ETV Bharat / state

Feral Horses at Jonai : জোনাইৰ নদীদ্বীপ কবু চাপৰিত বন ঘৰচীয়া ঘোঁৰাৰ মুক্ত বিচৰণ

author img

By

Published : Jan 11, 2023, 1:15 PM IST

Jonai
Jonai

অস্তিত্বৰ সংকটত বন ঘৰচীয়া ঘোঁৰা । জোনাইৰ নদীদ্বীপ কবু চাপৰিত বন ঘৰচীয়া ঘোঁৰাৰ মুক্ত বিচৰণ । ব্যৱস্থা গ্ৰহণৰ বাবে বন বিভাগক দাবী স্থানীয় ৰাইজৰ (Free movement of Feral Horses) ।

কবু চাপৰিত বন ঘৰচীয়া ঘোঁৰাৰ মুক্ত বিচৰণ

জোনাই, ১১ জানুৱাৰী : অস্তিত্বৰ সংকটত ভুগিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ (Dibru Saikhowa National Park) বন ঘৰচীয়া ঘোঁৰা (Feral Horses in existence problem) ৷ ব্ৰহ্মপুত্ৰৰ বুকুৰ চৰ-চাপৰিসমূহত ৰাষ্ট্ৰীয় উদ্যানখনৰ শ শ বন ঘৰচীয়া ঘোঁৰাৰ মুক্ত বিচৰণ দেখা গৈছে (Free movement of Feral Horses) ৷

ঔপনিৱেশিক ব্ৰিটিছ শাসনকালতে ডিব্ৰু-চৈখোৱাৰ বুকুত এৰি থৈ যোৱা বনঘৰচীয়া ঘোঁৰাই এতিয়া নিৰাপত্তাহীনতাত ভুগি ত্যাগ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখন ৷ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত থকা বিভিন্ন চাপৰিত মুক্তভাৱে বিচৰণ কৰি ফুৰিছে খাদ্যৰ সন্ধানত ওলাই অহা শ শ বন ঘৰচীয়া ঘোঁৰাই (Feral Horses take shelter in char chapori) ৷

ইফালে জোনাইৰ নদীদ্বীপ কবু চাপৰিত মঙলবাৰে এনেদৰে দেখা গৈছে বন ঘৰচীয়া ঘোঁৰা ৷ জানিব পৰা মতে, কবু চাপৰিত ২০ টাৰো অধিক বন ঘৰচীয়া ঘোঁৰাই বিচৰণ কৰা দেখা পাইছে স্থানীয় ৰাইজে (Feral Horses shown in Jonai) ৷ আনহাতে, বন ঘৰচীয়া ঘোঁৰাবোৰে সময় সময়ে খেতিয়কৰ পথাৰত ধান খাই নষ্ট কৰি অহা বুলিও জানিবলৈ দিয়ে স্থানীয় বাসিন্দাসকলে ৷ অস্তিত্বৰ সংকটত পৰা বন ঘৰচীয়া ঘোঁৰাকেইটাক ব্যৱস্থা গ্ৰহণৰ বাবে বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷

উল্লেখ্য, বিভিন্ন সময়ত ডিব্ৰু-চৈখোৱাৰ প্ৰান্তৱৰ্তী ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ ওলাই আহে এই বন ঘৰচীয়া ঘোঁৰাবোৰ । শেহতীয়াভাৱে ডিব্ৰুগড় চহৰৰ কাষেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ চাপৰিৰ মাজত আপোন মনে বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰা গৈছিল এজাক বন ঘৰচীয়া ঘোঁৰাই (Feral Horses roams near Brahmaputra) । এই বন ঘৰচীয়া ঘোঁৰাৰ জাকটোত অতি দুৰ্লভ বগা ঘোঁৰাও (rare white horse) আছিল ৷

ৰাজ্যৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পাচত ডিব্ৰুগড়ৰ মহাবাহু ব্ৰহ্মপুত্ৰ চাপৰিত পোন প্ৰথমবাৰৰ বাবে দেখা গৈছিল এই বন ঘৰচীয়া ঘোঁৰাৰ বিচৰণৰ এক নান্দনিক দৃশ্য । জানিব পৰা মতে, ডিব্ৰুগড় চহৰৰ মাইজান চাপৰিত বিগত দুটা বৰ্ষৰ পৰা বিচৰণ কৰি আছে এই ঘোঁৰাৰ জাকটোৱে । অৱশ্যে মানুহৰ চকুত খুব কমেইহে ধৰা দিয়ে ঘোঁৰাৰ জাকটোৱে । আনহাতে, বহু হেক্টৰ চাপৰি ভূমি সংলগ্ন হৈ আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগত । কিন্তু ব্ৰহ্মপুত্ৰৰ ভয়াৱহ বানৰ কবলত পৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা বাহিৰলৈ ওলাই আহিবলগা হৈছে এই ঘোঁৰাৰ জাকটো ৷

উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ভাৰতবৰ্ষৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰা পোৱা উদ্যান । এই ঘোঁৰাবোৰক বন ঘৰচীয়া ঘোঁৰা বুলি নামকৰণ কৰাৰ এক ইতিহাস আছে । এই ঘোঁৰাবোৰ আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সৈন্যই ব্যৱহাৰ কৰা ঘোঁৰা । যুদ্ধ অন্ত পৰাৰ পাছত ইংৰাজ সৈন্যই এই ঘোঁৰাবোৰ ইংলেণ্ডলৈ ঘূৰাই নিনি বনত মুকলি কৰি দিয়ে ।

তাৰ পিছত এই ঘোঁৰাবোৰ বনতে থাকি যায় আৰু বনৰীয়া হৈ পৰে । তদুপৰি, এই উদ্যানখন হৈছে অসমৰ ৰাজ্যিক চৰাই, আপুৰুগীয়া দেওহাঁহৰ (White winged Wood Duck) আৱাস ভূমি । ইয়াৰ উপৰি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসম চৰকাৰে ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি দিয়া লুপ্তপ্ৰায় শিহুৰ (River dolphin) বাসস্থান ।

এই উদ্যানত কেইবাটাও প্ৰজাতিৰ মাছ, সাপ, ভেকুলী, পখিলা, বনৰীয়া ম'হ (Wild Buffalo), বাঘ, হাতী, বন বোন্দা (Jungle Cat), উদ (Otter), মেচেকা, উৰণীয়া কেৰ্কেটুৱা (Flying Squirrel), হলৌ বান্দৰ (Goolock Gibbon), শিহু (Dolphin), অসমীয়া বান্দৰ (Assamese Macaque), মলুৱা বান্দৰ (Macaca Macaque), লাজুকী বান্দৰৰ (Slowtoris) লগতে বিবিধ বৃক্ষ, তৃণ, লতা, ঔষধি গছ, কেইবাবিধো বনফুল (Orchid) ইত্যাদি পোৱা যায় ।

লগতে পঢ়ক :Pabho Reserve Forest eviction 2nd day : দ্বিতীয় দিনাও পাভ বনাঞ্চলত চলিল প্ৰশাসনৰ বুলডজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.