ETV Bharat / state

ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Oct 15, 2020, 7:06 AM IST

দীৰ্ঘ দিন ধৰি ৰে'ল যাতায়াতৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সদস্য সকলে । অতি শীঘ্ৰেই ৰে'ল ষ্টেপেজৰ ব্যৱস্থা নকৰিলে জংগী আন্দোলন হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।

ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ
ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

ধেমাজি, 15অক্টোবৰ : ধেমাজি ৰে'লৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ ষ্টপেজৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ নতুন পথেৰে চলিছে দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছ । আনহাতে বহু প্ৰতীক্ষাৰ অন্ততঃ ধেমাজি জিলাখনৰ মাজেৰে ৰাজধানী এক্সপ্ৰেছখন চলাচল কৰাৰ বাবে বিভিন্ন দল সংগঠনে আদৰণি জনাইছে । কিন্তু ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰা ৰে'লখনৰ বাবে ধেমাজি জিলাৰ কোনো এঠাইত নাই ষ্টপেজ ।

ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ
ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

ফলত বহু অপেক্ষাকৃত ৰেলখনত উঠিবৰ বাবে পূৰ্বতে অন্য জিলালৈ যোৱাৰ দৰে এতিয়াও ব্যতিক্ৰম নহয় বুলি আক্ষেপ কৰে প্ৰতিবাদকাৰী সকলে । জিলা সদৰ তথা অৰুণাচল প্ৰদেশৰ যাত্ৰীসকলৰ লগতে দিল্লীত অধ্যয়নৰত ছাত্র ছাত্রী অথবা অন্যান্য ব্যক্তিসকলে বহু সমস্যাৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে । সেয়ে উক্ত ৰে'লখনৰ যাত্ৰীসকলৰ বাবে অনতিপলমে ধেমাজি সদৰত ষ্টপেজ দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । লগতে ধেমাজি জিলাৰ উপায়ুক্ত আৰু উত্তৰ পূব সীমান্ত ৰে'লৱে মুখ্য প্ৰৱন্ধকলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : বৰপেটাত মাৰণাস্ত্ৰসহ এজন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.