ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Feb 24, 2022, 4:59 PM IST

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি

কংগ্ৰেছ এতিয়া ফুটবলৰ কীপাৰবিহীন গ'লপোষ্ট !

কংগ্ৰেছ দলক ফুটবলৰ গ'লপোষ্টৰ লগত তুলনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM compares congress with goal post) ৷ মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছ এতিয়া ফুটবলৰ গ'লপোষ্ট । গতিকে গ'লপোষ্টক কোনেও গালি দিবলৈ নাযায় ।

Russia-Ukraine war: কিয় ৰাছিয়াই আক্ৰমণ কৰিলে ইউক্ৰেইন ?

বৃহস্পতিবাৰৰ পৰা ৰাছিয়াই পূৱ ইউক্ৰেইনত আৰম্ভ কৰিছে এক সামৰিক অভিযান ।

Russia Ukraine crisis: কি ক'লে ইউক্ৰেইনত আবদ্ধ তেজপুৰৰ ছাত্ৰীয়ে ?

ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাতৰ (Russia Ukraine crisis) পাছতে ইউক্ৰেইনত আবদ্ধ ভাৰতৰ শিক্ষাৰ্থীসকল চিন্তিত হৈ পৰিছে । ইয়াৰ মাজতে ইউক্ৰেইনত আবদ্ধ হৈ থকা তেজপুৰৰ এগৰাকী ছাত্ৰীয়ে বৰ্ণনা কৰিলে বৰ্তমান পৰিস্থিতিৰ বিষয়ে । ইটিভি ভাৰতৰ সৈতে exclusive সাক্ষাৎকাৰত কি ক'লে ছাত্ৰীগৰাকীয়ে ?

ৰামদেৱক ধনী কৰিবলৈকে উত্তৰ পূৱৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰিব বিচাৰিছে মোডী চৰকাৰে

সংবাদমেলত সৰৱ সাংসদ প্ৰদ্যুৎ বৰদলৈ (Pressmeet on MP Pradyut Bordoloi)। পাম তেলৰ খেতিয়ে বিশেষকৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোৰৰ দ্বীপপুঞ্জৰ বনভূমিৰ ভীষণ ক্ষতিসাধন কৰিব বুলি দেশৰ শতাধিক পৰিৱেশবিদে চৰকাৰক সকীয়াই দিছে । কংগ্ৰেছ দলে কেন্দ্ৰীয় চৰকাৰৰ পাম তেল প্ৰকল্পৰ ঘোৰ বিৰোধীতা কৰে আৰু ইয়াক প্ৰতিহত কৰাৰ বাবে সংকল্পবদ্ধ (Oil palm cultivation in India) ।

Majuli By Election 2022: মাজুলীৰ ৰাজীৱ ভৱনত অপূৰ্ব ভট্টাচাৰ্যৰ সংবাদ মেল

মাজুলীত এতিয়া উপ-নিৰ্বাচনৰ গৰম বতাহ বলিছে ( Majuli By Election 2022) । উপ-নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ নেতাই ভীৰ কৰিছেহি মাজুলীত । শেহতীয়াকৈ বৃহস্পতিবাৰে মাজুলীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা অপূৰ্ব ভট্টাচাৰ্যই এখন সংবাদমেল সম্বোধন কৰে (Apurba Kumar Bhattacharjee press conference) ৷

Panchayat employees arrested: নগাঁও আৰক্ষীৰ জালত দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত কৰ্মচাৰী

নগাঁও আৰক্ষীৰ জালত এইবাৰ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত কৰ্মচাৰী ৷ প্ৰৱঞ্চনাৰে বিভিন্নজনৰ নামত বেংকৰ ঋণ লৈ আটক পঞ্চায়ত কৰ্মচাৰী (Corrupt panchayat employees arrested)৷ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰো অভিযোগ ধৃত পঞ্চায়ত কৰ্মচাৰীজনৰ বিৰুদ্ধে ৷

Illegal River Sand Supply: বন বিভাগৰ আগতেই ভুৱা টিপিৰে সৰবৰাহ ব্ৰহ্মপুত্ৰৰ বালি

খেনোক দেখি ৰান্ধে বাঢ়ে খেনোক দেখি দুৱাৰ মাৰে । এই খণ্ড বাক্যষাৰ যেন আখৰে আখৰে মিলি পৰিছে ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ সৈতে (Illegal River Sand Supply) ।

Russia-Ukraine Crisis : নতুন দিল্লীলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান

বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনত সামৰিক অভিযান ঘোষণা কৰাৰ কেইঘণ্টামান পিছতে এয়াৰ ইণ্ডিয়াৰ AI ১৯৪৭ নং বিমানখন দিল্লীলৈ (Air India flight to back to Delhi due to NOTAM) উভতি আহে । ইউক্ৰেইনৰ কিয়েভত NOTAM (Notice to Air Missions) লাভ কৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

Reactor blast in Visakhapatnam: ড্ৰাগছ প্ৰকল্পত সংঘটিত বিস্ফোৰণত নিহত এজন, আহত চাৰি

এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম জিলাৰ নাক্কাপল্লী । নাক্কাপল্লীৰ হেটেৰো ড্ৰাগছ প্ৰকল্পত সংঘটিত বিস্ফোৰণত এজন শ্ৰমিক নিহত হোৱাৰ বিপৰীতে চাৰিজন শ্ৰমিক আহত (Reactor blast in Visakhapatnam) ।

Vikram Vedha Vikram First look: হৃত্বিক ৰোছনে পোষ্ট কৰিলে ‘বিক্ৰম বেধা’ৰ বিক্ৰমৰ ফাৰ্ষ্ট লুক

নৱতম ছবি 'বিক্ৰম বেধা'ত যুঁটি বান্ধিছে চৈফ আৰু হৃত্বিকে (Saif Hrithik in Vikram Vedha) ৷ ইতিমধ্যেই ছবিখনকলৈ আৰম্ভ হৈছে জল্পনা-কল্পনা ৷ এনে সময়তে চৈফ আলীখানে ৰূপায়ন কৰিব লগীয়া বিক্ৰমৰ চৰিত্ৰটোৰ ফাৰ্ষ্ট লুক মুকলি কৰিলে অভিনেতা হৃত্বিক ৰোছনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.