ETV Bharat / state

অনুষ্টুপীয়াকৈ গণশিল্পী খগেন মহন্তৰ ৭৮ সংখ্যক জন্মদিন পালন

author img

By

Published : Aug 17, 2020, 5:43 PM IST

আজি গণশিল্পী খগেন মহন্তৰ ৭৮ সংখ্যক জন্মদিন । বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত শিল্পী গৰাকীৰ জন্মদিন উদযাপন কৰা পৰিলক্ষিত হয় । মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ খগেন মহন্ত উদ্যানতো অনুষ্টুপীয়াকৈ পালন কৰা হয় গণশিল্পী গৰাকীৰ জন্মদিন ৷

78th birth anniversary celebration of late khagen mahanta
অনুষ্টুপীয়াকৈ গণশিল্পী খগেন মহন্তৰ ৭৮ সংখ্যক জন্মদিন পালন

গুৱাহাটী, ১৭ আগষ্ট: গণশিল্পী খগেন মহন্তৰ ৭৮ সংখ্যক জন্মদিন উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰা পৰিলক্ষিত হয় ৷ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ খগেন মহন্ত উদ্যানতো একাংশ গুনমুগ্ধই অনুষ্টুপীয়াকৈ পালন কৰে গণশিল্পী গৰাকীৰ জন্মদিন ৷

প্ৰতিচ্ছবিত মাল্যপৰ্ণেৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি উপস্থিত প্ৰতিগৰাকী গুণমুগ্ধই সোঁৱৰিলে গণ শিল্পীগৰাকীক ৷ মহামাৰী ক'ৰণাৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কোনো ধৰণৰ বিশেষ অনুষ্ঠান আয়োজন নহ'ল যদিওঁ বহু কালজয়ী গীতেৰে অসমৰ মান উজলাই তোলা এই গৰাকী গণশিল্পীৰ জন্মদিনটো এনেদৰেই অনুষ্টুপীয়াকৈ পালন কৰিলে গুনমুগ্ধসকলে ৷

অনুষ্টুপীয়াকৈ গণশিল্পী খগেন মহন্তৰ ৭৮ সংখ্যক জন্মদিন পালন

উল্লেখ্য যে, এইবাৰ অসম চৰকাৰৰ তৰফৰ পৰা গণশিল্পী গৰাকীক সোঁৱৰি জন্মদিন উদযাপনৰ কোনো কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.