ETV Bharat / state

Bajrang Dal arms taining: বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণৰ সৈতে জড়িত সকলোকে গ্ৰেপ্তাৰৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ

author img

By

Published : Aug 5, 2023, 9:46 PM IST

অস্ত্ৰ প্ৰশিক্ষণৰ সৈতে জড়িত থকা সকলোকে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰাৰ দাবীৰে মঙলদৈত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ মূল অভিযুক্ত অভিজিৎ ঘোষ আৰু সুদিপ্ত হিন্দুক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰো দাবী ৷

Bajrang Dal arms taining
Bajrang Dal arms taining

যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

মঙলদৈ, 5 আগষ্ট: মঙলদৈত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে যুৱ ছাত্ৰ পৰিষদে ৷ মঙলদৈ জিলা পুথিভঁৰালৰ প্ৰাংগত আয়োজন কৰা প্ৰতিবাদী সভাত যুৱ ছাত্ৰ পৰিষদৰ মঙলদৈ জিলা সমিতিয়ে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে সমাজত সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰা দল-সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ৷

শতাধিক যুব ছাত্ৰ পৰিষদৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত জিলা সাধাৰণ সম্পাদক দুলেন নাথে কয় যে মঙলদৈ এখন শান্ত প্ৰিয় আৰু ঐক্য-সংহতিৰ ঠাই ৷ ইয়াত কোনো বিভেদকামীৰ স্থান নাই ৷ মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ কাৰ্যসূচীত বিৰোধিতা কৰাৰ কথা উল্লেখ কৰি তেওঁ আগ্নেয়াস্ত্ৰ প্ৰশিক্ষণত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ বাবে দাবী উত্থাপন কৰে ৷

জিলা সাধাৰণ সম্পাদকজনে লগতে কয় যে যুৱ ছাত্ৰ পৰিষদ সদায়েই মুছলমান মৌলবাদ আৰু হিন্দু মৌলবাদৰ বিৰোধী । তেওঁ মুকলি অস্ত্ৰ প্ৰশিক্ষণ দিয়া অস্ত্ৰসমূহ জব্দ কৰাৰ বাবেও দাবী জনায় ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি ভৱেশ কাকতিয়ে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনক কঠোৰ সমালোচনা কৰি 350-500 বজৰং কৰ্মীয়ে মুকলি অস্ত্ৰ চালনাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকক আৰক্ষীয়ে আজিলৈকে গেপ্তাৰ কৰিব নোৱাৰাটো সন্দেজনক বুলি মন্তব্য কৰে ।

মূল অভিযুক্ত অভিজিৎ ঘোষ আৰু সুদীপ্ত হিন্দুক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈয়ো তেওঁ দাবী জনাই । তেওঁ কয় যে মঙলদৈত কোনোৱে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা কাৰ্যক সহ্য কৰা নহ’ব ।

লগতে পঢ়ক: Bajrang Dal Arms Training: মঙলদৈৰ বজৰং দলৰ প্ৰশিক্ষণত এয়াৰ পিষ্টল ব্যাৱহাৰ কৰা হৈছিল; নীলাভজ্যোতি দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.