ETV Bharat / state

জোনাই বেৰাচাপৰিত চিয়াং নদীৰ খহনীয়াত আতংকিত ৰাইজ

author img

By

Published : Aug 11, 2019, 1:26 PM IST

বহু পৰিয়ালে নিজৰ আপোন ঘৰখন ভাঙি অনিশ্চয়তাৰে আশ্ৰয় লৈছে পথৰ ওপৰত ৷

জোনাই বেৰাচাপৰিত চিয়াং নদীৰ খহনীয়াত আতংকিত ৰাইজ

জোনাই, ১১ আগষ্ট: জোনাইত চিয়াং নদীৰ ভয়ংকৰ খহনীয়া | জোনাই বেৰাচাপৰিত খহনীয়াত জাহ গ'ল এটা মথাউৰি | মথাউৰি ছিঙি বাগৰি অহা চিয়াং নৈৰ পানীয়ে জলমগ্ন কৰিছে বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ 20-25 খন গাঁৱৰ লগতে একমাত্ৰ শিক্ষানুষ্ঠান বেৰা মিলন হাইস্কুলখন পানীয়ে বুৰাই পেলোৱাত 4-5 দিনৰ বাবে বিদ্যালয়ল বন্ধ দিয়া হৈছে | অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান বেৰা মিলন হাইস্কুলখন কেইটামান দিনৰ পিছত চিয়াং নৈৰ গৰাখহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ সম্ভাৱনাই দেখা দিয়াত চিন্তিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক তথা ৰাইজ |

জোনাই বেৰাচাপৰিত চিয়াং নদীৰ খহনীয়াত আতংকিত ৰাইজ

ইফালে চিয়াং নদীৰ তীব্ৰ খহনীয়া দেখি আতংকিত হৈ বহু পৰিয়ালে নিজৰ আপোন ঘৰখন লগতে দোকান-পোহাৰ ভাঙি পথৰ ওপৰত আশ্ৰয় লৈছে |

Intro:Body:জোনাই বেৰাচাপৰিত চিয়াং নদীৰ খহনীয়াত আতংকিত/  বহু পৰিয়ালে নিজৰ আপোন ঘৰখন ভাঙি অনিশ্চয়তাৰে আশ্ৰয় লৈছে পথৰ ওপৰত


জোনাই ১১ আগষ্ট

জোনাইত চিয়াং নদীৰ ভয়ংকৰ খহনীয়া অব্যাহত | জোনাই বেৰাচাপৰিত খহনীয়াত জাহ গল এখন  মথাউৰি | মথাউৰি ছিঙি বাগৰি অহা চিয়াং নৈৰ পানীয়ে জলমগ্ন কৰিছে বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ 20-25 খন গাঁৱৰ লগতে  একমাত্ৰ শিক্ষানুষ্ঠান বেৰা মিলন হাইস্কুলখন পানীয়ে বুৰাই পেলোৱাত 4-5 দিনৰ বাবে বিদ্যালয়ল বন্ধ দিয়া বুলি জানিব পৰা গৈছে | অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান বেৰা মিলন হাইস্কুলখন কেইটামান পিছত চিয়াং নৈৰ গৰাখহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ সম্ভাৱনাই দেখা দিয়াত চিন্তিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক তথা ৰাইজৰ মাজত |  ইফালে চিয়াং নদীৰ তীব্ৰ খহনীয়া দেখি আতংকিত হৈ বহু পৰিয়ালে নিজৰ আপোন ঘৰখন  লগতে দোকান আদি ভাঙি এপদ এপদকৈ দাঙি ৰাখিব লগীয়া হৈছে পথৰ ওপৰত | বেৰাচাপৰিৰ তাৰি মাজগাঁওৰ বহু গৃহহাৰা পৰিয়ালে এতিয়া অনিশ্চয়তাৰে ঘৰৰ বয় বস্তু আদি টালি টোপোলা বান্ধি পৰিয়ালক লৈ আশ্ৰয় কৰি আছে পথৰ ওপৰত | কিন্তু বেৰা চাপৰিৰ গৃহহাৰা পৰিয়ালসকলে কণ কণ শিশু, পৰিয়ালৰ লৈ এতিয়া কলৈ যাব কত থাকিব এই লৈ সৃষ্টি হৈছে হাহাকাৰ| 

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.