ETV Bharat / state

ধেমাজিৰ আধাৰ সেৱা কেন্দ্ৰত ব্যাপক অৰাজকতাৰ অভিযোগ

author img

By

Published : Oct 15, 2020, 10:57 PM IST

ধেমাজিৰ আধাৰ সেৱা কেন্দ্ৰত ব্যাপক অৰাজকতাৰ অভিযোগ
ধেমাজিৰ আধাৰ সেৱা কেন্দ্ৰত ব্যাপক অৰাজকতাৰ অভিযোগ

ধেমাজিৰ বিভিন্ন স্থানত স্থাপিত সেৱা কেন্দ্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ সন্মিলিত যুৱ বিকাশ অসমৰ অভিযোগ, ধেমাজি জিলা আধাৰ কেন্দ্ৰৰ মুখ্য সমন্বয়ক গৰাকীৰ ছত্ৰছাঁয়াত কেন্দ্ৰই কেন্দ্ৰই চলিছে ব্যাপক অৰাজকতা ৷ একো একোজন আবেদনকাৰীৰ পৰা নিৰ্ধাৰিত মাচুলতকৈ অধিক ধন সংগ্ৰহৰ অভিযোগ ৷

ধেমাজি , 15 অক্টোবৰ: ধেমাজিৰ বিভিন্ন আধাৰ সেৱা কেন্দ্ৰত ব্যাপক অৰাজকতাৰ অভিযোগ ৷ এই অভিযোগ উত্থাপন কৰিছে সন্মিলিত যুৱ বিকাশ অসমে ৷ সংগঠনটোৰ অভিযোগ ধেমাজি জিলাৰ কামচি আৰু বৰবাম কছাৰী গাঁৱৰ আধাৰ কেন্দ্ৰসমুহত নিৰ্ধাৰিত মাচুলতকৈ আবেদনকাৰীৰ পৰা অধিক ধন সংগ্ৰহ কৰা হৈছে ৷ একো একোজন আবেদনকাৰীৰ পৰা মাচুলৰ নামত 300 টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ অভিযোগ সংগঠনটোৰ ৷

অভিযোগ অনুসৰি ধেমাজি জিলাৰ আধাৰ কেন্দ্ৰৰ মুখ্য সমন্বয়ক গৰাকীৰ ছত্ৰছাঁয়াত কেন্দ্ৰই কেন্দ্ৰই আধাৰ কাৰ্ড প্ৰদানৰ নামত অৰাজকতা চলিছে ৷ কেন্দ্ৰসমূহত নিয়োজিত কৰ্মচাৰীয়ে নিজ মুখে এই কথা স্বীকাৰ কৰাৰ পাছতে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ধেমাজি জিলা প্ৰশাসনক সুদৃষ্টি দিবলৈ সন্মিলিত যুৱ বিকাশ অসমৰ হৈ হিটলাৰ শইকীয়াই দাবী উত্থাপন কৰিছে ৷
উল্লেখ্য ৰাইজৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰা ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ে জিলাখনৰ ৬৩ টা আধাৰ কেন্দ্ৰৰ বাবে কিবা অভিযোগ থাকিলে টোল ফ্ৰী নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ এখন জাননীৰ জৰিয়তে আহ্বান জনাইছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সমষ্টিত ভূমি পট্টা বিতৰণত ভয়ংকৰ কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.