ETV Bharat / state

Bodo Sahitya Sabha: বড়ো সাহিত্য সভাৰ অধিৱেশনৰ সামৰণি

author img

By

Published : Nov 20, 2022, 9:56 PM IST

Concludes Annual Session of Bodo Sahitya Sabha at Jonai
সামৰণি পৰিল বড়ো সাহিত্য সভাৰ অধিৱেশনৰ

দুদিন ধৰি উখল মাখল হৈ আছিল মাইদাংশ্ৰী খেলপথাৰৰ বাকৰি ৷ দুদিনীয়াকৈ মাইদাংশ্ৰী খেলপথাৰত অনুষ্ঠিত কৰা বড়ো সাহিত্য সভাৰ জোনাই প্ৰাথমিক সমিতিৰ ৩৮ সংখ্যক, এবছুৰ জোনাই আঞ্চলিকৰ ২৪ সংখ্যক,আবৌফৰ জোনাই আঞ্চলিকৰ ২০ সংখ্যক বছৰেকীয়া অধিৱেশনৰ সামৰণি পৰিল (Concludes Annual Session of Bodo Sahitya Sabha at Jonai) ৷

জোনাই, ২০ নৱেম্বৰ : শনিবাৰৰ পৰা মাইদাংশ্ৰী খেলপথাৰত দুদিনীয়াকৈ আৰম্ভ হৈছিল বড়ো সাহিত্য সভাৰ জোনাই প্ৰাথমিক সমিতিৰ ৩৮ সংখ্যক, এবছুৰ জোনাই আঞ্চলিক সমিতিৰ ২৪ সংখ্যক, আবৌফৰ জোনাই আঞ্চলিক সমিতিৰ ২০ সংখ্যক বছৰেকীয়া অধিৱেশন ৷ শনিবাৰৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ আজি সফল সামৰণি পৰে (Concludes Annual Session of Bodo Sahitya Sabha at Jonai) ।

সামৰণি পৰিল বড়ো সাহিত্য সভাৰ অধিৱেশনৰ

দ্বিতীয় দিনা অৰ্থাৎ আজি পুৱা ৮ বজাত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে জোনাই প্ৰাথমিক সমিতিৰ সভাপতি শুক্ৰধৰ বসুমতাৰীয়ে ৷ লগতে এবছুৰ পতাকা উত্তোলন কৰে জোনাই আঞ্চলিক সমিতিৰ সভাপতি মোজাং গোঁসাই নাৰ্জাৰীয়ে আৰু আবৌফৰ পতাকা উত্তোলন কৰে জোনাই আঞ্চলিক সমিতিৰ সভানেত্ৰী বাইলেং গয়াৰীয়ে । পুৱা ৮:৩০ বজাত শ্বহীদ তৰ্পন কৰে এবছুৰ জোনাই আঞ্চলিক সমিতিৰ উপ সভাপতি সত্যজিৎ বসুমতাৰীয়ে ।

পুৱা ৮:৪৫ বজাত নৱ নিৰ্মিত বড়ো সাহিত্য সভাৰ শ্বহীদ বেদী উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে আৰু এবছুৰ শ্বহীদ বেদী উদ্বোধন কৰে এবছুৰ জোনাই আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক চন্দ্ৰকান্ত বসুমতাৰীয়ে । পুৱা ১০:৩০ বজাত পুৰষ্কাৰ বিতৰণি সভা অনুষ্ঠিত কৰা হয় । দিনৰ ১১ বজাৰ মুকলি সভাখন উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক ভূমিধৰ বড়োয়ে ।

মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী ৷ তেওঁ কয়, ‘‘বড়োসকলৰ ৰাজনৈতিক, শৈক্ষিক, সাংস্কৃতিক, ভূমিৰ অধিকাৰ প্ৰাপ্তিৰ বাবে জাতিটোৰ সকলো শ্ৰেণীৰ জনগণে একত্ৰিতভাৱে সংগ্ৰাম চলাই যাব লাগিব ৷ উন্নত শৈক্ষিক পৰিৱেশ নিৰ্মাণ ন'হলে আৰু জাতি আত্মনিৰ্ভৰ হ'বলৈ কৃষি অৰ্থনীতি সৱল কৰিব লাগিব’’ ।

নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি আবৌফৰ সহকাৰী সাহিত্য সম্পাদিকা সৌৰ্জিলা ওৱাৰীয়ে এখন সংস্কাৰমুখী সমাজ গঠনত মহিলাৰ ভূমিকা অপৰিসীম বুলি বক্তব্য ৰাখি শিক্ষা, সংস্কৃতি, ভাষা-সাহিত্য, কৃষি ক্ষেত্ৰৰ উন্নয়নত গুৰুত্ব আৰোপ কৰি আত্মনিৰ্ভৰ সমাজ নিৰ্মাণত আগবাঢ়ি আহিবলৈ উপস্থিত ৰাইজক আহ্বান জনায় ।

মুকলি সভাত সন্মানীয় অতিথি হিচাপে বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সভাপতি দিলীপ বসুমতাৰী, এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি লখেন বসুমতাৰী, আমন্ত্ৰিত অতিথি হিচাপে বড়ো জাতীয় সংগঠনৰ বহু সংখ্যক নেতা, জনপ্ৰতিনিধি, সমাজকৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক : Shiliaditya Dev Controversial Remarks : কংগ্ৰেছৰ ভাৰত জোড়ো আন্দোলনক নাটক আখ্যা শিলাদিত্য দেৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.