ETV Bharat / state

জোনাইত সন্মিলিত গণশক্তি অসম দলৰ বিশাল যোগদান সমাৰোহ

author img

By

Published : Nov 7, 2020, 11:28 AM IST

ganasakti party
ganasakti party

জোনাইত সন্মিলিত গণশক্তি অসম দলৰ বিশাল যোগদান সমাৰোহ ৷ বিধায়ক ভূৱন পেগুৰ উপস্থিতিত শতাধিক কংগ্ৰেছ, কৃষক মুক্তি সংগ্ৰাম সমিতি, বিজেপি আৰু অগপ কৰ্মীৰ সন্মিলিত গণশক্তি দলত যোগদান ৷

জোনাই, ৭ নৱেম্বৰ : সন্মিলিত গণশক্তি অসম দলৰ জোনাই ব্লক সমিতিৰ উদ্যোগত মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত আনুষ্ঠানিক সদস্য ভৰ্ত্তি অনুষ্ঠান ৷ এই অনুষ্ঠানত সভাপতিত্ব কৰে সন্মিলত গণশক্তি অসম দলৰ দলৰ সভাপতি ৰাজু মেদক, উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ আগবঢ়ায় জোনাই ব্লকৰ সম্পাদক সুবল হাজঙে ৷

ganasakti party
জোনাইত সন্মিলিত গণশক্তি অসম দলৰ বিশাল যোগদান সমাৰোহ

যোগদান সমাৰোহত জোনাইৰ বিধায়ক ভূৱণ পেগুৰ উপস্থিতিত শতাধিক কংগ্ৰেছ, কৃষক মুক্তি সংগ্ৰাম সমিতি, বিজেপি আৰু অগপ কৰ্মীয়ে সন্মিলিত গণশক্তি দলত যোগদান কৰে জোনাইত ৷ ইয়াৰে কংগ্ৰেছ দলৰ ৩০ জন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ, ৬৩ জন বিজেপি, অগপ দলৰ ৫৭ জন কৰ্মীয়ে যোগদান কৰে সন্মিলিত গণশক্তি অসম দলত ৷ উক্ত অনুষ্ঠানত বিধায়ক ভূৱন পেগুৱে নতুনকৈ দলত যোগদান কৰা কৰ্মী সকলক উদ্দেশ্য কৰি কয় যে, সন্মিলিত গণশক্তি অসম দলত যোগদান কৰিলেই নহ’ব আমাৰ কৰণীয় কাম বহুত আছে আৰু এজন এজন যোদ্ধা হিচাপে আমাৰ কৰণীয় কামবোৰ কৰি যাব লাগিব ৷

লগতে পঢ়ক : অসম ত্ৰিপুৰা সীমান্তত তিনি নাইজেৰিয়ান নাগৰিক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.