ETV Bharat / state

সংখ্যালঘুৰ ভোটৰ অবিহনেই পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে : ৰণজিৎ দাস

author img

By

Published : Jan 20, 2021, 10:31 PM IST

ranjit kumar das
ৰণজিৎ কুমাৰ দাস

দৰঙত বুধবাৰে বিজেপিৰ প্ৰথম পৃষ্ঠা প্ৰমুখ সভাত অংশগ্ৰহণ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৷ সভাত সংখ্যালঘুসকলৰ ভোটৰ অবিহনেই বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতি দাসে ৷

দৰং,20 জানুৱাৰী : দৰঙৰ ছিপাঝাৰ একাডেমী খেলপথাৰত বুধবাৰে অনুষ্ঠিত হোৱা বিজেপি দলৰ প্ৰথম পৃষ্ঠা প্ৰমুখ সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিভিন্ন দলৰ পৰা 545 জন নেতাই যোগদান কৰে বিজেপি দলত ৷

সংখ্যালঘুৰ ভোটৰ অবিহনেই পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে : ৰণজিৎ দাস

সভাত উপস্থিত থাকি সংখ্যালঘু লোকে ভোট নিদিলেও এইবাৰ পুনৰ বিজেপিয়েই চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ তেওঁ কয় যে, ছিপাঝাৰ সমষ্টিত এইবাৰ কংগ্ৰেছ দলত বৃহৎ খহনীয়া দেখা গৈছে ৷ ছিপাঝাৰ সমষ্টিতো সংখ্যালঘুসকলে ভোট নিদিলেও বিজেপি জয়ী হ’ব বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

আনহাতে উক্ত সভাতেই ছিপাঝাৰ সমষ্টিৰ কংগ্ৰেছ দলৰ কেইবাজনো শীৰ্ষ নেতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়া, নিৰ্দলীয় ঐক্যমঞ্চৰ কেইবাজনো নেতাসহ মুঠ 545 জনে বিজেপি দলত যোগদান কৰে ৷ কংগ্ৰেছৰ দৰং জিলাৰ সাধাৰণ সম্পাদক হেমন্ত ডেকা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া চন্দন ডেকা, নিৰ্দলীয় ঐক্য মঞ্চৰ নেতা দিলীপ ডেকা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ প্ৰাক্তন সভাপতি ভূপেন ডেকা, ছিপাঝাৰৰ ব্লক কংগ্ৰেছৰ মণ্ডল সভানেত্ৰী জ্যোতিমা ডেকাই যোগদান কৰে দলটোত ৷

সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপি সভাপতিসহ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মা, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া আৰু মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস ৷

লগতে পঢ়ক : ইটিভি ভাৰত exclusive : ৰাজপথত অনুশীলনত ব্যস্ত বাংলাদেশ সেনাৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.