ETV Bharat / state

ইংৰাজী ভাষাৰ প্ৰশ্ন কাকতৰ বিৰোধীতাৰে গুণোৎসৱ বৰ্জন

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 2:22 PM IST

GUNUTSAV 2024 BOYCOTT IN JONAI
গুণোৎসৱ বৰ্জন

ইংৰাজী ভাষাৰ প্ৰশ্ন কাকতৰ বিৰোধীতাৰে চমকং হাইস্কুলত বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ 32 গৰাকী ছাত্র-ছাত্ৰীৰ গুণোৎসৱ বৰ্জন, চিমেন চাপৰিত বড়ো ভাষাক লৈ চৰকাৰক হেতালি নেখেলিবলৈ সকিয়নী বড়ো জাতীয় সংগঠনৰ ৷ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ ৷

গুণোৎসৱ বৰ্জন

জোনাই, 12 জানুৱাৰী: ইংৰাজী ভাষাৰ প্ৰশ্ন কাকতৰ বিৰোধীতাৰে চমকং হাইস্কুলত বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ 32 গৰাকী ছাত্র-ছাত্ৰীয়ে গুণোৎসৱ বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখ্য যে, চমকং অঞ্চলৰ মাধ্যমিক শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান চমকং হাইস্কুলখনে অসমীয়া আৰু বড়ো দুয়োটা মাধ্যমত শিক্ষাদান দি আহিছে । চলিত শিক্ষাবৰ্ষত ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ 419 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি থকা চমকং হাইস্কুলৰ বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীত 31 গৰাকী শিক্ষাৰ্থী অধ্যয়নৰত ।

বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্র সন্থাই অসম চৰকাৰ আৰু চৰকাৰৰ শিক্ষা বিভাগক বড়ো মাধ্যমৰ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো শেহতীয়াকৈ চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাৰ গুণগত মান নিৰূপণৰ লক্ষ্যৰে গুণোৎসৱৰ আয়োজন কৰিছে, য'ত বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু গণিতৰ বিষয়ৰ প্ৰশ্নকাকত ইংৰাজীত প্ৰকাশ কৰি বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক যোগান ধৰিছে । এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি এবছুৰ ধেমাজি জিলা সমিতি, বড়ো সাহিত্য সভাৰ ধেমাজি আৰু জোনাই জিলা সমিতিৰ নেতৃত্বত জিলাখনৰ বিভিন্ন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক লগত লৈ গুণোৎসৱ বৰ্জন কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ।

চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰীয়ে এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "চমকং হাইস্কুলৰ বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ 32 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান আৰু গণিত বিষয়ত মাতৃভাষা মাধ্যমত প্ৰশ্ন কাকত শিক্ষা বিভাগে যোগান নধৰাৰ বাবে বড়ো জাতীয় সংগঠনৰ কৰ্মকৰ্তাই আজি বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ ছাত্র-ছাত্ৰীক গুণোৎসৱ বৰ্জন কৰোৱায় । যাৰ ফলত বিদ্যালয়খনে যিধৰণে গ্ৰেড লাভ কৰিব লাগে, তেনে ধৰণৰ গ্ৰেড লাভৰ কৰাৰ পৰা বঞ্চিত হ’ব পাৰে ।"

যদিহে বড়ো মাধ্যমত ষষ্ঠ শ্ৰেণীৰ গুণোৎসৱ পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত নকৰে তেন্তে বিদ্যালয়ে বিদ্যালয়ে এই আন্দোলন অব্যাহত থাকিব বুলি শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগু আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক সকিয়নী প্ৰদান কৰে বড়ো জাতীয় সংগঠনটোৱে ।

লগতে পঢ়ক: ধেমাজিৰ কেইবাখনো বিদ্যালয়ে বৰ্জন কৰিলে গুণোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.