ETV Bharat / state

Foundation Day of Boro Sahitya Sabha: জোনাইত দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন

author img

By

Published : Nov 15, 2022, 9:55 PM IST

Foundation Day of the Boro Sahitya Sabha
Foundation Day of the Boro Sahitya Sabha

আজিৰে পৰা দুদিনীয়াকৈ ধেমাজি জিলাৰ জোনাইত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ধেমাজি প্ৰাথমিক সমিতিৰ ২২ সংখ্যক বাৰ্ষিক অধিবেশন (22nd Annual Conference of Dhemaji Boro Sahitya Sabha) ৷ একেখন মঞ্চতে এবছুৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ ৪০ সংখ্যক, আবৌফৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ ২২ সংখ্যক আৰু ইউবিপিঅ'ৰ তৃতীয় সংখ্যক বছৰেকীয়া অধিৱেশনো অনুষ্ঠিত হৈছে ৷

জোনাই, 15 নৱেম্বৰ : বড়ো সাহিত্য সভাৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ(Foundation Day of Boro Sahitya Sabha) লগতে আজিৰে পৰা দুদিনীয়াকৈ ধেমাজি জিলাৰ জোনাইত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ধেমাজি প্ৰাথমিক সমিতিৰ (Dhemaji Boro Sahitya Sabha) ২২ সংখ্যক বাৰ্ষিক অধিবেশন ৷ একেখন মঞ্চতে এবছুৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ ৪০ সংখ্যক, আবৌফৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ ২২ সংখ্যক আৰু ইউবিপিঅ'ৰ তৃতীয় সংখ্যক বছৰেকীয়া অধিৱেশনো অনুষ্ঠিত হৈছে ৷ ডিমৌ গুলাইৰ পালেআবৰ বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে এই অনুষ্ঠান ।

পুৱা ৮.৩০ বজাত এই অনুষ্ঠানৰ মূল তোৰণ উদ্বোধন কৰে চিলাসূঁতি গাঁও পঞ্চায়তৰ সভানেত্ৰী স্বৰ্গৰাণী বসুমতাৰীয়ে । ইয়াৰ পাছত মূল মণ্ডপ উদ্বোধন কৰে ধেমাজি জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি সুশীল বসুমতাৰীয়ে । পুৱা ৯.৩০ বজাত ভোজনালয় উদ্বোধন কৰে ডিমৌ গুলাইৰ গাঁও প্ৰধান পূৰ্ণ মুছাহাৰীয়ে (Boro Sahitya Sabha program) ।

জোনাইত দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন

পুৱা ১০ বজাত ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে সুদক্ষ ফুটবল খেলুৱৈ ৰিঞ্চু বসুমতাৰীয়ে । পুৱা ১০.৩০ বজাত সাহিত্য প্ৰতিযোগিতা উদ্বোধন কৰে চিমেন চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰাফুদাই মুছাহাৰীয়ে ।

একেদৰে বিয়লি ৪.৩০ বজাত প্ৰতিনিধি সভাকক্ষ উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ ধেমাজি প্ৰাথমিক সমিতিৰ প্ৰাক্তন সভাপতি অশ্বিনী কুমাৰ স্বৰ্গীয়াৰীয়ে । বড়ো সাহিত্য সভাৰ ধেমাজি প্ৰাথমিক সমিতি, ইউবিপিঅ', এবছু আৰু আবৌফৰ চিলাপথাৰ আঞ্চলিক সমিতিয়ে বড়ো মাধ্যমৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ পূৰণ কৰা, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাঁও চিনাক্ত, সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰা, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ বড়ো গাঁও সমূহ বিটিআৰ অথবা বিকেডব্লিউএচিত অন্তৰ্ভুক্ত কৰা আদি বিষয়ত আলোচনা হ’ব ৷

ইয়াৰ লগতে, বন অধিকাৰ আইন ২০০৬ কাৰ্যকৰী কৰি জনজাতি লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা আদি বিষয়ত আলোচনা হ'ব বুলি বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা সুশীল বসুমতাৰী আৰু ইউবিপিঅ'ৰ চিলাপথাৰ আঞ্চলিকৰ সাধাৰণ সম্পাদক অনিল বসুমতাৰীয়ে সদৰী কৰে ।

লগতে পঢ়ক: Jyotishman-Akhoj Agoloi : মৰাণত আয়োজন জ্যোতিষ্মান-এখোজ আগলৈ গোটৰ প্ৰথম বাৰ্ষিক অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.