ETV Bharat / state

Assam flood situation worsens : ধেমাজিত হ্ৰাস পাইছে জীয়াঢলৰ পানী

author img

By

Published : Jul 17, 2023, 7:18 PM IST

Dhemaji flood news
ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী

ধেমাজিত হ্ৰাস পাইছে জীয়াঢলৰ পানী ৷ জিলাখনত ১৬,৬০৮ গৰাকী আৰু ৮০৯ হেক্টৰ কৃষিভূমি বানত আক্ৰান্ত । ১৫ নং ঘাইপথৰ ওপৰে বাগৰি আছে পানী ৷ বানাক্ৰান্তৰ দুখ -দুৰ্দশা বুজ ল'বলৈ আহৰি নাই ৰজাঘৰীয়াৰ ।

ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী

ধেমাজি, ১৭ জুলাই: ধেমাজিত জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়নী আজি হ্ৰাস পাইছে যদিও জীয়াঢল চাৰিআলিৰ সমীপৰ পৰা নআলি ভজু গাৱঁলৈকে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী বাগৰি আছে ৷ অৱশ্যে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যান -বাহন চলাচল অব্যাহত আছে ৷ জীয়াঢল চাৰিআলিৰ সমীপৰ নআলি ভজু গাঁও ,হেচুলি ,শালমাৰী ,চেচাসহ দিহিৰি চাপৰি আদি গাঁৱত বহুতৰে চোতালত পানী কমিবলৈ ধৰিছে ৷ শুকাইছে পদূলি ৷ অৱশ্যে এতিয়াও শংকা আঁতৰা নাই ৷ কাৰণ বাৰিষা প্ৰৱল বৰষুণ আৰম্ভ হ'লেই পুনৰ বানৰ কবলত পৰিব পাৰে অঞ্চলবাসী ৷

সোমবাৰে নআলি ভজু গাঁৱত ধেমাজি স্বাস্থ্য বিভাগে ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে বানাক্ৰান্তৰ মাজত ঔষধ যোগান ধৰে ৷ উল্লেখ্য যে ধেমাজি জিলা প্ৰশাসনে দেওবাৰে নিশা প্ৰস্তুত কৰা তথ্য মতে,চলিত বছৰৰ বাৰিষাত ধেমাজি ,চিচিবৰগাঁও, গোগামুখ আৰু জোনাইৰ ৰাজহ চক্ৰত জিলাখনতৰ ৯৮খন গাঁও বানৰ কৱলত পৰিছে ৷ জিলাখনত মুঠ ১৬,৬০৮গৰাকী লোক বানৰ কৱলত পৰিছে । আনহাতে, জিলাখনত মুঠ ৮০৯ হেক্টৰ কৃষি ভূমি বানত বুৰ হৈছে ৷ ধেমাজি ৰাজহ চক্ৰত ৬খন গাঁও ক্ৰমে হেচুলি পাম ,চেঙেলী পথাৰ ,দিহিৰি চাপৰি, চেঙমাই দলন,ৰংপুৰীয়া আৰু শিমলুগুৰি বানৰ কবলত পৰিছে । ইয়াৰ বিপৰীতে গোগামুখ ৰাজহ চক্ৰত ৩ খন গাঁও ,জোনাই ৰাজহ চক্ৰত সৰ্বাধিক ৬০খন গাঁও আৰু চিচিবৰগাঁও ৰাজহ চক্ৰত ২৯খন গাঁওসহ মুঠ ৯৮খন গাঁৱৰ লোক বৰ্তমান বানত আক্ৰান্ত হৈ আছে ৷

প্ৰশাসনে বানাক্ৰান্তক প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ অব্যাহত ৰাখিছে ৷ ইপিনে,নআলি ভজু গাঁৱৰ বানাক্ৰান্তই ৰজাঘৰীয়াই খবৰ নোলোৱা অভিযোগ উত্থাপন কৰিছে ৷ নিৰ্বাচনত জয়ী হৈ ক্ষমতা লোৱাৰ পিছতে জনসাধাৰণক পাহৰি যোৱা বুলি ক্ষোভ প্ৰকাশ কৰে বানাক্ৰান্তই ৷ সেইদৰে প্ৰশাসনৰ ৰাজহচক্ৰ বিষয়া ,মণ্ডল সকলোৱে গাড়ীৰ পৰাই ৰং চাই যায় বুলি ক্ষোভ উজাৰিছে বানাক্ৰান্তই ৷

লগতে পঢ়ক:Assam flood situation worsens: জোনাইত পাহাৰীয়া নদীৰ বলিয়া বানৰ কৱলত ৬০খন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.