ETV Bharat / state

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত ধেমাজিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : May 29, 2020, 8:32 PM IST

AASU protest against Lower Subansiri hydroelectric power project at Dhemaji
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত ধেমাজিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

প্ৰকল্পটো বন্ধ কৰাৰ দাবীত শুকুৰবাৰে ধেমাজি সদৰত প্ৰতিবাদ সাব্যস্ত কৰি নদী বান্ধৰ কাম কাজ বন্ধ ৰাখিবলৈ দাবী জনাইছে ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ নহলে ইয়াৰ বাবদ আগন্তুক দিনত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হব লাগিব বুলি সকীয়াই দিয়ে জিলা সমিতিৰ সভাপতিগৰাকীয়ে ৷

ধেমাজি, 29 মে': নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম অতিশীঘ্ৰে বন্ধ কৰাৰ দাবীত ধেমাজিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ শুকুৰবাৰে সামাজিক দুৰত্ব বজাই ৰাখি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ কাম বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ কৰ্মী সকলে ৷ প্ৰতিবাদীসকলে সামাজিক দূৰত্ব মানি চলি হাতে হাতে প্লে কাড’ লৈ বৃহৎ নদীবান্ধ বন্ধ কৰক, নামনি বাসী ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰক, বান্ধলবীৰ ওচৰত বিক্ৰী যোৱা বিজেপি চৰকাৰ হুচিয়াৰ, বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত ধেমাজিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

এইক্ষেত্ৰত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি ডিপক শমাই কয় যে বৃহস্পতিবাৰে গেৰুকামুখস্থিত নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পথলী আছুৰ সম্পাদক গৰাকীৰ লগতে জিলাৰ বিষয় ববীয়াসকলে পৰিদৰ্শন কৰিছিল ৷ তাত দেখা দৃশ্যৰ পৰা এইয়া নিশ্চিত হয় যে এই প্ৰকল্পই নামনি অংশত ব্যাপক প্ৰভাৱ পেলাব ৷ সেয়ে প্ৰকল্পটো বন্ধ কৰাৰ দাবীত শুকুৰবাৰে ধেমাজি সদৰত প্ৰতিবাদ সাব্যস্ত কৰি নদী বান্ধৰ কাম কাজ বন্ধ ৰাখিবলৈ দাবী জনাইছে ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ নহলে ইয়াৰ বাবদ আগন্তুক দিনত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হব লাগিব বুলি সকীয়াই দিয়ে জিলা সমিতিৰ সভাপতিগৰাকীয়ে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সহ আছুৰ কৰ্মীৰ এটা দলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি ভীষণ উদ্বিগ্নতা প্ৰকাশ কৰিছিল ৷ যাৰ বাবে শীঘ্ৰেই নদীবান্ধৰ সকলো কাম কাজ বন্ধ কৰাৰ দাবী জনাইছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়কঃ বাঘজান গেছ-পাইপলাইন বিস্ফোৰণঃ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীলৈ ফোন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.