ETV Bharat / state

Flood in Jonai:জোনাইত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন বিধায়ক ভুবন পেগুৰ

author img

By

Published : Jul 18, 2023, 7:27 PM IST

জোনাইত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন বিধায়ক ভুবন পেগুৰ । বানপীড়িত ৰাইজক সাহায্য বিতৰণ মহকুমা প্ৰশাসনৰ ৷ খেতিপথাৰ বালি-পলসে পুতি পেলোৱাত খেতিয়কৰ হাহাকাৰ ৷

Devastating flood in Assam
ধেমাজি জিলাত ৯৮খন গাঁও বানৰ কৱলত

ধেমাজি জিলাত ৯৮খন গাঁও বানৰ কৱলত

জোনাই, ১৮ জুলাই: যোৱা দেওবাৰে জোনাইৰ চিগা আৰু ৰাজাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰ গেজেৰা, নাহৰ বান্দানা, নাহৰ বিজুলী, ১ নং চিৰামপুৰীয়া আদি কৰি বহুকেইখন গাঁৱৰ বাট-পথ, কৃষিভূমি তচনচ কৰিলে জোনাই সীমান্তৰ অৰুণাচলৰ পৰা বৈ অহা দেঃতাগ নদীৰ বানে ৷ দেঃতাগ নলাৰ বানত কেইবাঠাইতো ছিগিল বান্ধ ৷ ফলত নাহৰ গেজেৰা, নাহৰ বান্দানা, নাহৰ বিজুলী, ১ নং চিৰামপুৰীয়া আদি অঞ্চলৰ বিভিন্ন ঠাইত ছিঙি বিধ্বস্ত কৰিলে বাট-পথ । সেয়েহে যাতায়াতৰ ক্ষেত্ৰত ৰাইজে এতিয়া যমৰ যাতনা ভুগিবলগীয়া হৈছে ।

ইপিনে, গালী চিকাৰী পঞ্চায়তৰ অন্তৰ্গত গালী ঘাটলৈ যোৱা গড়কাপ্তানি পথটোত থকা এখন কালভাৰ্ট চিয়াং নদীৰ বানে উটুৱাই নিয়াত বিচ্ছিন্ন হৈ পৰিছে যাতায়াত ৷ অৱশ্যে সাময়িক যাতায়তৰ বাবে ৰাইজে শ্ৰমদানেৰে সোমবাৰে নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং ৷ দেঃতাগ নলাৰ বানে নাহৰ গেজেৰা, নাহৰ বান্দানা, নাহৰ বিজুলী, ১ নং চিৰামপুৰীয়া আদিৰ প্ৰায় তিনি শতাধিক খেতিয়ক ৰাইজৰ পথাৰৰ ৰোৱা ধান বুৰাই পেলাইছে । খেতিপথাৰ বালি-পলসে পুতি পেলোৱাত খেতিয়ক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

ইফালে, স্থানীয় বিধায়ক ভুৱন পেগুৱে সোমবাৰে বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ বুজ লয় । ভুৱন পেগুৱে লগতে ৰাইজক বানে বিধ্বস্ত কৰা বাট-পথসমূহ শীঘ্ৰে মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে ৷ বিধায়কগৰাকীয়ে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে ফোন যোগে জোনাইৰ বান সম্পৰ্কে আলোচনা কৰাত জলসম্পদ মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে পাৰ্কুপাইন আৰু জিঅ' বেগেৰে দেঃতাগ নদীৰ বান-খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়ে । ইফালে,নাহৰ গেজেৰাত কেইবাশতাধিক বানপীড়িত ৰাইজক জোনাই মহকুমা প্ৰশাসনে যোগান ধৰা বান সাহায্য বিতৰণৰ শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে ।

উল্লেখ্য় যে ধেমাজি জিলাত ৯৮খন গাঁও বানৰ কৱলত পৰিছে ৷ তদুপৰি জিলাখনত মুঠ ১৬,৬০৮গৰাকী লোক বানৰ কৱলত পৰাৰ লগতে ৮০৯ হেক্টৰ কৃষি ভূমি বানত বুৰ গৈছে ৷

লগতে পঢ়ক:Constituency Delimitation 2023 :19 জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ পূৰ্ণাংগ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.