ETV Bharat / state

International Womens Day 2023: জোনাই কৃষ্টি ভৱনত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

author img

By

Published : Mar 9, 2023, 1:42 PM IST

জোনাইত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন(Womens Day celebration in Jonai) ৷ টাকাম মিচিং মিমৌ কৌবাঙৰ(টিএম এমকে) জোনাই জিলা সমিতিৰ উদ্যোগত আৰু নাৰী শক্তি জোনাই ব্লক সমিতিৰ ১৫ খনকৈ আঞ্চলিকৰ সহযোগত জোনাই কৃষ্টি ভৱনত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷

womens day celebration in jonai
জোনাইl আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

জোনাই, 9 মাৰ্চ: যোৱা 8 মাৰ্চত সমগ্ৰ বিশ্বতে উদযাপন কৰা হ'ল আন্তৰ্জাতিক নাৰী দিৱস(International Womens Day 2023) ৷ অসমতো বিভিন্ন কাৰ্যসূচীৰে ঠায়ে ঠায়ে উদযাপন কৰা হ'ল আন্তৰ্জাতিক নাৰী দিৱস(womens day celebration in assam) ৷

অসম-অৰুণাচল সীমান্তৰ ধেমাজি জিলাৰ জোনাই মহকুমাতো উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ টাকাম মিচিং মিমৌ কৌবাঙৰ(টিএম এমকে) জোনাই জিলা সমিতিৰ উদ্যোগত আৰু নাৰী শক্তি জোনাই ব্লক সমিতিৰ ১৫ খনকৈ আঞ্চলিকৰ সহযোগত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৷ জোনাই কৃষ্টি ভৱনত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে শতাধিক মহিলাই ৷

অনুষ্ঠানটিত মিচিংসকলৰ জনপ্ৰিয় কণ্ঠশিল্পী 'নিতম দকচৰি' খ্যাত তৰাৱতী মিলিয়ে অংশগ্ৰহণ কৰে ৷ ভাষণ প্ৰসংগত তৰাৱতী মিলিয়ে কয় যে, নাৰী অবিহনে সৃষ্টি অসম্ভৱ । নাৰী আৰু পুৰুষ ইটোৱে আনটোৰ পৰিপূৰক ৷ নাৰী আৰু পুৰুষ দুয়োয়েই সম মযৰ্দা পোৱাটো নিতান্তই প্ৰয়োজন । সেয়েহে নাৰীক কেন্দ্ৰ কৰিয়ে সমগ্ৰ বিশ্বতে ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় বুলিও মন্তব্য কৰে তেওঁ ৷

অনুষ্ঠানটিত মিচিংসকলৰ জনপ্ৰিয় কণ্ঠশিল্পী 'নিতম দকচৰি' খ্যাত তৰাৱতী মিলিয়ে অংশগ্ৰহণ কৰে ৷ ভাষণ প্ৰসংগত তৰাৱতী মিলিয়ে কয় যে, নাৰী অবিহনে সৃষ্টি অসম্ভৱ। নাৰী আৰু পুৰুষ ইটোৱে আনটোৰ পৰিপুৰক ৷ নাৰী আৰু পুৰুষ দুয়োয়েই সম মযৰ্দা পোৱাটো নিতান্তই প্ৰয়োজন। সেয়েহে নাৰীক কেন্দ্ৰ কৰিয়ে সমগ্ৰ বিশ্বতে ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় বুলিও মন্তব্য কৰে তেওঁ ৷ লগতে এটি ঐনিতম (Mising Oinitom) পৰিৱেশনেৰে অনুষ্ঠানটি আৰু অধিক জীপাল কৰি তোলে কণ্ঠশিল্পী তৰাৱতী মিলিয়ে ৷

নাৰী দিৱসৰ অনুষ্ঠানটিত টি এম এম কেৰ কেন্দ্ৰীয় সভানেত্ৰী গীতাঞ্জলী বৰি পাতিৰ, টি এম পিকেৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদিকা কৰবী পেগু, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা সুখলতা ফুকন গগৈ, অৱৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গুণৱতী বৰি, মিচিংসকলৰ যশস্বী কণ্ঠশিল্পী 'নিতম দকচৰি' খ্যাত তৰাৱতী মিলি বৰিয়ে অংশগ্ৰহণ কৰে ৷ লগতে জোনাই জিলা সমিতিৰ টিএম এম কেৰ উপদেষ্টা দিপালী দলে, সভানেত্ৰী দিপীকা পেগু, সম্পাদিকা ভাৰতী চুংক্ৰাং, উপ সভানেত্ৰী ডিম্পল কুলি, সহকাৰী সম্পাদিকা কৰিস্মা পেগু, হীনা পেগুৰ লগতে জোনাই জিলা সমিতিৰ টী এম এম কে আৰু নাৰী শক্তি জোনাই ব্লক সমিতিৰ 15 খনকৈ আঞ্চলিকৰ কাৰ্যকৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়ক: New Medical College in Assam: নিৰ্মীয়মাণ ধেমাজি চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.