ETV Bharat / state

চন পৰি থকা ভূমিত কৃষি বিপ্লৱ, হালধীয়া হৈ উঠিছে চিয়াং নৈৰ পাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 9:52 AM IST

Assam Arunachal border
হালধীয়া হৈ উঠিছে চিয়াং নৈৰ পাৰ

হালধীয়া হৈ উঠিছে চিয়াং নৈৰ পাৰ ৷ চন পৰি থকা অসম-অৰুণাচল সীমান্তৰ চিয়াং নৈ পাৰৰ শ শ হেক্টৰ ভূমিত কৃষকে গঢ়ি তুলিছে কৃষি বিপ্লৱ ৷

হালধীয়া হৈ উঠিছে চিয়াং নৈৰ পাৰ

জোনাই, 7 ডিচেম্বৰ : চিয়াং নৈৰ পাৰত কৃষকে ৰচিছে সপোন ৷ হালধীয়া হৈ উঠিছে চিয়াং নৈৰ পাৰ ৷ আলু, কবি, বেঙেনা, তিল, মাকৈ, সৰিয়হৰ খেতিৰে নদনবদন হৈ পৰিছে চিয়াং নৈৰ পাৰ ৷ চালে চকুৰোৱা হৈ উঠিছে অসম-অৰুণাচল সীমান্তৰ্ৱতী চিয়াং নৈৰ পাৰ ৷

উল্লেখ্য যে, চনপৰি থকা অসম-অৰুণাচল সীমান্তৰ চিয়াং নৈ পাৰৰ শ শ হেক্টৰ ভূমিত কৃষকে গঢ়ি তুলিছে কৃষি বিপ্লৱ ৷ অসম-অৰুণাচল প্ৰদেশৰ প্ৰায় অৰ্ধশতাধিক কৃষকে চিয়াং পাৰত আলু, সৰিয়হ, মাকৈ, তিল, কবি, বেঙেনা আদি খেতি কৰি দেখুৱাইছে স্বাৱলম্বিতাৰ নিৰ্দশন ৷ চিয়াং নৈৰ পাৰত খৰালি আৰু বাৰিষা দুটা সময়তে বছৰ বছৰ ধৰি নানা খেতি কৰি আহিছে অসম-অৰুণাচলৰ খেতিয়কসকলে ৷

সম্পূৰ্ণ নিজা ধনেৰে খেতিয়কসকলে ব্যৱসায়িক ভিত্তিত খেতি কৰি উপাৰ্জনৰ এক বাটও মুকলি কৰিছে ৷ চিয়াং নৈ পাৰৰ অঞ্চলটো যিহেতু অসম আৰু অৰুণাচল প্ৰদেশৰ একেবাৰে সীমান্তত অৱস্থিত অঞ্চলটোৰ খেতিয়কসকলে কোনো এখন ৰাজ্যৰ পৰাই লাভ কৰা নাই চৰকাৰী সহায় ৷

কৃষকে গাঠিৰ ধন ভাঙি পঞ্জাৱৰ পৰা আলুৰ বীজ আনি চিয়াং নৈৰ পাৰৰ শ শ হেক্টৰ মাটিত ৰোপণ কৰে বীজ ৷ এই চিয়াং নৈৰ পাৰত হোৱা আলু অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, চিলাপথাৰ আদি ঠাইলৈ ৰপ্তানি হোৱাৰ ওপৰিও অৰুণাচলৰ পাচিঘাট, তেজু, ইটানগৰ, আলং, বাছাৰ আদি বিভিন্ন ঠাইলৈও ৰপ্তানি কৰা হয় ৷

যদিও লাখ লাখ টকা খৰছ কৰি খেতিয়কসকলে উৎপাদন কৰা ফচলৰ উচিত মূল্য লাভ নকৰাৰ বাবে কেতিয়াবা যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লগা হৈছে বুলি জানিবলৈ দিছে খেতিয়কসকলে ৷ সেয়ে চৰকাৰে কিছু অৰ্থিক সহায় কৰিলে কৃষকসকল যথেষ্ট উপকৃত হ’ব বুলি উল্লেখ কৰে কৃষকে ৷

লগতে পঢ়ক : চকুৰ পচাৰতে ভস্মীভূত হ’ল মৰমৰ ঘৰখন, মূৰে কঁপালে হাত দিছে গৃহস্থই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.