ETV Bharat / state

Embankment at Silapathar: মথাউৰি হ’ল; পিচে চিন্তামুক্ত হোৱা নাই চিলাপথাৰৰ ৰাইজ

author img

By

Published : Jul 24, 2023, 1:42 PM IST

মথাউৰি নিৰ্মাণ হ’ল যদিও চিন্তামুক্ত হ’ব পৰা নাই চিলাপথাৰবাসী ৷ দিজমুৰ গাঁৱৰ পৰা সোণাৰী গাঁৱলৈ মুঠ ১৩.০৩ কিলোমিটাৰ মথাউৰি পথৰ দৰে নিৰ্মাণ কৰাত ৰাইজ আনন্দিত যদিও ব্ৰহ্মপুত্ৰই অব্যাহত ৰখা প্ৰবল গৰাখহনীয়াই ৰাইজক বাৰুকৈ চিন্তিত কৰি তুলিছে ।

Road construction in Silapathar
দিজমুৰ সোনাৰী মথাউৰি

দিজমুৰ সোনাৰী মথাউৰি

জোনাই, ২৪ জুলাই: ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ ৰাইজে দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে । ব্য়তিক্ৰম নহয় চিলাপথাৰ । চিলাপথাৰৰ নৈপৰীয়া ৰাইজৰ দীৰ্ঘকালীন দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি জনোৱাৰ পিচত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে দিজমুৰ-সোণাৰী মথাউৰি । জিলাখনৰ চিলাপথাৰ অঞ্চলৰ চিমেনমুখ পঞ্চায়তৰ পৰা মুক্তিয়াৰ পঞ্চায়তলৈকৈ প্ৰসাৰিত পঞ্চাশৰ দশকতে নিৰ্মিত মথাউৰিটো পকীকৰণৰ কৰি পথলৈ পৰ্যবসিত কৰিলে চৰকাৰে ।

চৰকাৰৰ দ্বাৰা অনুমোদিত আৰ আই ডি এফ (NABARD) XXVII আঁচনিৰ অধীনত দিজমুৰ গাঁৱৰ পৰা সোণাৰী গাঁৱলৈ মুঠ ১৩.০৩ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।

উল্লেখ্য় যে চৰকাৰে জোনাই, ধেমাজি, ঢখুৱাখানাৰ পৰা মাজুলীলৈকৈ নিৰ্মাণৰ পদক্ষেপ লৈছে এক্সপ্ৰেছ হাইৱে । ইতিমধ্য চিলাপথাৰৰ নৈপৰীয়া মধ্য আৰু নামনি টিচিটঙানিত অব্যাহত আছে পথ তথা মথাউৰী পকীকৰণৰ কোটি টকীয়া আঁচনিৰ কাম । নিৰ্মীয়মান এক্সপ্ৰেছ হাইৱেৰেই এক অংশ হ'ল এই চিলাপথাৰৰ দিজমুৰ-সোনাৰী মথাউৰিটো ।

এই মথাউৰিটো পথলৈ পৰ্যবসিত হোৱাত ৰাইজৰ দীৰ্ঘদিনীয়া এক যাতায়তী সমস্যা লাঘব কৰিছে । এসময়ৰ বিধস্ত মথাউৰিটো সুচল পথলৈ পৰ্যবসিত হোৱাত উল্লাসিত হৈ পৰিছে ৰাইজ । স্থানীয় ৰাইজে তেওঁলোকৰ সমস্য়া সমাধান হোৱাৰ দিশে অগ্ৰসৰ হোৱাত সন্তুষ্ট বুলি মন্তব্য় কৰিছে । পিছে এই মথাউৰিৰ সমীপতে লাগি থকা ব্ৰহ্মপুত্ৰই অব্যাহত ৰখা প্ৰবল গৰাখহনীয়াই ৰাইজক বাৰুকৈ চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক:Parliament monsoon session 2023: অধিৱেশনৰ তৃতীয় দিনাও মণিপুৰৰ বিষয়কলৈ সংসদত হুলস্থূল হোৱাৰ সম্ভাৱনা

নৈখনে মুক্তিয়াৰ পঞ্চায়তৰ বিভিন্ন স্থানত দিবা নৈশে অব্যাহত ৰখা প্ৰচণ্ড খহনীয়াই পথ তথা মথাউৰিলৈ কঢ়িয়াইছে প্ৰবল ভাবুকি । নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ সময়োচিত ব্যৱস্থা নল'লে পথটোৰ লগতে নৈপৰীয়া ৰাইজক ধূলিসাৎ কৰিবলৈ অধিক সময় নালাগিব বুলি আশংকা কৰি পথ নিৰ্মাণৰ লগতে খহনীয়া প্ৰতিৰোধৰ উন্নত ব্যৱস্থা হাতত ল'বলৈকো দাবী জনাইছে ।

লগতে পঢ়ক:Police Constable Dismissed: তিনিশ টকা ঘোচ লৈ চাকৰি হেৰুৱালে কনিষ্টবল শ্বাহ আলমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.