ETV Bharat / state

ধেমাজিত ই-ৰিক্সাৰ বেটাৰী লৈ উধাও চোৰ

author img

By

Published : Dec 14, 2020, 10:03 AM IST

theft in dhemaji
ধেমাজিত চুৰিকাণ্ড

ধেমাজিৰ তুলসীবাৰীত পুৱতি নিশা এঘৰ দৰিদ্ৰ মানুহৰ দুটাকৈ ই-ৰিক্সাৰ বেটাৰী চুৰি কৰে বাইকেৰে অহা চোৰে ৷ ঘটনা সন্দৰ্ভত দৰিদ্ৰ পৰিয়ালটোৱে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰে ৷

ধেমাজি,14 ডিচেম্বৰ : ধেমাজি সদৰ আৰক্ষী থানাৰ অধীনৰ তুলসীবাৰীত সোমবাৰে পুৱতি নিশা সংঘটিত হয় এক চুৰিকাণ্ড ৷ গাঁওখনৰ তীৰ্থ শইকীয়া নামৰ লোকজনৰ ঘৰৰ পৰা চোৰে দুটাকৈ ই-ৰিক্সাৰ বেটাৰী লৈ যোৱা বুলি জানিব পৰা গৈছে ৷ বাইকেৰে অহা চোৰে এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷

theft in dhemaji
ধেমাজিত চুৰিকাণ্ড

দৰিদ্ৰ পৰিয়ালটোৰ জীৱিকা একমাত্ৰ সম্বল ই-ৰিক্সাৰ বেটাৰী লৈ যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালটোৰ মাজত ৷ ঘটনা সন্দৰ্ভত ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰে তীৰ্থ শইকীয়াৰ পৰিয়ালটোৱে ৷

লগতে পঢ়ক : বৰমাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.