ETV Bharat / state

Constituency Delimitation 2023 :19 জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ পূৰ্ণাংগ দল

author img

By

Published : Jul 18, 2023, 4:18 PM IST

অহা 19 জুলাইৰ পৰা 21 জুলাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় নিৰ্বাচনী আয়োগৰ পূৰ্ণাংগ দলে ৰাইজৰ উজৰ-আপত্তিসমূহ শুনিবলৈ অসমলৈ আহিব ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত নিৰ্বাচন আয়োগৰ দলটোৱে খচৰা সন্দৰ্ভত ৰাজহুৱা শুনানি গ্ৰহণ কৰিব ৷

delimitation hearing in Guwahati
19 জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ পূৰ্ণাংগ দল

গুৱাহাটী, 18 জুলাই : যোৱা 20 জুনত ৰাজ্যজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিচতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ইতিমধ্যে ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ লগতে জনসাধাৰণেও এই খচৰাৰ বিৰোধিতা কৰিছিল ৷

ইয়াৰ পিচতে অহা 19 জুলাইৰ পৰা 21 জুলাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় নিৰ্বাচনী আয়োগৰ পূৰ্ণাংগ দলে ৰাইজৰ উজৰ-আপত্তিসমূহ শুনিবলৈ অসমলৈ আহিব ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত নিৰ্বাচন আয়োগৰ দলটোৱে খচৰা সন্দৰ্ভত ৰাজহুৱা শুনানি গ্ৰহণ কৰিব ৷

ইফালে এতিয়া এই খচৰাকলৈ আয়োজন কৰা এই ৰাজহুৱা শুনানিৰ অনুষ্ঠান নামতহে অনুষ্ঠিত কৰিব বিচাৰিছে নেকি ৰাজনৈতিক মহলাত ব্যাপক চৰ্চা লাভ কৰিছে ৷ তথ্য অনুসৰি ৰাজনৈতিক দলসমূহক বাদ দি ৰাজ্যখনৰ 513 ব্যক্তি/সংগঠনে খচৰাক লৈ আপত্তি কৰি সংশোধনীৰ দাবী তুলিছে ৷ কিন্তু মাত্ৰ তিনিটা দিনত এই 513 জন ব্যক্তি/সংগঠনৰ সৈতে কথা পাতিবলৈ আয়োগে সময় ৰাখিছে মাত্ৰ 23 ঘণ্টাৰ সময় ৷ সেই অনুসৰি একোজন ব্যক্তিয়ে আয়োগৰ ওচৰত নিজৰ আপত্তি বা সংশোধনী প্ৰস্তাৱৰ বিষয়ে ক’বলৈ সময় পাব গড়ে প্ৰায় তিনি মিনিট ৷

ৰাজহুৱা শুনানিৰ বাবে আয়োগে নিৰ্ধাৰণ কৰা সূচী অনুসৰি 19 জুলাইৰ বিয়লি 2 বজাৰ পৰা কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা, ডিমা হাছাও, কামৰূপ, ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰ জিলাৰ বাবে শুনানি লোৱা হ'ব৷ 20 জুলাইৰ পুৱা 9.30 বজাৰপৰা 2 বজালৈ গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ, কৰিমগঞ্জ, দৰং, হাইলাকান্দি, কাছাৰ, দক্ষিণ শালমাৰা, নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰপৰা দাখিল কৰা আবেদনসমূহক লৈ শুনানি গ্ৰহণ কৰা হ'ব ৷ 21 জুলাইৰ পুৱা 9.30 বজাৰপৰা দুপৰীয়া 12.30 বজালৈ তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলীৰ বাবে শুনানি গ্ৰহণ কৰা হ'ব ৷

লক্ষ্যণীয় যে, যোৱা 15 জুলাইৰ জাননী অনুসৰি, এই শুনানিৰ বাবে সময় মাত্ৰ 11.30 ঘণ্টাহে ধার্য কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত 16 জুলাইৰ নিশা নিশা নিৰ্বাচন আয়োগে সেই জাননীৰ সংশোধন কৰি শুনানিৰ সময় কিছু বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল ৷ উল্লেখ্য যে, যোৱা 11 জুলাইৰ ভিতৰত যিসকল ব্যক্তি-সংগঠনে লিখিতভাৱে আয়োগক আপত্তি দিছে সেইসকলেহে এই শুনানিত অংশগ্ৰহণ কৰিব পাৰিব ৷ অভিযোগকাৰীসকলে লিখিত ৰূপত নিজ আপত্তি-সংশোধনীৰ দাবী সন্দৰ্ভত যি ব্যাখ্যা বা যুক্তি আগবঢ়াইছে, শুনানিত সেই সম্পৰ্কে আলোচনা কৰাটো অত্যন্তই প্ৰয়োজনীয় ৷

কিন্তু এতিয়া প্ৰশ্ন হৈছে যে মাত্ৰ তিনি মিনিট বা তাতোকৈ কম সময়ত সংশোধনীৰ সন্দৰ্ভত ব্যাখ্যা দিব পৰা হ'বনে ? তেনে পৰিপ্ৰেক্ষিততে আয়োগৰ মনোভাৱক লৈ প্ৰশ্নৰ উত্থাপন হৈছে ৷

জানিব পৰামতে 20 জুলাইৰ বিয়লি 3.30 বজাৰপৰা আয়োগে ৰাজনৈতিক দলসমূহৰ সৈতে মত বিনিময় কৰিব ৷ ইপিনে, যিসমূহ সংগঠনে আয়োগৰ শুনানিত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকৰ সৰ্বাধিক পাঁচজন প্ৰতিনিধিহে শুনানিলৈ আহিব পাৰিব ৷

লগতে পঢ়ক: Education system in Assam : শোচনীয় অৱস্থাত ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.