীয় ৰাইজে ৰশ্মিৰ সন্ধান কৰি আছিল যদিও চিৰাপুৰীয়া পথাৰৰ একাংশ লোকে খৰি বিচাৰি আহি মৃতদেহটো প্ৰত্যক্ষ কৰে ৷

জোনাই

ঘটনা সন্দৰ্ভত ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে SDRF বাহিনীৰ সহযোগত কিশোৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ উল্লেখ্য যে ২৪ তাৰিখে সন্ধিয়া প্ৰায় ৭.৩০ বজাত জোনাই নদীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ পাছতে সন্ধানহীন হৈ আছিল চিলাপথাৰৰ বৰমূৰীয়া দেউৰী গাঁৱৰ ৰশ্মি দেউৰী নামৰ কিশোৰীগৰাকী ৷ আনহাতে দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে ৭ জন লোকৰ ৷

লগতে পঢ়কঃ জলমগ্ন কাজিৰঙা : বাগৰি বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.