ETV Bharat / state

ধেমাজিৰ মিলন নগৰত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Dec 9, 2020, 10:06 PM IST

a-major-fire-broke-out-in-the-milan-nagar-of-dhemaji
ধেমাজিৰ মিলন নগৰত ভয়ংকৰ অগ্নিকাণ্ড

বুধবাৰে আবেলি মিলন নগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ আব্দুল হামিদ নামৰ লেপ-তূলিৰ ব্যৱসায় কৰা এজন লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

ধেমাজি, 9 ডিচেম্বৰ: ধেমাজি জিলাৰ মিলন নগৰত বুধবাৰে আবেলি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ নিমিষতে জুইৰ লেনিহান শিখাই আগুৰি ধৰে এটা বাসগৃহ ৷ জানিব পৰা মতে মিলন নগৰৰ আব্দুল হামিদ নামৰ লেপ-তূলিৰ ব্যৱসায় কৰা লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

a-major-fire-broke-out-in-the-milan-nagar-of-dhemaji
কেনেদৰে আগুৰি ধৰিছিল জুইৰ লেনিহান শিখাই

উল্লেখ্য যে বাসগৃহৰ পদূলিটো সৰু হোৱাৰ বাবে অগ্নিনিবাপক বাহিনীৰ ডাঙৰ গাড়ী প্ৰৱেশ কৰাত পলম হয় ৷ যাৰ বাবে অগ্নিকাণ্ডই ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ ইফালে বহু পলমকৈ দুখন সৰু অগ্নিনিবাপক বাহিনীৰ গাড়ীৰ জুই নিবাপন কৰিবলৈ চেষ্টা চলায় যদিও সম্পূৰ্ণৰূপে নিবাপন কৰিবলৈ সক্ষম নহয় ৷ জুইৰ লেনিহান শিখাই আগুৰি ধৰা ঘৰটোত লক্ষাধিক মূল্যৰ সা-সম্পত্তি ভস্মীভূত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

a-major-fire-broke-out-in-the-milan-nagar-of-dhemaji
অগ্নিনিবাপক বাহিনীৰ জুই নিবাপন চেষ্টা

লগতে পঢ়ক:আঞ্চলিকতাবাদী পোছাক পিন্ধিলে উচ্চপদস্থ বিষয়া আৰু ছাত্ৰ নেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.