ETV Bharat / state

চিয়াং নদীৰ পাৰত ব্যতিক্ৰমী ৰূপত স্বাধীনতা দিৱস উদযাপন অৰুণাচলবাসীৰ

author img

By

Published : Aug 17, 2020, 11:17 PM IST

ব্যতিক্ৰমী ৰূপত স্বাধীনতা দিৱস উদযাপন কৰিলে অৰুণাচল প্ৰদেশৰ এখন গাঁৱৰ লোকে ৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গাঁওবাসীয়ে ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰম ধ্বনিৰে মুখৰিত কৰি তোলে চিয়াং নদীৰ পাৰ । ইফালে, পতাকা উত্তোলনৰ পিচতে গাঁওবাসীয়ে নিজা শ্ৰমদানেৰে চিয়াং নদীৰ গৰাখহনীয়া ৰোধৰ চেষ্টা চলায় ।

74 th Independent day Celebretion In Arunachal Pradesh
চিয়াং নদীৰ পাৰত ব্যতিক্ৰমী ৰূপত স্বাধীনতা দিৱস উদযাপন অৰুণাচলবাসীৰ

জোনাই, 17 আগষ্ট : ক'ভিড-19 ৰ ভয়াবহ পৰিস্থিতিৰ মাজতে দেশবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰিলে 74 সংখ্যক স্বাধীনতা দিৱস ৷ কিন্তু ব্যতিক্ৰমী ৰূপত স্বাধীনতা দিৱস উদযাপন কৰিলে অৰুণাচল প্ৰদেশৰ এখন গাঁৱে ৷ চিয়াং নদীৰ পাৰত পতাকা উত্তোলন কৰি গাঁওবাসীয়ে নিজা শ্ৰমদানেৰে চিয়াং নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা গাঁওবাসীৰ ৷

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ মেৱ' মহকুমাৰ নামচিং গাঁৱৰ ৰাইজে কোনো ৰাজকীয় অথবা চৰকাৰী অনুষ্ঠানৰ পৰিৱৰ্তে স্বাধীনতা দিৱস পালন কৰে চিয়াং নদীৰ পাৰত । পুৱাই নদীৰ পাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গাঁওবাসীয়ে ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰম ধ্বনিৰে মুখৰিত কৰি তোলে চিয়াং নদীৰ পাৰ । ইফালে, পতাকা উত্তোলনৰ পিচতে গাঁওবাসীয়ে নিজা শ্ৰমদানেৰে চিয়াং নদীৰ গৰাখহনীয়া ৰোধৰ চেষ্টা চলায় ।

চিয়াং নদীৰ পাৰত ব্যতিক্ৰমী ৰূপত স্বাধীনতা দিৱস উদযাপন অৰুণাচলবাসীৰ

উল্লেখযোগ্য যে, বিগত সময়চোৱাত চিয়াং নদীৰ গৰাখহনীয়াৰ কৱলত পৰি অঞ্চলটোৰ কেইবা হাজাৰ বিঘা কৃষিভূমিৰ লগতে বহু ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ গৈছে । গতিকে স্বাধীনতা দিৱসৰ দিনটোতে অঞ্চলবাসীয়ে নিজাববীয়াকৈ গৰাখহনীয়া ৰোধৰ চেষ্টা চলায় । উক্ত অনুষ্ঠানত উপস্থিত থাকে বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্টেইন তথা নামচিঙৰ নিবাসী মহন্ত পাংগিঙো ।

লগতে পঢ়ক : অনুষ্টুপীয়াকৈ গণশিল্পী খগেন মহন্তৰ ৭৮ সংখ্যক জন্মদিন পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.