ETV Bharat / state

ৰামদেৱক ধনী কৰিবলৈকে উত্তৰ পূৱৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰিব বিচাৰিছে মোডী চৰকাৰে

author img

By

Published : Feb 24, 2022, 3:36 PM IST

Updated : Feb 24, 2022, 5:29 PM IST

সংবাদমেলত সৰৱ সাংসদ প্ৰদ্যুৎ বৰদলৈ (Pressmeet on MP Pradyut Bordoloi)। পাম তেলৰ খেতিয়ে বিশেষকৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোৰৰ দ্বীপপুঞ্জৰ বনভূমিৰ ভীষণ ক্ষতিসাধন কৰিব বুলি দেশৰ শতাধিক পৰিৱেশবিদে চৰকাৰক সকীয়াই দিছে । কংগ্ৰেছ দলে কেন্দ্ৰীয় চৰকাৰৰ পাম তেল প্ৰকল্পৰ ঘোৰ বিৰোধীতা কৰে আৰু ইয়াক প্ৰতিহত কৰাৰ বাবে সংকল্পবদ্ধ (Oil palm cultivation in India) ।

Pressmeet on MP Pradyut Bordoloi
ৰামদেৱক ধনী কৰিবলৈকে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰিব বিচাৰিছে মোডী চৰকাৰে

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : পাম তেলৰ খেতিৰ যোগেদি ৰামদেৱৰ 'ৰুচি ছয়া'ক ধনী কৰিবৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰিব বিচাৰিছে (Modi govt seeks to destroy biodiversity in North East ) । এই অভিযোগ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ (Pressmeet on MP Pradyut Bordoloi) । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে পাম তেলৰ প্ৰসংগকলৈ সৰৱ হৈ পৰে ।

তেওঁ কয় যে, মোডী চৰকাৰে North East Industrial and Investment Promotion Policy ৰ যোগেদি ৰামদেৱৰ পতঞ্জলীক শোণিতপুৰৰ বালিপৰাত প্ৰায় ৭০০ বিঘা মাটি প্ৰদান কৰিছিল । ২০১৬ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধুমধামেৰে অনুষ্ঠান পাতি সেই Industrial Growth Centre ৰ নামত থকা ৭০০ বিঘা মাটি ৰামদেৱৰ পতঞ্জলী’ক পানীৰ দৰত গতাই দিছিল । ‘পতঞ্জলী'ৰ উদ্যোগৰ নামত বালিপৰাত 'লেবেল’ লগাই সামগ্ৰী উৎপাদনৰ নামত ৰামদেৱে শ শ কোটি টকাৰ ৰাজ সাহাৰ্য লাভ কৰিলে ।

ৰামদেৱক ধনী কৰিবলৈকে উত্তৰ পূৱৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰিব বিচাৰিছে মোডী চৰকাৰে

এইবাৰ পাম তেলৰ নামত ৰামদেৱক ধনী কৰি উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰিব বিছাৰিছে মোডী চৰকাৰে ।

সাংসদগৰাকীয়ে কয় যে, এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে তৈল খেজুৰ বা পাম তেলৰ খেতিৰ শিতানত বাজেটত ১,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পছন্দৰ আৰু গোপন বুজাবুজিৰ পৰিণতিত তৈল খেজুৰৰ সৰ্বাধিক আমদানিকৰ্তা হিচাপে ৰামদেৱ আৰু তেওঁৰে এটা প্ৰতিষ্ঠান 'ৰুচি ছয়া'ক উত্তৰ পূৰ্বাঞ্চলৰ তৈল খেজুৰ খেতিৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত বাছনি কৰি লুণ্ঠনৰ সুবিধা কৰি দিয়া হৈছে ।

তেওঁ কয় যে, উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত পাম তেল খেতিৰ ব্যাপক সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আৰু জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি নোহোৱাকৈ এই বিষয়ত বিজ্ঞানসন্মত পৰিকল্পনাৰ আধাৰত আগবাঢ়িবলৈ দেশৰ আগশাৰীৰ ১০০ৰো অধিক বিখ্যাত পৰিৱেশ বিজ্ঞানীয়ে ২০২১ চনৰ ১ ডিচেম্বৰত এখন পত্ৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি আহ্বান জনাইছিল ।

লগতে পঢ়ক : Russian-Ukraine war: কিয় ৰাছিয়াই আক্ৰমণ কৰিলে ইউক্ৰেইন ?

পাম তেলৰ খেতিয়ে বিশেষকৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান আৰু নিকোৰৰ দ্বীপপুঞ্জৰ বনভূমিৰ ভীষণ ক্ষতিসাধন কৰিব বুলি পৰিৱেশবিদ সকলে সকীয়াই দিছে । পৰিৱেশবিদ সকলে পৰিৱেশ আৰু পাৰিপাশ্বিকতা বিপন্ন কৰিব পৰা কোনো আত্মঘাতী সিদ্ধান্ত নল'বলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি আৱেদন জনাইছে । তেওঁ লগতে কয় যে, লোকসভাত বিষয়টো উত্থাপন কৰাৰ উপৰি কেন্দ্ৰীয় কৃষিমন্ত্ৰীলৈ তেওঁ পত্ৰ লিখিও সদুত্তৰ নাপালে ।

পাম তেলৰ খেতি অসমত বা উত্তৰ পূৰ্বাঞ্চলত সম্প্ৰসাৰণ কৰিবলৈ দিলে আমাৰ জৈৱ-বৈচিত্ৰতা ধ্বংস হ'ব, পৰিৱেশতন্ত্ৰ সম্পূর্ণ নষ্ট হ'ব ৷ জলবায়ু পৰিৱৰ্তন হ'ব আৰু পৰিণতিত পৰিৱেশ ৰুক্ষ হৈ পৰিব ৷ আনকি আর্দ্ৰতা হ্ৰাস পাব আৰু অসমৰ গৌৰৱ কাজিৰঙা, মানাহ আদিৰ দৰে বিশাল অভয়াৰণ্যৰ অস্তিত্বও বিপন্ন হৈ পৰিব বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ কয় যে, কংগ্ৰেছ দলে কেন্দ্ৰীয় চৰকাৰৰ পাম তেল প্ৰকল্পৰ ঘোৰ বিৰোধীতা কৰে আৰু ইয়াক প্ৰতিহত কৰাৰ বাবে সংকল্পবদ্ধ । কোনো কাৰণতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰতা ধ্বংস হ'বলৈ দিয়া নহ'ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : Russia-Ukraine war: ৰাছিয়াৰ সামৰিক অভিযানৰ লক্ষ্য ইউক্ৰেইনৰ অসামৰিকিকৰণঃ পুটিন

Last Updated : Feb 24, 2022, 5:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.