ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Feb 22, 2022, 3:23 PM IST

Updated : Feb 22, 2022, 5:21 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

পূৰ্বৰ বন্ধ আৰু পথ অৱৰোধৰ কথা সোৱঁৰাই মণিপুৰত মোদীয়ে বিচাৰিলে বিজেপিৰ সংখ্যাগৰিষ্ঠ চৰকাৰ

মণিপুৰত মঙলবাৰে পূৱ ইম্ফল জিলাৰ হেইনাং বিধানসভা সমষ্টিৰ এক জনসভাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ অনুষ্ঠানত উপস্থিত হৈ কংগ্ৰেছক তীব্ৰ কটাক্ষ মোদীৰ ৷

পুনৰ ৰঙিয়া আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া আয়তুল আলী

নামনি অসমৰ কুখ্যাত ড্ৰাগছ মাফিয়া আয়তুল আলী পুনৰ ৰঙিয়া আৰক্ষীৰ জালত(Drugs mafia Ayatul Ali arrested by Rangia police) । আৰক্ষীয়ে হেৰ'ইনসহ আন এজন সহযোগীৰ সৈতে আটক কৰে আয়তুলক । ধৃত সহযোগীজন হৈছে ৰঙিয়া চিৰাখুন্দিৰ নুৰুল হক । অভিযান কালত আৰক্ষীয়ে আয়তুলৰ পৰা উদ্ধাৰ কৰে ৯ গ্ৰাম হেৰ'ইন ।

কাৰ্বি আংলঙত শূন্যৰ পৰাই আৰম্ভ হ'ব কংগ্ৰেছৰ জয়যাত্ৰা: ছুম ৰংহাং

কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰূপে ছুম ৰংহাঙৰ দায়িত্বভাৰ গ্ৰহণ ৷ নৱ নিযুক্ত সভাপতিগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন দলীয় নেতা-কৰ্মীৰ(New president of Karbi Anglong District Congress) ৷

Illegal Tobacco Syndicate: বিলাসীপাৰাত নয়াহাট আৰক্ষীৰ অভিযানত জব্দ ধপাত ভৰ্তি ট্ৰাক

প্ৰসংগ ছিণ্ডিকেটৰাজ ৷ মুখ্যমন্ত্ৰীক কেন্দ্ৰ কৰি এইবাৰ প্ৰশ্ন উত্থাপন কৰিলে সচেতন জনতাই ৷ যি সময়ত ৰাজ্যত ছিণ্ডিকেটৰাজ বন্ধ হোৱাৰ কৃতিত্ব দাবী কৰিব খুজে চৰকাৰ তথা প্ৰশাসনে, তেনে সময়তে এক বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল বিলাসীপাৰাৰ নয়াহাটত(Illegal Tobacco Syndicate at Bilasipara) ৷

হতাশগ্ৰস্ত নিবনুৱাসকলে হিংসাৰ আশ্ৰয় লৈছে: মানিক সৰকাৰ

ত্ৰিপুৰাত শাসকীয় বিজেপি আৰু চিপিআই(এম)ৰ মাজত সংঘাত অব্যাহত আছে (BJP and CPIM clash in Tripura)। ইয়াৰ মাজতে পশ্চিম ত্ৰিপুৰাত চিপিআই(এম)ৰ নেতাৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ । এই ঘটনাত বিজেপি জড়িত থকাৰ সন্দেহ চিপিআই(এম) । নিবনুৱা যুৱক-যুৱতীসকলে চাকৰি নাপায় হতাশ হৈ এই ধৰণৰ কামত লিপ্ত হোৱাৰ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ ।

ৰশ্মিকা মান্দানাৰে বিবাহৰ কথাত কি ক’লে বিজয় দেৱাৰাকোণ্ডাই?

ৰশ্মিকা মান্দানা আৰু বিজয় দেৱাৰাকোণ্ডাই এইবছৰতে বিয়াখন পাতিব নেকি ? বহুদিনৰ পৰা দুয়োৰে বিয়াৰ বাতৰিয়ে সামাজিক মাধ্যমত চৰ্চা লাভ কৰি আহিছে (Vijay Deverakonda Rashmika Mandanna wedding) ৷ গীতা গোবিন্দাম, ডিয়েৰ কমৰেডৰ দৰে ছবিত একেলগে অভিনয় কৰা ৰশ্মিকা আৰু বিজয়ৰ যুঁটি খুবেই প্ৰিয় অনুৰাগীৰ মাজত ৷ বিয়াৰ প্ৰসংগত এইবাৰ নিজেই মুখ খুলিলে বিজয় দেৱাৰাকোণ্ডাই ৷

Eviction drive in Kaziranga animal corridors: ৰাষ্ট্ৰপতিৰ সমুখত প্ৰতিবাদ কৰিব কাজিৰঙাৰ উচ্ছেদিত জনতাই

কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্গত বহুকেইটা অঞ্চলৰ ৰাইজে উচ্ছেদৰ বিৰুদ্ধে সোমবাৰে কলিয়াবৰৰ ৰাজপথত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ (Protest over eviction drive in Kaziranga animal corridors)৷ লগতে অসম ভ্ৰমণৰ বাবে আহিব লগা ৰাষ্ট্ৰপতিৰ সমুখতো প্ৰতিবাদ কৰাৰ হুংকাৰ দিলে ভূক্তভোগী জনতাই ৷

Ukraine-Russia tensions: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সদৃশ পৰিৱেশৰ মাজতে অসম পালেহি ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰ

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ দাবানল(Russia-Ukraine crisis continues)। দুয়োখন দেশৰ যুদ্ধৰ আশংকাক লৈ উদ্বিগ্ন ভাৰতীয় দূতাবাস(Tense between Russia and Ukraine) ৷ দুয়োখন দেশৰ মাজত অব্যাহত আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ । ইতিমধ্যে ৰাছিয়াই সীমাৰ ওচৰত বৰ্তমান মুঠ এক লাখৰো অধিক সৈন্য মোতায়ন কৰি ৰখাৰ কথা দাবী কৰিছে ইউক্ৰেইনে ।

Tripura Police Raid: ত্ৰিপুৰাৰ এখন গাঁৱত উদ্ধাৰ নিচাজাতীয় দ্ৰব্য আৰু পিষ্টল

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে প্ৰায়ে অভিযান চলাই আহিছে ত্ৰিপুৰা আৰক্ষীয়ে (Tripura police raid against drugs)। ইয়াৰ মাজতে ৰংগুটিয়া গাঁৱত আৰক্ষীৰ অভিযান । জব্দ নিচাজাতীয় টেবলেট, বিদেশী সুৰা, নগদ ধন আৰু পিষ্টল । ঘটনা সন্দৰ্ভত আটক দুজন ।

Skin care routine for Men: পুৰুষ সকলে কিদৰে ল’ব ছালৰ যতন ?

ছালৰ যতনৰ ক্ষেত্ৰত সদায় মহিলাসকলকহে অধিক অগ্ৰাধিকাৰ দিয়া দেখা যায় ৷ পুৰুষ সকলৰ ক্ষেত্ৰত এই বিষয়টো প্ৰায়েই অৱহেলিত হৈ থাকে ৷ খুবেই কম সংখ্যক পুৰুষেহে ছালৰ যতনৰ প্ৰতি সচেতন হোৱা দেখা যায় ৷ কিন্তু প্ৰকৃততে ছালৰ যতনৰ ক্ষেত্ৰত পুৰুষ মহিলা উভয়েই সচেতন হোৱা উচিত ৷ আজি আমি কিছুমান বিশেষ কিন্তু সাধাৰণ টিপছ্ পুৰুষ সকললৈ বুলি আগবঢ়াম যি দীৰ্ঘকালীন সময়ৰ বাবে পুৰুষৰ ছালক সতেজ কৰি ৰখাত সহায় কৰিব (Skin care routine for Men) ৷

Last Updated : Feb 22, 2022, 5:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.