ETV Bharat / state

A village in Jonai has only bamboo bridges:জোনাইৰ এখন বিশেষ গাঁও, কেৱল বাঁহৰ দলঙৰেহে সংযুক্ত হৈ আছে বহি:জগতৰ সৈতে

author img

By

Published : Jul 19, 2023, 5:44 PM IST

bamboo bridges
উন্নয়নৰ এক ফোপোলা স্বৰূপ

জোনাইৰ গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ এক ফোপোলা স্বৰূপ । জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বছৰ বছৰ ধৰি যাতায়ত অব্যাহত ৰাখিছে গঞা ৰাইজে ।

উন্নয়নৰ এক ফোপোলা স্বৰূপ

জোনাই ,১৯ জুলাই : জোনাইৰ গ্ৰাম্য অঞ্চলৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান হৈছে উন্নয়ন ? এয়া জোনাইৰ গালী চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গালী পালুং গাঁৱলৈ যোৱা বিধ্বস্ত পথৰ ওপৰত থকা কেইবাখনো জৰাজীৰ্ণ বাঁহৰ দলঙৰ দৃশ্য ৷

জৰাজীৰ্ণ বাঁহৰ দলং সমূহ পাৰ হওঁতে যিকোনো মুহূৰ্ততে ঘটিব পাৰে অঘটন । কিন্তু যাতায়াতৰ কোনো বিকল্প ব্যৱস্থা নথকা পালুং গাঁৱৰ ৰাইজে দৈনিক বিধ্বস্ত বাঁহৰ দলং সমূহেৰেই যোগাযোগ অব্যাহত ৰাখিছে বহি:জগতৰ সৈতে ৷ সমান্তৰালকৈ গাঁওখনত থকা গালী পালুং প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক বিপদ সংকুলভাৱে জৰাজীৰ্ণ বাঁহৰ দলঙেৰে অব্যাহত ৰাখিছে স্কুলীয়া যাত্ৰা ৷ ইফালে বিধ্বস্ত বাঁহৰ দলঙেৰে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো গালী পালুং গাঁৱৰ ৰাইজে ভুগিছে চৰম যাতনা ৷

উল্লেখ্য যে, ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চিকাৰী-শান্তিপুৰ হৈ গালী পালুং সুত্ৰধৰ গাঁও সংযোগী বিধ্বস্ত পথচোৱা মেৰামতি কৰি পথৰ ওপৰত থকা জৰাজীৰ্ণ বাঁহৰ দলংৰ ঠাইত পকী কালভাৰ্ট নিৰ্মাণৰ বাবে বিভিন্ন সময়ত বিধায়ক, পঞ্চায়ত প্ৰতিনিধি তথা মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্যক আবেদন নিবেদন কৰি অহাৰ পিচতো আজিকোপতি কোনো এগৰাকী প্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে গালী পালুং গাঁৱৰ ৰাইজে ৷ যাৰ ফলত প্ৰতি বছৰে গাঁওখনৰ ৰাইজে নিজেই বাঁহৰ দলং সমূহ মেৰামতি কৰি যাতায়াত অব্যাহত ৰাখিছে কোনোমতে ৷

বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি অহা গালী পালুং গাঁৱৰ ৰাইজে জৰাজীৰ্ণ বাঁহৰ দলং সমূহৰ ঠাইত পকী কালভাৰ্ট নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্য তথা পঞ্চায়ত প্ৰতিনিধি সকলক ৷ পিচে, ৰাইজৰ এই আহ্বান শুনিবলৈ সময় হ’বনে ৰাইজেই নিৰ্বাচিত কৰা জনপ্ৰতিনিধি সকলৰ ?

লগতে পঢ়ক : Flood in Jonai:জোনাইত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন বিধায়ক ভুবন পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.