ETV Bharat / state

কৃষি বিভাগৰ বিৰুদ্ধে ধেমাজি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Aug 14, 2020, 5:11 PM IST

অসম চৰকাৰৰ কৃষি বিভাগৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি । চৰহা পোকৰ উপদ্ৰৱকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা ধেমাজি কৃষি বিভাগৰ ব্যৰ্থতাক লৈ বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলৰ বিৰুদ্ধে শুক্ৰবাৰে প্ৰতিবাদত নামিল ধেমাজি জিলা ছাত্ৰ সন্থা ।

aasu protest against agriculture department at dhemaji
কৃষি বিভাগৰ বিৰুদ্ধে ধেমাজি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ধেমাজি, ১৪ আগষ্ট :ৰাজ্যৰ কৃষি বিভাগক এটা অকৰ্মণ্য বিভাগ আখ্যা দি ইয়াৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম ছাত্র সন্থা । শুক্ৰবাৰে বিভাগটোৰ ধেমাজি জিলা বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলৰ নিলিপ্ত ভূমিকাত অতীষ্ঠ হৈ প্ৰতিবাদত নামি পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি ।

কৃষি বিভাগৰ বিৰুদ্ধে ধেমাজি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ধেমাজি জিলা কৃষি বিষয়াৰ কাৰ্য়ালয়ৰ সন্মুখত কৰা এই প্ৰতিবাদত ছাত্ৰ সন্থাই বিভাগটোৰ কৰ্মচাৰী সকলে কেতিয়াবা পথাৰত ভৰি ৰাখি পাইছে নেকি বুলিও প্ৰশ্ন কৰে । চৰহা পোকৰ উপদ্ৰৱকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা এই বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলক অকৰ্মণ্য আখ্যা দি অতুল বৰা হায় হায়, কৃষি মন্ত্ৰী গ' বেক, অকৰ্মণ্য কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী গ' বেক,কাৰ্যালয়ত শুই বহি দৰমহা খোৱা বিষয়া কৰ্মচাৰী গ' বেক আদি শ্ল'গানেৰে উত্তাল কৰি তোলে জিলা কৃষি কাৰ্যালয়ৰ চৌহদ ।

কৃষি বিষয়া হায় হায়,কৃষি বিভাগৰ কাম নাই আদি লিখাৰে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদীসকলে বিভাগটোক দিলে গৰিহণা।

aasu protest against agriculture department at dhemaji
কৃষি বিভাগৰ বিৰুদ্ধে ধেমাজি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

উল্লেখ্য যে,বানৰ পিছত ভূতৰ ওপৰত দানৱ পৰাদি চৰহা পোকে পথাৰত থাকি যোৱা শস্যখিনিও খাই কৰিছে নি:শেষ । ফলত দৈনিক শ শ হেক্টৰ কৃষি ভূমিৰ শস্য হৈছে ক্ষতিগ্ৰস্ত । বৰ্তমানলৈ জিলাখনত ৩৩ হাজাৰো অধিক হেক্টৰ কৃষিভূমিৰ শস্য অনিষ্ট হোৱা বুলি জানিব পৰা গৈছে ।

লগতে চাওকঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওদালগুৰিত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.