ETV Bharat / state

মৰ্মান্তিক ! বাছৰ আসনতে জীৱন্তে জ্বলিল চালক

author img

By

Published : Apr 18, 2021, 10:39 AM IST

Updated : Apr 18, 2021, 1:40 PM IST

road accident at baihata chariali
বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা

বাইহাটা চাৰিআলিৰ ডুমুনিচকীত দেওবাৰে পুৱতি নিশা পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু নাইট চুপাৰৰ মাজত মুখামুখি সংঘৰ্ষ ৷ থিতাতে নিহত নাইট চুপাৰৰ চালকজন ৷ লগতে আহত 17 গৰাকীকৈ যাত্ৰী ৷

দৰং,18 এপ্ৰিল : বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ডুমুনিচকীত দেওবাৰে পুৱতি নিশা 3 বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হয় এজন লোক । লগতে আহত হয় 17 গৰাকীকৈ যাত্ৰী ৷

বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা

অগ্নিদগ্ধ লোকজন চালক চিটত উদ্ধাৰ হোৱা বাবে লোকজন চালক বুলি সন্দেহ কৰা হৈছে ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, NL-01-AA-0972 নম্বৰৰ সৰু বাহন কঢ়িওৱা এখন কণ্টেইনাৰ ট্ৰাক মঙলদৈৰ পৰা বাইহাটা অভিমুখে গৈ থকা অৱস্থাতে তিনিচুকীয়ামুখী AR-01-G-3966 নম্বৰৰ নৈশ বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ ইয়াৰ পাচতে বাছখনত জুইৰ সূত্ৰপাত হৈ দাউ দাউকৈ জ্বলি উঠে আৰু 90 শতাংশই জ্বলি ছাই হয় ৷

ইফালে আহত যাত্ৰী কেইগৰাকীক বাইহাটা চাৰিআলি থানাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ 39 টা চোৰাং পশুধন

Last Updated :Apr 18, 2021, 1:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.