Shiliaditya Dev Controversial Remarks : কংগ্ৰেছৰ ভাৰত জোড়ো আন্দোলনক নাটক আখ্যা শিলাদিত্য দেৱৰ

author img

By

Published : Nov 20, 2022, 8:22 PM IST

Shiladitya

কংগ্ৰেছে 1947 চনত ভাৰতবৰ্ষক ধৰ্মৰ ভিত্তিত পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানত ভাগ কৰিছিল ৷ কংগ্ৰেছে ভাৰতবৰ্ষত পূৰ্বতেই 'ভাৰত তোড়ো আন্দোলন' কৰি ভাৰতবৰ্ষখনক দুভাগ কৰি দিছে (Shiladitya Dev slammed Congress) ৷ সেই কংগ্ৰেছে এতিয়া 'ভাৰত জোড়ো আন্দোলন' কৰি নাটক কৰিছে ।

বৰপেটাৰোড, 20 নৱেম্বৰ : কংগ্ৰেছে 1947 চনত ভাৰতবৰ্ষক ধৰ্মৰ ভিত্তিত পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানত ভাগ কৰিছিল ৷ কংগ্ৰেছে ভাৰতবৰ্ষত পূৰ্বতেই 'ভাৰত তোড়ো আন্দোলন' কৰি ভাৰতবৰ্ষখনক দুভাগ কৰি দিছে (Shiladitya Dev slammed Congress) ৷ সেই কংগ্ৰেছে এতিয়া 'ভাৰত জোড়ো আন্দোলন' কৰি নাটক কৰিছে ।

কংগ্ৰেছৰ ভাৰত জোড়ো আন্দোলনক নাটক আখ্যা শিলাদিত্য দেৱৰ

এই মন্তব্য হোজাইৰ বিতৰ্কিত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ (Former Hojai MLA Shiladitya Dev) ৷ দেওবাৰে বৰপেটাৰোডৰ ইস্কন মন্দিৰ (ISKCON Temple Barpeta Road) দৰ্শন কৰিবলৈ আহি বিতৰ্কিত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে কয়, "ৰাইজে কংগ্ৰেছৰ ভাৰত জোড়ো আন্দোলনক গ্ৰহণ কৰা নাই (Congress Bharat Jodo Yatra) ৷ ৰাইজে কংগ্ৰেছক কৈ আছে 'আপ ভাৰত চোড়ো' ৷ সেয়ে কংগ্ৰেছৰ এই আন্দোলনৰ কোনো মিল দেখা নাই ।"

শিলাদিত্য দেৱে পুনৰ কয়- মোদীয়ে বিজেপিৰ শাসন চলাই আছে (BJP led Modi Govt) ৷ আগন্তুক 20 বছৰ চিন্তা কৰিবলগীয়া নাই ৷ বিজেপিয়েই শাসনভাৰ চলাই থাকিব ৷ ভাৰতবৰ্ষৰ প্ৰত্যেকজন লোকেই RSS-ৰ লগত যোগসূত্ৰত থাকিব লাগে, RSS-ৰ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগে বুলি উল্লেখ কৰি বিশেষকৈ অসমৰ মানুহে বেছিকৈ RSS-ৰ লগত জড়িত হ'ব লাগে বুলিও কয় বিতৰ্কিত প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ অসমৰ ১১খন জিলা হাতৰ পৰা ওলাই যোৱাৰ কথা উল্লেখ কৰি অসমক শক্তিশালী কৰিবলৈ হ'লে আৰু বাংলাদেশীমুক্ত কৰিবলৈ হ'লে প্ৰতিজন লোকেই RSS-ৰ ওচৰ চাপিবই লাগিব বুলিও কয় বিতৰ্কিত শিলাদিত্য দেৱে ৷

পূৰ্বতে মোগলে তৰোৱালৰ জৰিয়তে হিন্দুসকলক মুছলমানলৈ ধৰ্মান্তৰিত কৰিছিল বুলি শিলাদিত্য দেৱে উল্লেখ কৰি কয়, এতিয়া মোগল নাই ৷ সেয়ে এতিয়া বেলেগ ব্যৱস্থা আৰম্ভ কৰা হৈছে ৷ ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত ক'ৰবাত লাভ জেহাদ (Love Jihad), ক'ৰবাত হত্যা কৰিছে ৷ এইবোৰ দেখাৰ পাছতো যদি হিন্দু সম্প্ৰদায়ৰ যুৱতী আৰু অভিভাৱকসকল সজাগ নহয় তেন্তে সমাজখন শক্তিশালী নহ'ব । সেয়ে ৰামায়ণ, মহাভাৰত, গীতা ধৰ্মগ্ৰন্থ অধ্যয়ন কৰাৰ খুব প্ৰয়োজন হৈ পৰিছে বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে ৷

ইস্কন মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াকো গাঁৱে-ভূঞে গৈ সনাতন ধৰ্ম শক্তিশালী কৰিবলৈ আহ্বান জনায় ৷ লগতে মাতৃসকল শক্তিশালী হ'লেহে সনাতন ধৰ্ম শক্তিশালী হ'ব বুলিও কয় শিলাদিত্য দেৱে ৷ যিসকল যুৱতীয়ে লাভ জেহাদৰ নামত বাংলাদেশী মুছলমানৰ লগত পলাই যায় সেইসকলক ত্যাগ কৰিবলৈ অভিভাৱকসকলক আহ্বান জনায় শিলাদিত্য দেৱে ৷ তেনে যুৱতীক সমাজত কোনো স্থান দিব নালাগে আৰু সমাজেও সেই যুৱতীসকলক গ্ৰহণ কৰিব নালাগে বুলিও কয় শিলাদিত্য দেৱে ৷

মুছলমানৰ ঘৰৰ যুৱতী হিন্দু ল'ৰাৰ লগত পলাই নাযায়, হিন্দু যুৱতী কিয় মুছলমানৰ লগত পলাই যায় বুলি প্ৰশ্ন উত্থাপন কৰি এইক্ষেত্ৰত নিজৰ সন্তানৰ ওপৰত নজৰ নৰখা সেইসকল মাতৃ তথা পিতৃকো দোষাৰোপ কৰে শিলাদিত্য দেৱে ৷ শিলাদিত্য দেৱৰ লগতে বিস্ফোৰণ, মুছলমানৰ লাভ জেহাদ চলিবই ৷ এইটো মুছলমানৰ কৌশল ৷ মুছলমানে সমগ্ৰ বিশ্বতেই ইছলাম ধৰ্মক আগবঢ়াই নিবলৈ বাকী ধৰ্মক পিছ পেলোৱাটো মুছলমানৰ অংক আগৰে পৰাই আছে বুলিও কয় শিলাদিত দেৱে ৷

লগতে পঢ়ক :Lachit Divas in Delhi : জনশূন্য জনতা ভৱন, মন্ত্ৰী-আমোলাৰ দিল্লী গমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.