ETV Bharat / state

কাৰ্বি আংলঙত শূন্যৰ পৰাই আৰম্ভ হ'ব কংগ্ৰেছৰ জয়যাত্ৰা: ছুম ৰংহাং

author img

By

Published : Feb 22, 2022, 2:20 PM IST

কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰূপে ছুম ৰংহাঙৰ দায়িত্বভাৰ গ্ৰহণ ৷ নৱ নিযুক্ত সভাপতিগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন দলীয় নেতা-কৰ্মীৰ(New president of Karbi Anglong District Congress) ৷

sum-ranghang-takes-over-as-karbi-anglong-district-congress-president
কাৰ্বি আংলঙত শূন্যৰ পৰাই আৰম্ভ হ'ব কংগ্ৰেছৰ জয়যাত্ৰা : ছুম ৰংহাং

ডিফু, 22 ফেব্ৰুৱাৰী: আগন্তুক এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছুম ৰংহাঙক(New president of Karbi Anglong District Congress) ৷ বিগত সময়ছোৱাত জিলাখনত কেইবাটাও নিৰ্বাচনত ধাৰাবাহিক বিপৰ্যয়ৰ সন্মূখীন হৈ অহা কংগ্ৰেছ দলৰ অতিকে সংকটৰ সময়ত পাহাৰৰ ৰাজনীতিত দলটোৰ নেতৃত্বৰ ভাৰ লোৱা নতুন সভাপতি গৰাকীয়ে সোমবাৰে ডিফুস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ আনুষ্ঠিকভাৱে দলৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷

কাৰ্বি আংলঙত শূন্যৰ পৰাই আৰম্ভ হ'ব কংগ্ৰেছৰ জয়যাত্ৰা : ছুম ৰংহাং

ইফালে জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত নৱ নিযুক্ত সভাপতিগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে দলীয় নেতা-কৰ্মী সকলে ৷ পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে, দলীয় অভিবাদন গ্ৰহণ কৰি সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙে আগন্তুক পৰিষদীয় নিৰ্বাচনত দলটোক কেনেদৰে আগুৱাই নিয়া হয়, তাৰ ওপৰত চিন্তা চৰ্চা কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে ৷ এই ক্ষেত্ৰত দলীয় জ্যেষ্ঠ নেতাসকলৰ লগতে দলীয় নেতা-কৰ্মীৰ সৈতে আলোচনাৰ মাধ্যমেৰে দলীয় নেতা-কৰ্মীক উজ্জিৱীত কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলিও নৱ নিযুক্ত সভাপতিগৰাকীয়ে মন্তব্য কৰে(Karbi Anglong District Congress president Sum Ranghang) ৷

আনহাতে, বিজেপি শাসিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে সৰৱ হৈ পৰা ছুম ৰংহাঙে চৰকাৰৰ পৰা যি হাৰত ধন আৱণ্টিত হৈছে সেই অনুপাতে জিলাখনত উন্নয়ন হোৱা নাই বুলি অভিযোগ উত্থাপণ কৰে ৷

লগতে পঢ়ক : কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা বাছ সেৱা উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.